Monday, 14 December 2015

https://l.facebook.com/l.php?u=http%3A%2F%2Fwww.niyomiyabarta.org%2F12122015%2Fdetails.php%3Fdate%3D12122015%26page%3D5%26article%3D2.gif%26cid%3D2&h=lAQEeevna

Monday, 7 December 2015

মালা


মালাৰ কথা মনলৈ আহিলেই প্রথমে মনত পৰে তাইৰ হাঁহিটোলৈ ৷ কেঁকোৰা চুলিখিনি আৰু গাৰ ছালখনৰ কৃষ্ণবৰ্ণৰ সম্পূৰ্ণ ওলোটা তাইৰ বগা চকচকীয়া ডালিম গুটিয়া দাঁতেৰে মনৰ ভিতৰৰ পৰা মৰা খিল-খিল হাঁহিটো ৷ পৃথিৱীৰ সমস্ত দুখ-কষ্টক উফৰাই পেলাব পৰা শক্তি আছিল যেন তাত ৷ ভাবিছিলো এই শক্তি তাই ক’ৰ পৰা পাইছিল? হয়তো জনা হোৱাৰে পৰা জীৱনৰ প্রতিটো দিনেই নিজে নিবিচৰাকৈও উপযাচি কঢ়িয়াই অনা দুখৰ অভিজ্ঞতাবোৰকে চেকি লৈ শক্তি হিচাপে জমা কৰিছিল ।

স্নানতকোত্তৰৰ দুটা বছৰ যিটো পেয়িং গেষ্টত আছিলো, মালা তালৈকে আহিছিল আণ্টি, মানে গৰাকীক পাকঘৰত লাচনি-পাচনি কৰি দিবলৈ কোনোবা এটা মাহত ৷ ঘৰ যে ক’ত আছিল ভালকৈ সোধা নহ’ল ৷ কেৱল কোৱা মনত পৰে কেইবছৰমান আগতে বড়ো উগ্ৰবাদীৰ অত্যাচাৰত নিজৰ ঘৰ এৰি পলোৱাৰ কথা ৷ খুউব সম্ভৱ ওডালগুৰি বা বাক্সাৰ কোনোবা এখিনি ঠাইৰ হ’ব ৷
পাকঘৰত সহায় কৰিবলৈ আহিছিল যদিও মালাক চতুৰ (আৰু সময়ত ভাবিব নোৱাৰাকৈ নিষ্ঠুৰো ) আণ্টিয়ে আন সকলো কামতে লগাইছিল । চাৰিমান বজাতে উঠি কাম আৰম্ভ কৰা মালাই আমাক ৮.৩০ মান বজাত গৰম গৰম পুৱাৰ আহাৰ যতনাই দিলেও নিজে কিন্তু দুখন বিস্কুট আৰু একাপ ৰঙা চাহেৰেই তিনি মান বজালৈকে থাকিব লাগিছিল ৷ আণ্টিৰ গালি আৰু মাৰ-পিটৰ মাজেৰে বাচন ধোৱা, কাপোৰ ধোৱা (কি কাৰণেযে তাই থকা মাহকেইটাত সপ্তাহৰ অন্তৰে অন্তৰে আণ্টিয়ে সমস্ত পৰিয়ালটোৰ প্রকাণ্ড কম্বলবোৰ তাইৰ হতোৱাই হাতেৰে ধুৱাইছিল বুজি নাপাও ), প্রকাণ্ড ঘৰটো প্রতিদিন সৰা-মচা, পাকঘৰত সহায় কৰা কামবোৰৰপৰা মালাই আহৰি পাইছিল ৰাতি ১১.৩০ মানত ৷ ৰাতি শুইছিল ঠাণ্ডা দিনতো পাতল কাপোৰ এখন পাৰি মাৰ্বলৰ মজিয়াত ৷
সেই অপাৰ কষ্ট আৰু ব্যস্ততাৰ মাজতো অকণমান সময় পালেই আণ্টিৰ কাঢ়া চকুৰ পৰা আতৰি তাই আমাৰ সৈতে কথা পাতিছিল ৷ কৈছিল তাই মাক-দেউতাকক প্রাণভৰি ভালপোৱাৰ কথা, তাইৰ প্রেমিকজন (নামটো পাহৰিছো) ৰ কথা, যাৰ লগত তাই পুজা চাবলৈ যায়, ঝুমুৰ নাচে, গায় ৷ তাই যেতিয়া ঝুমুৰ গীতবোৰ আত্মহাৰা হৈ গাইছিল সঁচাকে বুজি উঠিছিলো গান গাব পৰাটো জন্মগত প্রতিভা ৷ খহটা অথচ মিঠাসুৰীয়া তাইৰ কণ্ঠ সঁচাকৈয়ে ঝুমুৰ গীতৰ বাবেই ৷ ক’লেই তাইৰ কিযে লাজ লাজ ভৰা অথচ খোলা হাঁহি ! মাজে মাজে আমাৰ পৰা কাগজ কলম লৈ স্কুলত শিকি অহা নামটো পাহৰি নাযাবলৈ লিখি থাকিছিল ।
পঢ়া-শুনাৰ প্রতি মালাৰ আগ্রহ আছিল ৷ তাইৰ ভনীয়েক জোণালীৰ আৰু বেছি আছিল ৷ মালা অহাৰ এমাহমানৰ পাছত তাইৰ ভনীয়েককো মাকে আণ্টিৰ হাতত গতাই থৈ গৈছিল । ন-দহবছৰীয়া জোণালীয়ে তাইতকৈ কেইবছৰমান ডাঙৰ বায়েকে কটোৱাৰ দৰেই এটা জীৱনৰ বাবে নিশ্চয় সাজু নাছিল ৷ চতুৰ্থ শ্রেণীৰ আটাইবোৰ কিতাপ বেগত লৈ আনিছিল তাই, গুৱাহাটিত ভালদৰে পঢ়িবলৈ পাব বুলি ৷ পিছত যেতিয়া গম পালে আণ্টিৰ ভায়েকৰ ঘৰত বায়েকৰ দৰেই কাম কৰিবগৈ লাগিব বুলি, মালাৰ লগত থকা দুটা দিন তাই বুকুত কিতাপখিনি লৈ চকুপানী উলিয়াই কান্দিয়েই থাকিলে ৷ ইমান দিনে গল্প-উপন্যাসত পঢ়িবলৈ পোৱা কামকৰা ল’ৰা-ছোৱালীয়ে পঢ়িবলৈ ইচ্ছা কৰা, দুখ কৰা কাহিনীবোৰ লেখকসকলৰ কৃত্ৰিম বা অতিৰঞ্জিত কল্পনা বুলিয়ে ভাবিছিলো ৷ কিন্তু নিজে তেনে এক দৃশ্য দেখিও একো কৰিব নোৱাৰাত নিজৰ হাত-ভৰি বান্ধি থোৱা যেন লাগিছিল৷
মাজতে মোৰ কোঠাটোত বাকী দুটা ছীট এমাহমান খালি থকাত আণ্টিক কৈ মেলি তাৰে এখন বিছনাত মালাৰ ৰাতি শুৱাৰ ব্যৱস্থা কৰিছিলো । ৰাতি বাৰ বজাৰ আগে আগে ভাগৰত লেবেজান মালা শুবলৈ আহে ৷ আহিয়েই টোপনি যায় ৷ শুৱাৰ এক ডেৰঘণ্টামানৰ পাছত বিছনাখনত উঠি বহি থাকে জঠৰ হৈ আৰু প্রায় এক ঘণ্টা ৷ তাৰপাছত পুনৰ শুই পৰে ৷ দুদিন মান লক্ষ্য কৰি সুধিলো কথাটো কি বুলি ৷ পিঠিৰ বিষ হেনো ৷ বিষত শুব নোৱাৰে ৷ মালিচ কৰি দিব লাগিব নেকি সোধাত ক’লে নাই নাই পুৰণা হাড়ৰ বিষ ৷ মালিচ কৰিলে ভাল নহয়। দেউতাকে মদ খাই আহি সন্ধ্যা ঘৰত সদায় মাৰ-পিট কৰেহি ৷ মাককো, ছোৱালীকেইজনীকো ৷ এবাৰ মালাৰ সাত-আঠবছৰমানতে দেউতাকে দা এখন তাইৰ পিঠিৰ মাজতে গেমেহকৈ বহুৱাই দিছিল ৷ কথমপি প্রাণ বাচিছিল তাইৰ সেইবাৰ । হস্পিতেলত পৰি আছিল বোলে এমাহমান ৷ ভালহৈ ঘৰলৈ আহোতে দেউতাকে দেখি পুনৰ মাৰ-পিট কৰাত দহদিনমানৰ বাবে আকৌ হস্পিতেল পাব লগা হৈছিল ৷
অথচ সেই দেউতাকজনক সকাহ দিবলৈকে তাই ঘৰে ঘৰে কাম কৰি ফুৰিছিল ৷ নিজৰ টকাৰে তাই কেনেকৈ ঘৰখনৰ উন্নতিৰ নামত অলপতে এটা ডেক্ কিনি দিছে(তাইৰ বাবে এইটোও উন্নতিয়ে) আৰু দিছে সৰু ভায়েকৰ বাবে ভাল কাপোৰ, বেগ আৰু জোতা-মোজা, আমাৰ আগত বেছ গৌৰৱ কৰিয়েই কৈছিল ৷
মালা বেছি কেইমাহ থকা নাছিল ৷আণ্টিৰ দিনে দিনে বাঢ়ি অহা শাৰীৰিক-মানসিক অত্যাচাৰৰ বাবেই তাইৰ মুখখন কঠোৰ হৈ এদিন কাম এৰি ঘৰলৈ যাবলৈ সিদ্ধান্ত ল’লে ৷ নাথাকিলে পাবলগা টকা পূৰাকৈ নিদিয়াৰ আগে-পাছে আণ্টিয়ে দি থকা ভাবুকিবোৰ আওকাণ কৰি জোণালীৰ হাতত ধৰি এদিন মালা যাবলৈ ওলাল। যোৱাৰ সময়ত মাত দিবলৈ আহি তাই মোক টুপুককৈ সেৱা এটা কৰিলে ৷ কেনেকোৱা যে লাগিছিল ৷ মোক তেতিয়ালৈকে কোনেও ভৰিত ধৰি পোৱা নাছিল ৷ যোৱাৰ সময়ত নগদ টকা নলয় তাই ৷ প্রচণ্ড আত্মাভিমানী ৷ কিন্তু মইতো তাইক এযোৰ নতুন কাপোৰ দিব পাৰিলোহেঁতেন অথবা জোণালীক ! ভাবিবলৈ সময়ে নাপালো ৷
থকা মাহকেইটাত মোক বহু ভাল লগা মুহূ্ৰত দি থৈ যোৱা মালাক মই তাই যাবৰ পৰত শুভেচ্ছাৰ বাদে একো দিব নোৱাৰিলো ৷ থকা সময়খিনিতো সুবিধাবাদৰ নামত তাইৰ হৈ আণ্টিক টানকৈ এষাৰ কথা ক’ব নোৱাৰিলো ৷ মনত পৰিলেই খুব বেয়া লাগে ।
যাওতে ঘৰ পাই মোক ফোন কৰিব বুলি তাই কৈ থৈ গ’ল ৷কেইমাহমানৰ পাছত এপ্রিল মাহত এদিন তাই ফোন কৰিলেও ৷ মহা উৎসাহেৰে তাই জনালে তাইকে ধৰি লগৰ আৰু কেইজনীমান ছোৱালী লগহৈ পিছদিনা দিল্লীলৈ কাম কৰিবলৈ যোৱাৰ কথা ৷ কাম? কি কাম? কাৰ লগত যাব? নাৰী ব্যৱসায়ী চক্রবোৰৰ কথা মনত পৰিয়েই ভালকৈ সুধিছিলো ৷ তাইৰ পিছে হাতত সময় আৰু ধৈৰ্য কম আছিল ৷ যাব আৰু চিনাকী দাদা এজনৰ লগত আৰু দিল্লী গৈ পায়ে মোক ফোন কৰিব বুলি কৈ পিচিঅ’ৰ পৰা কৰা ফোনটো কাটি দিলে ৷ তাৰ ঠিক দুদিনৰ পিছত মালাৰ ফোন ৷ উধাতু খাই ধৰিলোগৈ ৷ একেবাৰে জহি-খহি যোৱা মালাৰ মাত । তাই ক’ত আছে, কেনে আছে সুধোতে ক’লে, “বাইদেউ, তাত বৰ কষ্ট ৷ ঘৰলৈ ঘূৰি আহিলো” ৷ মাত্র এদিন আগতে দিল্লীলৈ বুলি যাত্রা কৰি, গৈ পাই, কষ্ট দেখি ঘূৰি আহি ২৪ ঘন্টাৰ ভিতৰতে কেনেকৈনো ঘৰ পালেহি ওপৰা-ওপৰিকৈ সুধোতে তাই মাথো, “বাইদেউ, পিছত কথা পাতিম ৷ এতিয়া মোৰ গোটেই গাতে বিষ” বুলি কৈ ফোন থৈ দিলে ৷
নাজানো, মালা এতিয়া ক’ত আছে, কেনেকৈ আছে ৷ ফোন কৰিম বুলি ক’লে দেৰিকৈ হ'লেও কোনোবা এদিন কৰা ছোৱালীজনীৰ ফোন এটাৰ বাবে তাত থকা আৰু এটা বছৰ বাট চালো ৷ কিন্তু তাই আৰু দুনাই ফোন নকৰিলে ৷ আণ্টিহঁতেও নাজানিছিল মালাৰ ঘৰ ক’ত ৷ মোৰোযে এই কথাটোকে সোধা নহ’ল ৷ সাত বছৰ হ’বৰ হ’ল ৷ এতিয়াও ভাবো, আশা কৰো তাই যেন ঘৰতে কুশলে আছে ৷ কিন্তু এই কেইদিনৰ ঘটনাবোৰে আকৌ মনটো অশান্ত কৰি ৰাখিছে ৷ মালা, জোণালীহঁত আছেনে নিৰাপদে? নে সিহঁতে এতিয়াও প্রাণ বচাবৰ বাবে সহিছে কষ্ট ? যোৱা তিনিদিন টেলিভিছনৰ বাতৰি বন্ধ কৰি থৈছো ৷ নিহত-আহতৰ মাজত মালাহঁতৰ বা সিহঁতৰ দৰে আন কাৰোৰে মুখ দেখা পাবলৈ মন আৰু নাই ৷

মৰণোত্তৰ দেহদানৰ বিষয়ে


বৰ্তমান সময়ত চিকিৎসাশাস্ত্ৰৰ এক উল্লেখযোগ্য অৱদান হৈছে অংগ সংস্থাপন ৷ চকুৰ কৰ্ণিয়া, কিডনি, লিভাৰ, হাড়, চাল আদি মানৱদেহৰ বিভিন্ন অংগৰ পুনঃ সংস্থাপন সম্ভৱ হোৱাৰ ফলত দৈনিক কিমান যে মুমূৰ্ষু ৰোগীয়ে নিজৰ জীৱন ঘূৰাই পাইছে! পিছে এয়া সম্ভৱ হৈছে কেৱল কোনো জীৱিত ব্যক্তিয়ে স্ব-ইচ্ছাইৰে কৰা অংগদান বা মৰণোত্তৰভাৱে যদি কাৰোবাৰ পৰা সংগ্ৰহ কৰা হৈছে তাৰ দ্বাৰা ৷ জীৱিত ব্যক্তিতকৈ যদি সম্ভৱ হয় মৃত ব্যক্তিৰ পৰা অংগ সংগ্রহ কৰাটো বেছি নিৰাপদ ৷ সেয়াও সম্ভৱ হয় যদি মৃত ব্যক্তিজনে মৃত্যুৰ আগতে ইচ্ছাপত্রত দেহদান কৰি থৈ যায় (তাতো আত্মীয়ই পুনঃ সিদ্ধান্ত ল’ব পাৰে ) বা আত্মীয়ই যদি মৃত্যুৰ পাছত দেহদানত সন্মতি দিয়ে ।
বৰ্তমান অংগ সংস্থাপনৰ সুবিধা, প্রয়োজন আৰু গুৰুত্ব থাকিলেও পৃথিৱীত দিনৌ বহু মানুহে মৃত্যু কিম্বা অন্ধতাক আকোঁৱালি ল’ব লগা হৈছে ৷ ইয়াৰ কাৰণ জীৱিত ব্যক্তিৰপৰা অংগ সংগ্রহত দেখা দিয়া জটিলতা বা বিপদ আৰু ব্যয়বহুলতা আৰু একেবাৰে নিৰাপদ আৰু কম খৰচী উপায় মৃত ব্যক্তিৰ অংগ সংগ্রহৰ বাবে ইচ্ছুক ব্যক্তিৰ অভাৱ ৷
মৃত্যুৰ পিছত, উপযুক্ত প্ৰযুক্তিবিদ্যা থাকিলে এটি মানৱ দেহৰ সংগৃহীত অংগৰ পৰা কেইবাজনো ব্যক্তিৰ প্রাণৰক্ষা সম্ভৱ হয়৷ গতিকে বৰ্তমান সময়ত মৰণোত্বৰ দেহদানৰ গুৰুত্ব আৰু প্ৰসাৰ বাঢ়ি অহা পৰিলক্ষিত হৈছে । বিশ্বৰ ভিন-ভিন প্ৰান্তত চৰকাৰী-বেচৰকাৰী বিভিন্ন পদক্ষেপ লোৱা হৈছে ৷ বৰ্তমান ভাৰততো মৰণোত্তৰ দেহদান বৈধ আৰু চৰকাৰী-বেচৰকাৰী চিকিৎসালয়সমূহত (সকলোতে হোৱাগৈ নাই) এনে দেহ গ্ৰহণৰ ব্যৱস্থা হৈছে ৷
যেনে গুৱাহাটী মেডিকেল কলেজ আৰু হস্পিতেলত এনে ব্যৱস্থা আছে ৷ ইলোৰা বিজ্ঞান মঞ্চ (Ellora Vigyan Mancha)ৰ দৰে স্বেচ্ছাসেৱী সংস্থাই জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ কাম কৰি আহিছে । অসমত ইতিমধ্যেই বহুজনে দেহদানৰ ইচ্ছাপত্ৰত চহী কৰিছে । উপৰত উল্লেখ কৰা হৈছে যে স্বেচ্ছাই মৰণোত্বৰ দেহদানৰ সংখ্যা অতি কম হোৱা বাবে চাহিদা অনুসৰি অংগ সংস্থাপন কৰিব পৰা নহয় ৷
ইয়াৰ কাৰণ বহুতো ৷ যেনে প্রচাৰৰ অভাৱ, বিজ্ঞান মনষ্কতাৰ অভাৱ, ধৰ্মীয় কাৰণ আৰু সকলোতকৈ ডাঙৰ কাৰণ নিজৰ হ’বলগীয়া মৃতদেহটোৰ প্রতি অহেতুক মোহ তথা ভীতিগ্রস্থতা ৷ প্রথম দুইবিধৰ ক্ষেত্রত চৰকাৰী-বেচৰকাৰী স্বেচ্ছাসেৱী সংস্থাসমূহৰ কৰণীয় বহু আছে ৷ আৰু পৃথিৱীত হয়তো এনে কোনো ধৰ্ম নাই যি মানৱ সেৱাৰ বাবে নিজৰ স্বাৰ্থ ত্যাগ কৰিবলৈ কোৱা নাই ৷
প্রকৃততে দেহদান জীৱনক ভালপোৱা সকলোৱে কৰিব পাৰে ৷ পুৰুষ-মহিলা, ডেকা-বৃদ্ধ, ৰোগী-নিৰোগী, ধাৰ্মিক-অধাৰ্মিক, ঈশ্বৰ বিশ্বাসী-নাস্তিক, সোঁ-পন্থী-বাঁও-পন্থী সকলোৱে ৷ বহুতে ভাবে এইটো এটা বিৰাট ডাঙৰ সাহসৰ কাম, বিৰাট কঠিন আৰু মহান কাম ৷ মুঠৰ ওপৰত মহানৰ শাৰীত নপৰিলেও ই এটা সহজ ভাল কাম ৷ নিজৰ এৰিবলগীয়া প্ৰাণহীন দেহটো কাৰোবাৰ জীৱন দানৰ বাবে আগবঢ়াই দিয়াটোত খুব বেছি সাহসৰ প্ৰয়োজন ভাবিব গ’লে নাই ৷ মৃত্যুৰ পৰৱৰ্তী কাজ-কৰ্মৰ নামত আত্মীয়ৰ হাৰাশাস্তিতকৈ এয়াই ভাল ৷ আপুনি যদি স্বৰ্গ-নৰক বিশ্বাসো কৰে তেন্তে ভাল কাম এটাৰ বাবে পুৰষ্কৃতহে হ’ব চাগৈ ৷ ব্যক্তিগতভাৱে ভাবো, ই মানৱ দেহৰ চোৰাং ব্যৱসায় হ্ৰাসত অলপ হলেও অৰিহণা আগবঢ়াব পাৰিব ।

Saturday, 28 November 2015

ALL ABOUT BODY



I went through a piece of writing where the author is describing different social experiences of being a skinny woman. Of course, these are ugly. For me, though things are not getting that worse, but I too encounter with some unnecessary blames (that in the name of maintaining a slim body, I do not eat properly), or worries about my health. But this is not very difficult to find out that my sexual appeal is the only thing cooking in the 90% of them or jealousy of my female friends.
But hei world, my body is nothing to do with my fitness. And I am as happy with it as I was when I used to have weight. If I found myself cuter in those days, now I feel lighter and more energetic.

Please stop judging a woman's health or sex appeal from her outer appearance. She has not come to this world just to satisfy your eyes. And everybody can not own a typical Durga, Laxmi, Saraswati like body who are plumpy but proportionate.
 
We live in a country, where if you exceed in weight, people will start to call you 'Hidimba' , or 'hippo' and if you maintain lower of that standard, you are ultra-modern chick or you lack sex appeal blah blah blah....
 So, we often get to see girls stop eating and falling down or some others who take artificial medicines just to look plumpy and get married ( have seen in a recent commercial).
Will a time come when women shall not be judged only on her appearance? Will a time come when we will learn to ignore those taboos and be comfortable with our own bodies?














Friday, 20 November 2015

অৰাজনৈতিক বুদ্ধিজীৱীসকল




মূল স্পেনিছ: অট্ট' ৰেনে কেষ্টিলো
(ইংৰাজীৰপৰা ভাৱানুবাদ)


এদিন
মোৰ দেশৰ
অৰাজনৈতিক বুদ্ধিজীৱীসকলক
জেৰা কৰিব
আমাৰ আটাইতকৈ হোজা মানুহখিনিয়ে
তেওঁলোকক সোধা হ'ব,
তেওঁলোকে কি কৰিছিলে
যেতিয়া তেওঁলোকৰ দেশখন
লাহে লাহে মৰি আহিছিল
একুৰা মিঠা জুইৰ দৰে
সৰু আৰু অকলশৰে।
কোনেও তেওঁলোকক নুসুধিব
তেওঁলোকৰ পোছাকৰ বিষয়ে,
তেওঁলোকৰ দুপৰীয়াৰ
দীঘলীয়া ভাত ঘুমটিবোৰৰ বিষয়ে,
কোনেও জানিব নিবিচাৰিব
তেওঁলোকৰ সেই তুচ্ছতাৰ বন্ধ্যা সংগ্ৰাম
কোনো ব্যতিব্যস্ত নহ'ব
তেওঁলোকৰ উচ্চ বিত্তীয় জ্ঞানক লৈ
গ্ৰীক ৰুপকথাকলৈ
তেওঁলোকক প্ৰশ্ন সোধা নহ'ব
অথবা তেওঁলোকৰ আত্ম-গ্লানিক লৈও
যেতিয়া তেওঁলোকৰ নিজৰ ভিতৰতে
কোনোবা এজন
ভয়াতুৰৰ দৰে মৰিবলৈ ধৰে
তেওঁলোকক একো সোধা নহ'ব
গোকোট মিছাৰ ছাঁয়াত জন্ম পোৱা
তেওঁলোকৰ অযুক্তিকৰ ওকালতি
সেইদিনা
হোজা মানুহবোৰ আহিব
যাৰ কোনো ঠাই নাছিল
সেই অৰাজনৈতিক বুদ্ধিজীৱীসকলৰ
কিতাপ আৰু কবিতাত
কিন্তু যি দৈনিক যোগান ধৰিছিল
তেওঁলোকৰ শাক-পাত-চাউল
মাছ আৰু পাচলি।
সেইসকল যিসকলে তেওঁলোকৰ গাড়ী চলাইছিল,
যিসকলে তেওঁলোকৰ
কুকুৰ আৰু ঘৰ-বাৰীবোৰ চাইছিল
আৰু তেওঁলোকৰ বাবে দেহা পানী কৰিছিল
আৰু তেওঁলোকে সুধিব:
"তোমালোকে কি কৰিছিলা
যেতিয়া দুখীয়াসকলে কষ্ট পাইছিল
যেতিয়া জ্বলি ছাই হৈ গৈছিল তেঁওলোকৰ জীৱন আৰু সমস্ত কোমলতা?"
মোৰ মৰমী দেশখনৰ
অৰাজনৈতিক বুদ্ধিজীৱীসকল,
তোমালোকে উত্তৰ দিব নোৱাৰিবা
শগুণ সদৃশ এক নীৰৱতাই
ফালি-চিৰি খাব তোমালোকৰ সাহসক।
তোমালোকৰ নিজৰ দুৰ্গতিয়ে
আত্মাক আৱৰি পেলাব৷
আৰু তোমালোক
লাজত মুক হৈ ৰ'বা।


(ক'বলগীয়াঃ দলীয় ৰাজনীতি নহয়, কিন্তু ৰাজনীতিৰ ব্যাপক পৰিসৰৰ পৰা মানুহ আঁতৰি থকাটো সম্ভৱনে? বিশেষকৈ বুদ্ধিজীৱী-লেখক-সাংবাদিকসকল? সুবিধাবাদী সময়ৰ আহ্বানৰ প্রতি সঁহাৰি জনাই নিৰপেক্ষতাৰ নামত নিৰাপদ বৌদ্ধিক কচৰৎ কৰিব বিচৰাসকললৈ  তাহানিতে কেষ্টিলোই উৎসৰ্গা কৰিছে এই কবিতাটি৷ইংৰাজীৰ ৰূপান্তৰটোও ইয়াতে দি দিছোঁ৷)




Apolitical Intellectuals


One day
the apolitical
intellectuals
of my country
will be interrogated
by the simplest
of our people.
They will be asked
what they did
when their nation died out
slowly,
like a sweet fire
small and alone.
No one will ask them
about their dress,
their long siestas
after lunch,
no one will want to know
about their sterile combats
with “the idea
of the nothing”
no one will care about
their higher financial learning.
They won’t be questioned
on Greek mythology,
or regarding their self-disgust
when someone within them
begins to die
the coward’s death.
They’ll be asked nothing
about their absurd
justifications,
born in the shadow
of the total lie.
On that day
the simple men will come.
Those who had no place
in the books and poems
of the apolitical intellectuals,
but daily delivered
their bread and milk,
their tortillas and eggs,
those who drove their cars,
who cared for their dogs and gardens
and worked for them,
and they’ll ask:
“What did you do when the poor
suffered, when tenderness
and life
burned out of them?”
Apolitical intellectuals
of my sweet country,
you will not be able to answer.
A vulture of silence
will eat your gut.
Your own misery
will pick at your soul.
And you will be mute in your shame.

Thursday, 5 November 2015

অন্ধবিশ্বাস

দিনটোত যদি কমেও পোন্ধৰজন মানুহক ওচৰৰ পৰা লগ পাও, তেন্তে অন্ততঃ সাতজন মানুহৰে হাতত কিবা নহয় কিবা ৰঙৰ কমেও এটা হ'লেও পাথ্বৰৰ আঙুঠি দেখা পামেই (আজিকালি ৰঙা ৰঙৰ আঙুঠি এটাৰ প্ৰচলন সৰ্বাধিক দেখিছো । কাৰোবাক সোধোতে সেয়া দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে পিন্ধে বুলি কৈছিল । ভাৱ হয়, অন্ততঃ অসমত অচিৰেই ৰঙা আঙুঠিৰ কৃপাত পথ দুৰ্ঘটনা প্ৰায় শূণ্যৰ ঘৰ পাবলৈ গৈ আছে । অৱশ্য দুই -এটা দুৰ্ঘটনা ঘটিব ইয়াক বিশ্বাস নকৰা মানুহবোৰৰ মাজত ) ।
ৰং-বিৰঙৰ আঙুঠি পিন্ধা মানুহ এজনৰ প্ৰতি ব্যক্তিগত বিষোদগাৰৰ ইচ্ছা নাজাগিলেও এটা কথা প্ৰায়ে মনলৈ আহে । জীৱনৰ যিকোনো সময়তে নিজস্ব স্বাৰ্থ পূৰণৰ বাবে এওঁলোকে হয়তো চৰ্ট কাট পদ্ধতি অৱলম্বন কৰিবলৈ আনতকৈ বেছিকৈ তৎপৰ হৈ থাকে । যেনে পঢ়ি থাকিলে নকল কৰা, বা কৰ্মজীৱনত ঘোচ লোৱা, দিয়া, মিছা কোৱা, তেল মৰা,লেং মৰা ইত্যাদিবোৰ । মোৰ এই ধাৰণা ভুল হ'বও পাৰে অৱশ্যে ।

ADOPTION

নেষ্টলে' ৰ সেই বিজ্ঞাপনটো মন কৰিছিলনে? এহাল দম্পতীয়ে এখন অনাথ আশ্ৰমৰ পৰা এজনী চাৰি-পাঁচবছৰীয়া ছোৱালী তুলি লয় । লগত যায় তেঁওলোকৰ প্ৰথম আৰু biological সন্তান আৰু ছোৱালীজনীতকৈ অলপ বয়সত ডাঙৰ ল'ৰাটি । প্ৰথম দিনাৰ পৰাই অসুৰক্ষিত আৰু ঈৰ্ষাৰ অনুভৱেৰে জৰ্জৰিত ল'ৰাটোৰ নতুন ভনীয়েকজনীৰ প্ৰতি মৰম আৰু বুজাবুজি গঢ়ি উঠে খোৱা বস্তু ভগাই খোৱাৰ যোগেদি । এমেনচিবোৰে মানুহৰ অন্তৰৰ কোমলতম অংশ স্পৰ্শ কৰি যোৱাকৈ প্ৰস্তুত কৰা বিজ্ঞাপনবোৰৰ ভিতৰত ইও এটা । দুটা কথা মন কৰিছিলো । এটা হৈছে মংগোলিয়ান মুখাবয়ৱৰ মানুহক ভাৰতীয় দৰ্শকৰ বাবে উলিয়াই অনা ( তুলি লোৱা কন্যা শিশুটি মংগোলিয়ান মূলৰ আছিল) আৰু আনটো সুন্দৰ প্ৰচেচ্টা আছিল সন্তান তোলি লোৱা কথাটোক এক স্বাভাৱিক ঘটনা হিচাপে দেখুওৱা । দম্পতিহালৰ এটা সন্তান থকাৰ পাছতো আন এটি সন্তান বাছি লৈছে অনাথ আশ্ৰমৰ পৰা ।
সাধাৰণতে সৰহভাগ মানুহৰে এইটো ধাৰণা যে সন্তান তোলি লোৱাটো স্বাভাৱিক দম্পতীৰ বাবে নহয় । যিসকলে স্বাভাৱিকভাৱে সন্তান জন্ম দিবলৈ অক্ষম তেঁওলোকেহে adoption ৰ কথা চিন্তা কৰে । তাকো বহুত চিকিৎসা কৰি সুফল নোপোৱাৰ পাছত বহুত দুখমনেৰে । কিন্তু সন্তান তোলি লোৱাৰ এই কামটো বাৰু সঁচাই এনে এক বেদনাদায়ক আৰু অসহায় অৱস্থাৰহে পৰৱৰ্তী পৰ্যায় নেকি?বা হোৱা উচিতনে? ভাবি চাওকচোন এটি শিশু যাক ভোক লাগিলে খুৱাবলৈ , কান্দিলে মৰম কৰিবলৈ, সকলোবোৰ বিপদ -আপদৰপৰা বচাই আৱৰি ৰাখিবলৈ কাষত মাকো নাই, দেউতাকো । সেই শিশুটোক মাক-দেউতাকৰ মৰমেৰে আৱৰি ওৰে জীৱনৰ বাবে আস্থা দিবলৈ আগবাঢ়িবলৈ নিজৰ শাৰীৰিক অক্ষমতাই একমাত্ৰ কাৰণ হোৱা উচিতনে?
নিশ্চয় হোৱা উচিত নহয় । বৰ্তমান unconventional এডপ্টচনৰ সংখ্যা বাঢ়িব ধৰিছে য'ত শাৰীৰিকভাৱে সক্ষম দম্পতীয়েও সন্তান এডপ্ট কৰিছে কেতিয়াবা নিজৰ সন্তান থকাৰ পাছতো । আকৌ অকলশৰীয়াকৈও কোনো কোনোৱে সন্তান তোলি লৈছে । পৃথিৱীৰ আন ঠাইৰ লগতে ভাৰততো এই ধাৰা আৰম্ভ হৈছে । আমি নিশ্চয় এঞ্জেলিনা জ'লী, সুস্মিতা সেন, ৰবীনা টেন্ডনৰ কথা জানো । প্ৰসংগক্ৰমে অৰ্পিতা খানৰ কথাও উল্লেখ কৰিব পাৰি । হয় চলমান খানৰ ভনীয়েক অৰ্পিতা । যাক নিজৰ সুস্থ কেইবাটাও সন্তান থকাৰ পাছতো চলমানৰ পিতৃ চেলিম খানে ডাষ্টবিনৰ পৰা তুলি আনিছিল । প্ৰথম তিনিওগৰাকীয়ে নিজৰ বিবাহৰ আগতেই সন্তান তোলি লৈছিল । এঞ্জেলিনা, ৰবীনাৰ পিছত নিজৰ সন্তানো হ'ল । Single পিতৃ হিচাপে ভাৰতত প্ৰথম নিজৰ বিবাহৰ আগত এটি শিশু তোলি লৈছিল সন্দিপ সোপাৰকাৰে ।
অসমতো এনে single পিতৃ-মাতৃ আছে যদি নাজানো যদিও যোৱা কেইবছৰমানৰ চৰকাৰী হিচাপমতে এডপ্টচনৰ সংখ্যা বাঢ়িছে । বিশেষকৈ পুত্ৰতকৈ কন্যা শিশুৰ এডপ্টচনৰ সংখ্যা অসমত বেছি ।
সন্তান এটি তোলি ল'লে তাত নিজৰ জৈৱিক সন্তানৰ দৰে থাকিবলগা মৰম নাথাকিব বুলি ভৱাটো উচিত জানো । ভাৱকচোন কৃষ্ণ আৰু যশোদাৰ মাজৰ সম্পৰ্কটো । জৈৱিক পিতৃ-মাতৃ দৈৱকী-বাসুদেৱতকৈ যশোদা-নন্দহে দেখোন কৃষ্ণৰ বেছি ওচৰ চপা আছিল ।
তথাপিও মানুহৰ প্ৰশ্ন থাকিবই । সন্তান তোলি লোৱা দম্পতী (single হ'লেটো কথাই নাই) য়ে কথা শুনিব লগা হয়েই ক'ৰবাত নহয় ক'ৰবাত কাৰোবাৰ পৰা । অথচ এই সকলোবোৰ আওকাণ কৰিও যিসকলে কোনো ভেদ নাৰাখি কেৱল শিশুৰ প্ৰতি থকা অপাৰ মৰমৰ বাবেই কোনো অসহায় , অনাথ শিশুক আকোঁৱালি লয় নিজৰ জীৱনত, তেঁওলোক সঁচা প্ৰশংসাৰ পাত্ৰ । বহুত কথা-কামেৰে যোগাত্মক পৰিৱৰ্তন আনিব পাৰি । এনেধৰণৰ এটা পদক্ষেপ (শাৰিৰীক সক্ষমতা নিৰ্বিশেষে) ল'ব পৰা নাযায়নে?

মাত্ৰুভূমি: নাৰীবিহীন এটা জাতি




দুহেজাৰ তিনি চনৰে এই হিন্দী বোলছবিখন । বিষয়-বস্তু আছিল স্ত্ৰীভ্ৰূণ হত্যাৰ পৰা হ'বপৰা প্ৰভাৱ । এক ধৰণৰ কাল্পনিক ভৱিষ্যতৰ চিত্ৰায়ণেৰে স্ত্ৰীভ্ৰূণ হত্যাৰ ভয়াবহতাৰ কথা দেখুওৱা হৈছে ।
ছবিৰ কাহিনী আৰম্ভ হৈছে বৰ্তমান সময়ৰ বিহাৰৰ এটা পৰিয়ালত সন্তান জন্ম হোৱাৰ সময়খিনিৰে । আটায়ে উৎকন্ঠাৰে বাট চাই থকা সন্তানটি কন্যা সন্তান বুলি গম পোৱাৰ লগে লগেই সকলোৰে উৎসাহ মাটি হৈ গ'ল ।মাকৰ প্ৰসৱ বেদনাক ভেঙুচালি কৰি সদ্যভূমিষ্ঠ সন্তানটিক নিজ দেউতাকেই গাখীৰত ডুবাই পৃথিৱীৰ পৰা বিদায় দিলে । বাতৰিত পঢ়িবলৈ পাই থকা এনে খবৰ সঁচাকৈ কিমান ভয়ানক হ'ব পাৰে সেয়া দৃশ্যকেইটাৰে অনুমান কৰিব পাৰি । সেয়া আৰম্ভণি । তাৰ পাছত বছৰৰ পাছত বছৰ কন্যাসন্তানৰ বধ্যভূমিত পৰিণত হোৱা সেই গাঁওখনৰ আৰু ওচৰ-পাজৰৰ গাঁওবোৰলৈ কেমেৰা ঘূৰি আহে দুহেজাৰ পঞ্চাছ চনত । ইতিমধ্যেই গাঁওবোৰৰ পৰা সম্পূৰ্ণৰূপে মহিলা নোহোৱা হৈছে । কন্যা সন্তানৰ লগতে বয়সীয়াল মহিলাসকলো কিয় নোহোৱা হ'ল তাৰ একো কাৰণ নেদেখুৱালেও ল'ৰা সন্তানৰ আশাত অধিক সন্তান জন্ম দি পুষ্টিহীনতাত ভুগি মৃত্যু হোৱা বুলি ধৰি লবও পাৰি । সম্পূৰ্ণ পুৰুষেৰে পূৰ্ণ গাওঁবোৰত এতিয়া যুৱ প্ৰজন্ম প্ৰাকৃতিক দাবী মতেই নাৰী সান্নিধ্যৰ বাবে আকুল । হয়তো নাৰীৰ অস্বাভাৱিক শূণ্যতাই কিছু কিছুৰ মাজত অস্বাভাৱিক যৌন লালসাৰ জন্ম দিয়ে আৰু ঘটে আনকি পশুগমনৰ দৰে ঘটনাও । বিয়াৰ বাবে উপযুক্ত পাত্ৰীৰ অভাৱত বৰলা জীৱন কটোৱা কাৰোবাৰ বাবে কন্যা বিচাৰি বাপেকহঁতে লাখ টকা খৰচ কৰিবলৈও তেতিয়া কুণ্ঠাবোধ কৰা নাই । ঘটিছে নাৰী কিনা -বেচা কাৰবাৰ, টকাৰ লোভত কোনোবাই নিজৰ কিশোৰ পুতেককে ছোৱালী সজাই বিয়া দিয়াৰ চেচ্টা চলাইছে । সম্পূৰ্ণ গাঁৱৰ পৰিবেশত এই নিষ্ঠুৰ সত্যবোৰক কিছু হাস্যৰসৰ মাজেৰে বিশ্বাসযোগ্যভাৱে দেখুওৱা হৈছে ।
তাৰ পাছতকাহিনী কেন্দ্ৰীভূত হয় দেউতাক আৰু এটা বনকৰা ল'ৰাৰ সৈতে বাস কৰা পাঁচজন বৰলা ভাই-ককাইৰ ওপৰত । এই পাঁচজন ভাই-ককাইৰ বাবে অশেষ চেচ্টা কৰিও দেউতাকে বোৱাৰী যোগাৰ কৰিব পৰা নাছিল। ইফালে ডাঙৰ পুতেক কেইজনৰ পৰা তাৰ বাবেই কটু কথাৰে আক্ৰান্ত দেউতাকে এদিন হাততে সৰগ ঢুকি পালে পৰিয়ালৰ পূজাৰীয়ে আনি দিয়া ওচৰৰ গাঁও এখনৰ কল্কি নামৰ যুৱতী এগৰাকীৰ খবৰেৰে । নাৰীৰ নাটনিলৈ চাই পাঁচোজন পুত্ৰৰ বাবে বিবাহৰ প্ৰস্তাৱ টকাৰ প্ৰলোভনেৰে আগবঢ়োৱাত কল্কিৰ দেউতাক মান্তি হয় । ফলত ফুলৰ দৰে কোমল সদ্যযৌৱনপ্ৰাপ্ত ছোৱালীজনী নিজৰ ইচ্ছাৰ বিৰুদ্ধেই পাঁচলাখ টকাত বিক্ৰী হৈ পাঁচজনৰ পত্নী হয়গৈ । পিছে কল্কিৰ ভাগ্য মহাভাৰতৰ দ্ৰৌপদীতকৈ বেয়া আছিল । কাৰণ কেৱল উপভোগৰ দ্ৰব্য হিচাপে খোজ পেলোৱা ঘৰখনত তাই প্ৰথম চিকাৰ হ'ব লগা হ'ল স্বয়ং শহুৰেকৰ । মাকৰ মমতাহীন পুতেকহঁতৰো হয়তো হৃদয়বোৰ শিলতকৈও কঠোৰ হৈ পৰিছিল একমাত্ৰ সৰু ল'ৰাটোৰ বাহিৰে । শহুৰেক, চাৰিজনকৈ স্বামী নামৰ আন চাৰিজন পুৰুষৰ বিকৃত যৌন কামনাৰ বলি হোৱা কল্কিয়ে অকণমান জীয়াই থকাৰ বাট বিচাৰি পাইছিল আটাইতকৈ সৰু পতিজন আৰু বনকৰা কিশোৰটোৰ সংগত । কণিষ্ঠতম পতিয়েহে তাইৰ শৰীৰৰ ঊৰ্ধত গৈ মনটোক চুইছিল আৰু একমাত্ৰ বন্ধুৰ দৰে ব্যৱহাৰ কৰিছিল । এই সৰু পতিজনৰ প্ৰতি কল্কিৰ সহজাত মৰমেই তাৰ মৃত্যুৰ কাৰণ হৈ পৰিল । নিজৰ ঈৰ্ষাকাতৰ ককায়েকহঁতৰ হাততে তাৰ প্ৰাণ গ'ল । ফলত একমাত্ৰ আশ্ৰয়টোও তাই হেৰোৱালে । পলাই যাবলৈ চেচ্টা কৰোতে ধৰা পৰি আৰু এই ক্ষেত্ৰত সহায় কৰা দলিত সম্পদায়ৰ বনকৰা ল'ৰাটোকো মাৰি পেলোৱাৰ পাছত কল্কিয়ে গোহালিত এটা বন্দী জীৱন কটাবলগা হয় । পিছে তাতো শাৰীৰিক অত্যাচাৰ নহয় । বৰং এইবাৰ আৰু যোগ হয় বনকৰা মৃত ল'ৰাটোৰ প্ৰতিশোধ পৰায়ণ খুৰাক দুটাৰ লুকাই চুৰকৈ কৰা শোষণ । অচেতন কল্কিৰ ওপৰত শাৰীৰিক শোষণ কৰাটোকে সিহঁতে ভতিজাকৰ মৃত্যুৰ প্ৰতিশোধ লোৱা বুলি ভাবিবলৈ লয় । তাৰ পাছত গৰ্ভৱতী বুলি গম পোৱাৰ পাছত কল্কিৰ গোহালিৰ পৰা ঘৰলৈ আগমন, ঘটনাৰ পাকচক্ৰত পৰি গাঁওখনৰ আটাইবোৰ পুৰুষৰেই কল্কিৰ বাবে ইজনৰ সিজনৰ আক্ৰমণত নিহত, কল্কিৰ এজনী কন্যা সন্তানৰ জন্ম ।
ছবিৰ শেহৰছোৱা অলপ নাটকীয়ভাৱে ঘটনাবহুল যদিও যিটো মেচেজ দিব বিচৰা হৈছিল তাত পৰিচালক সফল হোৱা বুলিয়েই ক'ব লাগিব । কেৱল স্ত্ৰী ভ্ৰূণ হত্যাই নহয় বৰঞ্চ ছবিখনত অসহায় নাৰীৰ ওপৰত পুৰুষে চলোৱা শাৰীৰিক মানসিক অত্যাচাৰকো দেখুওৱা হৈছে । খুব কম পুৰুষহে দেখা গৈছে যি নাৰীৰ মনৰ ভিতৰখন চাব বিচাৰে । ছবিখনত আনকি কল্কিৰ দেউতাকেও তাইৰ কষ্টক বুজিবৰ চেচ্টা কৰা নাই । শহুৰেকে চলোৱা অত্যাচাৰৰ কথা কৈ দেউতাকক মাতি আনোতে দেউতাকে আৰু এক লাখ টকা শহুৰেকৰ হাতৰ পৰা লৈ তাইক ন্যায় পোৱা বুলি আশ্বস্ত কৰিছে । গোহালিত সঁচাকৈয়ে জন্তুৰ দৰে ব্যৱহাৰ কৰা দৃশ্যবোৰেও গা-মন জোকাৰি তোলে ।কেৱল নাৰী নথকা বাবেই পুৰুষসকল ইমান নিষ্ঠুৰ হৈ উঠে নেকি? নাৰীসকলেই বাৰু পুৰুষসকলৰ জান্তৱ মনবোৰ দমাই ৰাখে নেকি?
সি যি নহওক, শেহৰ ফালে কল্কিয়ে পুৰুষ নিঃশেষ হৈ যোৱা ঠাইখনত জন্ম পোৱা কন্যা শিশুটোক আলফুলে তুলি লোৱাৰ পৰাই অনুমান কৰিব পাৰি এক নতুন সময়ৰ আৰম্ভণিৰ । কল্কিৰ অৱতাৰ লৈ ভগৱানে দুষ্টক দমন কৰিবহি বুলি হিন্দু ধৰ্মশাস্ত্ৰত কোৱা আছে । অৱশ্যে ছবিখনত কিন্তু কল্কি চৰিত্ৰটো শক্তিশালী প্ৰতিবাদী ৰূপত প্ৰতিফলিত ন হ'ল । সময়ে সময়ে মূৰ দাঙি উঠিবৰ চেচ্টা কৰিলেও চৰিত্ৰটোক নাৰী অৱদমনৰ প্ৰতীক যেনহে দেখা গ'ল বেছিকৈ । তথাপিও এক নিষ্ঠুৰ প্ৰথাৰ ভৱিষ্যতৰ কাল্পনিক ফলাফল চিত্ৰায়িত কৰি এই প্ৰথাৰ বিৰুদ্ধ মানুহক সচেতন কৰি তোলাৰ প্ৰয়াসৰ বাবে ছবিখনৰ লগত জড়িত সকলোৱে ধন্যবাদৰ পাত্ৰ । ছবিখনৰ কাহিনীৰ লেখক তথা পৰিচালক মনীষ ঝাৰ মতে সেয়া হৈছে তেঁওৰ জীৱনৰ সৰু কালৰ বাস্তৱ অভিজ্ঞতা । অভিনয়ৰ সাৱলীলতালৈ চাই ছবিৰ সৰহসংখ্যক মূল চৰিত্ৰৰ অভিনেতাই থিয়েটাৰ শিল্পী যেনেই লাগিল । কল্কিৰ চৰিত্ৰত টিউলিপ জোশীক মাজে -মাজে জথৰ যেন লাগিলেও সেয়া চৰিত্ৰটোৱে দাবী কৰা নিষ্পাপতাও হ'ব পাৰে ।
আন প্ৰান্তত এতিয়াও চলি থকা স্ত্ৰী ভ্ৰূণ হত্যা অসম তথা উত্তৰ পূৱ ভাৰতৰ আন কেইখন ৰাজ্যৰ প্ৰচলিত প্ৰথা নহয় যদিও শেহতীয়া তথ্যমতেও ভাৰতৰ আন প্ৰান্তৰ লগতে উত্তৰ-পূৱ ভাৰততো পুৰুষৰ তুলনাত মহিলাৰ সংখ্যা কম । অৱশ্যে দেশৰ গড় অনুপাতৰ ক্ষেত্ৰত বাকী সাতখন ৰাজ্যৰ অৱস্থা উন্নত যদিও চিকিমত পুৰুষ নাৰীৰ পাৰ্থক্য চকুত লগাকৈ বেছি । এসময়ত যৌতুক প্ৰথা অসমত নাই বুলি গৌৰৱ কৰি থাকোতেই কোন পাকত ই আহি সোমাই কিমানজনী বোৱাৰীৰ প্ৰাণ ল'লেহি বা লৈ আছে হিচাপ নাই । কণ্যা ভ্ৰূণ হত্যাৰ দৰে প্ৰথাও যাতে আমাৰ ঠাইবোৰত ঘটিবলৈ নলয় তাৰ বাবে সমাজৰ মানুহ হিচাপে সকলোৱে সচেতন হৈ থকাৰ প্ৰয়োজন আছে ।

'টোকোৰা বাহৰ সোণৰ বেজী'

অৰূপা পটংগীয়া কলিতাৰ 'টোকোৰা বাহৰ সোণৰ বেজী' নামৰ উপন্যাসখনিৰ ওপৰত দুটা শাৰী লিখো বুলি লৈছো। পোনতেই কও, ইয়াত একো গ্ৰন্থ সমালোচনা ধৰণৰ গধুৰ কথা নাই। উপন্যাসখন পঢ়ি তপতে তপতে মনলৈ অহা ভাৱখিনি চমুৱাই লিখিম মাথো।
সঁচা কথা ক'বলৈ গ'লে, বেছ কিছুদিনৰপৰা কাল্পনিক কাহিনী নপঢ়াৰ এটা বদ অভ্যাস গঢ় লৈ উঠিছে। যাৰ ফলত, তিনিমাহৰ আগতেই পঢ়িবলৈ আৰম্ভ কৰা কিতাপখনৰ প্ৰথমটো খন্ডৰ আধাতকৈ বেছিখিনিলৈ মন বহোৱাবই পৰা নাছিলো। বহুদিন তেনেকৈ থকাৰ পাছত যোৱা তিনি চাৰিদিন মানত পঢ়িবলৈ আৰম্ভ কৰি সমান্তৰাল আন পঢ়া বাদ দি আজি শেষ কৰিলো।
মূলতঃ তিনিটা প্ৰজন্মক লৈ বা তাৰ মাজতে জান-নেজানকৈ আৰু দুটা প্ৰজন্মক অগা-পিছাকৈ সামৰি মংগলদৈৰ দাঁতি কাষৰীয়া অঞ্চল এটাৰ কাল্পনিক কাহিনী সেয়া। বৃটিছৰ অনুগত পুৰুষানুক্ৰমিক মৌজাদাৰ বনমালী চৌধুৰী আৰু তেওঁৰ হাউলীটোৰ বিভিন্ন চৰিত্ৰক কেন্দ্ৰ কৰিয়েই কাহিনীভাগ আগবাঢ়ে। কিছুমান ঠাইৰ নাম, চৰিত্ৰসমূহ কাল্পনিক হ'লেও উপন্যাসৰ কাহিনীয়ে অসমৰ যোৱা প্ৰায় এটা শতিকাৰ বুৰঞ্জীক আলম লৈ আগবাঢ়ি থমকি ৰৈছে। ভিন্ন চৰিত্ৰ, কাহিনী, ৰূপকথা, গীত আদিৰ মাজেৰে কোৱা হৈছে এজাক মানুহৰ আশা-নিৰাশা, সুখ-দুখ, সপোন, ভয়, জীৱন সংগ্ৰামৰ গাঁথা।
প্ৰায় এশ বছৰৰ আগৰ ভূটান পাহাৰৰ নামনিৰ অসমৰ সীমামূৰীয়া ঠাইবোৰত মানুহতকৈ গছ-গছনি, জীৱ-জন্তু, জান-জুৰি,নদী আদি বেছি আছিল। গতিকে কাহিনীৰ আৰম্ভণিতে মানুহৰ লগতে এই প্ৰকৃতিৰ অংশবোৰেও একো একোটা চৰিত্ৰ হৈ ধৰা দিয়ে। পিছে সময়ৰ লগে লগে প্ৰকৃতিৰ ঠাইত মানুহৰ সংখ্যা আৰু হিংসা-অসূয়া বাঢ়ি যোৱাৰ দৰেই কাহিনীৰ শেহৰ ফালে প্ৰকৃতিতকৈ মানুহৰ চৰিত্ৰবোৰেহে বেছি গুৰুত্ব লাভ কৰিছে। পূৰ্বৰ নিজম বা সৰৱ হাবি, জীৱ-জন্তবোৰৰ ঠাইত শেহলৈ মানুহৰ আৰ্তনাদ, বন্দুকৰ গুলীৰ শব্দহে বেছিকৈ শুনিবলৈ পোৱা গ'ল। সেয়া যেন মৌসৰা মৌজাৰ নহয়, সমগ্ৰ অসমৰে সামগ্ৰিক আৰ্থ-সামাজিক,ৰাজনৈতিক পৰিৱৰ্তনৰ ইতিহাসৰ প্ৰতিফলন।
অৱধাৰিতভাৱেই সেয়ে আহিছে বৃটিছ চাহাব, মিছনেৰী, ৰায়তৰ দুৰ্ভোগ, পথৰুঘাটৰ ৰণ, স্বাধীনতা আন্দোলন, গান্ধী, বিভাজন, স্বাধীনতা, ভাষা আন্দোলন, চীনা আক্ৰমণ, অসম আন্দোলন, আলফা, বি এলটি, এনডিএফবি আদি ভিন্ন ঘটনা- পৰিঘটনাৰ উল্লেখ। তাৰ মাজে- মাজে মানুহবোৰৰ নিজা নিজা সুকীয়া অভিজ্ঞতা। অৱশ্যে অসমৰ শেহতীয়া প্ৰায় এশবছৰমানৰ মূল পৰিঘটনাসমূহৰ উল্লেখ থাকিলেও ইয়াক বুৰঞ্জীমূলক উপন্যাস বুলিব নোৱাৰি। ঐতিহাসিক সত্যবোৰ ইয়াত কাহিনীৰ প্ৰয়োজনত আহি পৰিছে যদিও ঘটনাবোৰ সমগ্ৰ ভাৰত কিম্বা অসমৰ প্ৰেক্ষাপটত বহলাই আলোচনা কৰা হোৱা নাই।
উপন্যাসখনৰ প্ৰায় আধাতকৈও বেছি সময়জুৰি কোনো নিৰ্দিষ্ট কেন্দ্ৰীয় চৰিত্ৰ নাই। দুই-এটা চৰিত্ৰৰ দুই-তিনিটা খন্ডলৈকে নিজৰ কথাবোৰ কোৱাই লেখিকাই বাকীবোৰৰ মাজত হেৰাই যাবলৈ এৰি দিয়ে। এনেকোৱা লাগে যেন, লেখিকাই এজাক পাৰৰ মাজৰপৰা এটা পাৰ আলফুলকৈ উঠাই কিছু সময় চাই-চিতি জাকৰ মাজত এৰি দিয়ে আৰু আন এটা পাৰ হাতত লয়।তাৰ পাছতো দূৰে-দূৰে হলেও বহুদেৰীলৈকে নিজৰ ক্ষীণ অস্তিত্ব এটা ঘোষণা কৰি আছিল শান্তিপ্ৰিয়াই। বনমালী চৌধুৰীৰ প্ৰথমা পত্নী। অৱশ্যে কাহিনীৰ দুই তৃতীয়াংশৰ পাছৰ পৰা এটা স্থিৰ কেন্দ্ৰীয় চৰিত্ৰ গঢ় লৈ উঠে শান্তিপ্ৰিয়াৰ বৰপুত্ৰ প্ৰিয়নাথৰ ৰূপত। তেঁওৰ পুত্ৰ আলোকেও সেই দায়িত্বভাৰ লব বিচৰা যেন লাগিলেও শেহ সময়লৈ সি উগ্ৰপন্থীৰ গুলীত প্ৰাণ দিয়াত সেয়া হৈ নুঠিল।
উপন্যাসখনৰ মোৰ আটাইতকৈ ভাল লগা দিশটো হ'ল প্ৰকৃতিৰ অপৰূপ বৰ্ণনা, যেন একো একোখন চলমান ছবিহে। লোককথা, জনশ্ৰুতিৰ মাজেৰে মানুহ আৰু প্ৰকৃতিৰ সম্বন্ধও ফুটি উঠিছে।
আকৌ, মানুহটোৰপৰা হাতীটোলৈকে, এনে নিৰপেক্ষ আৰু মানৱীয় বৰ্ণনা যে তাত মানুহ খাবলৈ আৰম্ভ কৰা বাঘটোৰপৰা আৰম্ভ কৰি বৃটিছৰ বন্ধু লম্পট বনমালী চৌধুৰীলৈকে, পঢ়ি থাকোতে কিছু হলেও অনুকম্পা জাগে।
অসমলৈ ভিন ভিন অৱস্থাত অহা ভিন ভিন গোটৰ মানুহবোৰৰ মানসিক জগতখন লেখিকাই টুকুৰিয়াই চাইছে। ক'ৰবাত যদি কাৰোবাৰ কিবা ভুল হৈছে তাৰ কাৰণবোৰো বিশ্লেষণ কৰি চাবলৈ চেচ্টা কৰা হৈছে।
তাৰোপৰি, ডেকা প্ৰিয়নাথৰ লগত বিষ্ণুৰাভাৰ আকস্মিক কাল্পনিক উপস্থিতি তথা সংগইও অলপ সময় মন ৰোমাঞ্চিত কৰি ৰাখিলে।
প্ৰিয়নাথৰ অপৰিসীম কষ্ট আৰু ত্যাগৰ মাজেৰে মানৱীয়তাৰ কথাকে তুলি ধৰিব বিচৰা উপন্যাসখনি নিঃসন্দেহে অসমীয়া ভাষাৰ সাহিত্যলৈ এক অনন্য সংযোজন। পিছে ব্যক্তিগতভাৱে সৰুকৈ মনত খু-দুৱাই থাকিল দুটামান কথাই। যেনে ইমান ধুনীয়াকৈ লেখি শেষ কৰিছে উপন্যাসখন। ভালেকেইটা শিৰোনামেৰে কেইবাটাও খন্ডতো ভাগ কৰিছে। পিছে দুই-এটা শিৰোনাম নিতান্তই ঠৰঙা যেন লাগিল। যেনে তাৰে এটা' ড্ৰাইভাৰ যোগেনে কি দেখিলে?' ইত্যাদি। আকৌ বহুবাৰ চৌধুৰী পৰিয়ালৰ 'হাউলী'ৰ কথা উঠিল যদিও আশী বিঘা মাটিৰ বাৰীখন,সুগৰীজান, গোঁসাইঘৰ,পদূলিটো, আলহী বহা কোঠাটো, চন্দুকটোৰ বাদে বাকীবোৰ ঘৰ-দুৱাৰৰ বৰ্ণনা পঢ়িবলৈ ৰৈ থকাতে থাকিলো। তাৰোপৰি সময়ৰ লগে লগে বনমালী চৌধুৰীৰ বাকী দুগৰাকী পত্নীৰ সন্তানবোৰৰ একো উৱাদিহ নাপালো।
এই সৰু-সুৰা কথাকেইটা বাদ দি ( বাদ দিবই পাৰি) 'টোকোৰা বাহৰ সোণৰ বেজী' পঢ়ি বিৰাট ভাল লাগিল। জপাই থোৱা কিতাপখনৰ পৰা যেন এতিয়াও ভাঁহি আহিছে ধনগুলৈবোৰ, ননৈ নদীৰ চিকমিকনি, সুগৰীজানৰ বাঘটোৰ গুজৰণি, ডফলা পোতা টিলাৰ শহাকেইটাৰ চকুবোৰ, বগা চুলিৰ শান্তিপ্ৰিয়াৰ বিৰ্ বিৰনি, চাহাবৰ চাবুকৰ কোবত আধামৰা হোৱা ৰামুৰ কেঁকনি, জুমাইৰ ৰাগীত মতলীয়া ফান্দী-মাউতৰ বা ধনদাৰ গীত, ম'ৰাৰ চালি নৃত্য, বৰফান্দীৰ গনেশক বিচাৰি মৰা চিঞৰটো, ভূটীয়া কুৰমাৰ চকু সৰু হৈ যোৱা হাঁহিটো, এগাল মৃতদেহ, তাৰ মাজত জামাল ৰুটিৱালাৰ পথাৰত পৰি ৰোৱা পুতেকৰ আৰু আলোকৰ কলেজৰ বাৰান্ডাত তেজে ধুৱাই নিয়া মুখখন, দুছেও হৈ পৰা সৰু ছোৱালীজনী, প্ৰিয়নাথৰ একাকীত্ব আৰু সাহস আৰো সৰ্বোপৰি টোকোৰা বাহৰ সাধুকথাৰ সোণৰ বেজীটো, যিটো বিচাৰি পোৱাটো আচলতে কেতিয়াও সম্ভৱ নহয়!

ৰাগ : The Rhythm of Love

" তুমি আচলতে কি বিচাৰিছা ৰাধিকা? প্ৰেম, সৌন্দৰ্য নে সত্য?"
চিত্ৰকৰ ইকবালৰূপী আদিল হোছেইনৰ প্ৰশ্ন ৰাধিকাৰূপী জেৰিফালৈ। ভিতৰি ভাগি পৰিও ভাগি পৰিব নিবিচৰা ৰাধিকাৰ দৃঢ় উত্তৰ "জীৱন, আৰু একো নহয়।"
জীৱনক ভালপোৱা ৰাধিকাক লৈ আগবাঢ়িছে ৰাগ : The Rhythm of Love নামৰ অসমীয়া কথাছবিখন। এগৰাকী সৃষ্টিশীল, সৰল নাৰীৰ জীৱন বিচাৰি কৰা যাত্ৰাত পোৱা প্ৰত্যাহ্বান, সংগ্ৰাম, পোৱা-নোপোৱাৰ কাহিনী। কোনোধৰণৰ অতি নাটকীয় পৰিস্থিতিৰ সৃষ্টি নকৰাকৈ নিতান্তই বিশ্বাসযোগ্য আৰু সাৱলীলভাৱে কথাছবিৰ কাহিনী আগবাঢ়ি গৈ এক আকৰ্ষণীয় twistত যোগাত্মকভাৱে শেষ হৈছেগৈ।
জীৱনত বৰ বেছি পৰিকল্পনা কৰি আগবাঢ়িব নোখোজা বা নজনা সহজ-সৰল ৰাধিকা, যি সৰু-সুৰা কথাবোৰ, বস্তুবোৰৰ ক্ষেত্ৰত বেহিচাপী বা অসাৱধান। সেয়ে য'তে- ত'তে সৰু-সুৰা বস্তুবোৰ হেৰুৱাই পেলায়, সৰু কামবোৰত খেলি-মেলি কৰে, ক'ৰবাত গৈ পাওতে দেৰী হয়, অসাৱধান কাৰণে দুৰ্ঘটনাগ্ৰস্তও হয়। অথচ তাৰ সম্পূৰ্ণ বিপৰীত, সকলো বস্তুকে নিখূঁট আৰু সুচিন্তিত ৰূপত বিচৰা স্বামী আলোক।
কাহিনীত শক্তিশালীৰূপে প্ৰৱেশ ঘটিছে অসফল বিবাহত বিধস্ত এসময়ৰ প্ৰখ্যাত চিত্ৰকৰ ইকবাল, যাক বিবাহৰ সাত বছৰৰ পাছত এৰি থৈ কন্যাৰ সৈতে চেক গণৰাজ্যলৈ উভতি যায় তেঁওৰ বাঁহীবাদক পত্নী।
আন দুটা গুৰুত্বপূৰ্ণ চৰিত্ৰ, ৰাধিকাৰ পুৰণি বন্ধু পাৰ্থ আৰু আলোকৰ সহকৰ্মী নন্দিনী।
সম্পৰ্কবোৰ আগবঢ়াই নিয়াটোযে কিমান জটিল। ৰাধিকাৰ বাবেও। কেতিয়াবা একেবাৰে ওচৰৰ মানুহবোৰকে বুজা বুলি দাবী কৰাৰ পাছতো বুজিব পৰা নাযায়। সম্পৰ্কৰ ক্ষেত্ৰত দৰ্শকক কেতবোৰ মননশীল প্ৰশ্ন আৰু পৰিস্থিতিৰ সন্মুখীন কৰাইছে 'ৰাগে' ৰাধিকাৰ জীৱনৰ মাজেৰে। সময়ৰ লগে লগে মৰহি যোৱা প্ৰেম আৰু পৰীক্ষাৰ সন্মুখীন হোৱা সম্পৰ্কৰ বিশ্বাস, অনুৰাগ, বন্ধুত্ব, আশাভংগ বনাম বুজা-পৰা আদি পৰিস্থিতি আৰু কিছুমান প্ৰশ্ন যেনে যেতিয়া সম্পৰ্কত সংঘাত আহে আৰু চকুৰ আগতে ভালপোৱা মৰহি যায় তাক চাই জীয়াই থকাটো সম্ভৱনে? তাতে জীৱন শেষ হয় জানো? নে স্বাৰ্থপৰ যেন লাগিলেও অলপ প্ৰেৰণা আৰু সাহচৰ্যও লাগে ? অলপ মৰম, অলপ বিশ্বাস আৰু মাতৃত্ব প্ৰয়াসী ৰাধিকাৰ কন্ঠত মীৰাৰ সেই সনাতন আকুলতা ফুটি উঠে, ইকবালৰ হাতত প্ৰাণ পোৱা ছবিবোৰৰ দৰেই।

ছবিত প্ৰথম দেখাত থুনুকা যেন লগা ৰাধিকাই অনিমন্ত্ৰিত যন্ত্ৰণাক আঁতৰাই এক অদম্য ইচ্ছাৰে গানৰ মাজেৰে জীৱনক পুনৰ বাচি লৈছে। সুস্থ জীৱনবোধ নাথাকিলে, জীৱনটো কেৱল বজাৰত up-to-date হৈ থকাৰ প্ৰতিযোগিতা বুলি ভাবিলে এনে হোৱা সম্ভৱ নহয়।
যদিও অসমীয়া ভাষাৰ ছবি, তথাপিও কাহিনীৰ খাতিৰত 'ৰাগ'ত হিন্দী আৰু ইংৰাজী ভাষাও আহিছে। সংলাপবোৰো নাটকীয়তাবিহীন আৰু সহজ। ছবিত থকা দুই-এটা flash backয়েও কাহিনীৰ মসৃণ গতিক বাধাটো দিয়া নায়েই, বৰং চিত্ৰনাট্যৰ পৰিপক্কতাকহে সূচাইছে। ভাল লাগিল কেৱল ঘটনাক গুৰুত্ব দিয়াতকৈ চৰিত্ৰবোৰক গঢ় দিয়াৰ চেষ্টা দেখি।অৱশ্যে ইকবাল চৰিত্ৰটোৱে যেন শেষ সময়লৈ অলপ কম গুৰুত্ব পালে।
চিত্ৰগ্ৰহণকাৰী অজয়ন ভিনচেন্টে (Ajayan Vincent) জনাইছিল, বাজেট কম বাবেই পুৰণা কেমেৰাৰে ছবিৰ কাম চলাব লগা হৈছিল। তথাপিও সচৰাচৰ অসমীয়া কথাছবিসমূহত দেখা পোৱা কেমেৰাৰ লেহেমীয়া গতি ইয়াত অনুপস্থিত। পৰিচালকেও কোৱা মতে, ক'ৰবাত ক'ৰবাত ৰঙৰ তাৰতম্য ঘটিছে। পিছে সাধাৰণ দৰ্শক হিচাপে ছবি আৰু গানৰ মাজেৰে গৈ থাকোতে কোনো অসুবিধা অনুভৱ নকৰিলোঁ দেখোন।
সাজ-পোছাকৰ ক্ষেত্ৰতো সম্পূৰ্ণ স্বাভাৱিক আৰু মাৰ্জিত ৰূপত সকলোকে দেখা গ'ল। বিশেষকৈ, ৰাধিকাৰূপী জেৰিফাৰ কাপোৰ, ৰঙৰ নিৰ্বাচন সঁচাই মনোমোহা। কেতিয়াবা আনকি কাপোৰৰ ৰঙবোৰেও মনৰ বিবিধ অৱস্থা প্ৰকাশ কৰিব বিচৰা যেন লাগিল। ইকবালে অঁকা ছবিবোৰ অৱশ্যে আৰু অলপ ভালকৈ চাবলৈ মন থাকিল।
তদুপৰি ছবিখনৰ সংগীতে( কথা আৰু সুৰ দুয়োটাই) খুউব আন্তৰিকতাৰে কাহিনীক আগবঢ়াই নিবলৈ চেস্টা কৰিছে। গায়িকাৰূপী ৰাধিকাৰ ওঁঠত অনিন্দিতা পালৰ মীৰা ভজনকেইটা সঁচাই শ্ৰুতিমধুৰ।
খুউব কম চৰিত্ৰৰ সমাহাৰ ঘটা ছবিখনত মূল চৰিত্ৰকেইটাৰ অভিনয় যথাযথ। কেৱল আলোকৰূপী কেনী বসুমতাৰীৰ অসমীয়া সংলাপ প্ৰক্ষেপণত অলপ আসোঁৱাহ থাকি গ'ল যেন লাগে। কম সময়ৰ বাবে দেখা গ'ল পৰিচালক ৰজনী বসুমতাৰী( Rajni Basumatary )ক, দিল্লীবাসী দুই-এখন চিনাকী মুখ যেনে সমুদ্ৰ কাজল শইকীয়া ( Samudra Kajal Saikia) আদিক।
সঁচা কথা , ৰাগত ভাত-ৰুটিৰ বাবে কৰা দৈনন্দিন সংগ্ৰামৰ কথা নাই। তথাপিও কাম কৰাৰ স্বাধীনতাতকৈ কাম কৰা-নকৰাটো নিজে বাচি ল'ব পৰা স্বাধীনতাৰ দৰে নতুন বিষয়, সম্পৰ্কবোৰৰ গতিৰ নতুন পৰীক্ষা- নিৰীক্ষা আদিক বিষয় হিচাপে লোৱা এনেধৰণৰ দুই-এখন মননশীল ছবিৰ প্ৰয়োজন অসমীয়া ছবিজগতত আছে।
যোৱাবছৰ ছবিঘৰলৈ চাবলৈ যাওতে কম হ'লেও দৰ্শক দেখা পাইছিলোঁ। সিদিনা Brahmaputra Valley Film Festivalত পুনৰ চোৱালৈকে ইতিমধ্যেই ছবিখনৰ কে'বাঠাইতো বিশেষ প্ৰদৰ্শনী হৈ গৈছে। ৰাগৰ লগত জড়িত সকলোকে শুভেচ্ছা আৰু অভিনন্দন জনালোঁ।
( অহ্, এটা কথা উল্লেখ কৰিব পাহৰিছিলোঁৱে! পৰিচালনা! দক্ষ। সংলাপহীন দৃশ্যবোৰৰ চৰিত্ৰসমূহৰ body languageই কাহিনী ক'বলৈ যথেষ্ট হৈছে। এনেকোৱা smart পৰিচালক থাকিলে প্ৰতিখন অসমীয়া ছবি চাবলৈ ছবিঘৰলৈ যাব পাৰি smile emoticon )

অহল্যা

আমি প্ৰায় সকলোৱে 'অহল্যা' নামটোৰ লগত জড়িত আখ্যানটোৰ লগত পৰিচিত। অন্ততঃ থূল-মূলকৈ হলেও। সেইযে ৰামায়ণত বৰ্ণিত অহল্যা, যি আছিল ঋষি গৌতমৰ পত্নী। যাৰ ৰূপত কামাতুৰ হৈ দেৱৰাজ ইন্দ্ৰই ঋষি গৌতমৰ ৰূপ লৈ এই বিষয়ে অজ্ঞ অহল্যাৰ সৰলতাৰ সুবিধা লৈছিল। পিছত গৌতম মুনিয়ে এই কথা জানিব পাৰি খঙত ইন্দ্ৰক অভিশাপ দিয়ে যাৰ ফলত ইন্দ্ৰৰ গাত অলপ সময়ৰ বাবে এহেজাৰটা চকু ওলাইছিল আৰু অহল্যাকো গৌতম মুনিয়ে নিৰ্দোষ বুলি জানিও 'অপৱিত্ৰ' হোৱাৰ বাবতে হেজাৰ হেজাৰ বছৰ ধৰি শিল হৈ থাকিবলৈ অভিশাপ দিয়ে। অহল্যা অৱশেষত শাপৰ পৰা মুক্ত হৈছিল ৰামৰ পদ স্পৰ্শ পাই।
অহল্যা নামেৰে এখন চুটি ছবি নিৰ্মাণ কৰি উলিয়াইছে সুজয় ঘোষে। তেখেতৰ ঝংকাৰ বীটছ, কাহানী আদি ছবি চোৱাৰ অভিজ্ঞতাৰ পৰা স্বাভাৱিকতে উৎসুক হৈ চুটি ছবিখন চালো। আখ্যানটোৰ ওপৰত জান-নেজানকৈ আধাৰিত তিনিটা চৰিত্ৰ অহল্যা, গৌতম সাধু ( ভাস্কৰ্য শিল্পী) , ইন্সপেক্টৰ ইন্দ্ৰক লৈ বাংলা ভাষাত চৈধ্য মিনিটৰ এই ছবিখন নিৰ্মাণ কৰা হৈছে।
চোৱাৰ পিছত বহুবোৰ কৌতূহল আৰু প্ৰশ্নই মনটো আচ্ছন্ন কৰি তুলিলে।
ইয়াত ইন্সপেক্টৰ ইন্দ্ৰ গৌতম সাধুৰ পত্নী অহল্যাৰ প্ৰতি আকৰ্ষিত হৈ গৌতম সাধুৰ ৰূপ লৈ অহল্যাৰ কাষ চাপোতে শেষত এটা পুতলাত বন্দী হ'ব লগা হ'ল। গৌতম সাধু আৰু অহল্যা দুয়োজনেই এই কামটোত জড়িত আছিল।
পিছে প্ৰশ্ন হয় দুয়োজনে এই কাম কিয় কৰিছিল? আঠসত্তৰ বছৰীয়া গৌতম সাধুৰ যুৱতী পত্নীৰ শাৰীৰিক প্ৰয়োজনৰ বাবে নে নাৰীক শাৰীৰিকভাৱে পাবলৈ প্ৰতাড়ণা কৰিবলৈ চেষ্টা কৰা পুৰুষক শাস্তি দিবলৈ? অৱশ্যে ছবিখনত অহল্যা আৰু ইন্সপেক্টৰ ইন্দ্ৰৰ মাজত শাৰীৰিক ঘনিষ্ঠতাকো স্পষ্টকৈ বুজিব নোৱাৰি।
প্ৰশ্ন হয় এয়া অহল্যাৰ আধুনিক ৰূপ নেকি যি বিনা দোষত শাস্তি মূৰ পাতি লবলৈ নাৰাজ। বৰঞ্চ প্ৰতাৰক ইন্দ্ৰকহে শাস্তি দিয়ালে গৌতমৰ লগ লাগি। অথবা ইন্দ্ৰৰ চৰিত্ৰটোৰ প্ৰতি সহানুভূতি দেখুৱাব যোৱা গ'ল নেকি য'ত এক কেচৰ অনুসন্ধানৰ কামত তেঁওলোকৰ ঘৰলৈ অহা ইন্সপেক্টৰ ইন্দ্ৰক পৰিকল্পিতভাৱে গৌতম সাধু আৰু অহল্যাই জালত পেলাই পুতলা বনাই থয়? ইন্দ্ৰ অহল্যাৰ প্ৰতি আকৰ্ষিত হোৱাত অহল্যাৰ চৰিত্ৰত অভিনয় কৰা ৰাধিকা আপ্তেৰ পোচাকযোৰে বা অহল্যাৰ মাজে মাজে প্ৰশ্ৰয় দিয়া স্বভাৱেহে যেন মূল কাৰক হিচাপে কাম কৰিছিল তেনে ধাৰণা এটাও দিবলৈ চেষ্টা কৰা যেন লাগিল। বাস্তৱতকৈ সাধুৰ বেছি ওচৰ চপা এই ছবিখন চাই মুঠতে দোধোৰ- মোধোৰত পৰিছো।
সুজয় ঘোষৰ নিজৰ কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনাৰ এই চুটি ছবিখনে ঘোষৰ বুদ্ধিদীপ্ত প্ৰতিবাদ সূচাইছে নে প্ৰায়ে মানুহে কৰাৰ দৰে নাৰীৰ পোছাকক দোষ দি ধৰ্ষণকাৰীসকলৰ প্ৰতি এক ধৰণৰ সহানুভূতি সৃষ্টি কৰাৰ প্ৰয়াস কৰিছে??
ছবিখনত প্ৰবীণ অভিনেতা সৌমিত্ৰ চেটাৰ্জীৰ অভিনয় জীৱন্ত। ইউ টিউবত ছবিখন আছে। বাংলা বুজি নোপোৱাসকলৰ বাবে ইংৰাজী চাব টাইটেলো আছে।
http://m.youtube.com/watch?v=Ff82XtV78xo

দুআষাৰ সেইসকললৈও


সাধাৰণতেই নাৰীবাদ বুলি ক'লেই মানুহৰ মনলৈ অহা ধাৰণাটো হ'ল ই এনে এক মতাদৰ্শ যি কেৱল পুৰুষসকলৰ বিৰোধিতা কৰি সমাজত নাৰীৰ আধিপত্য স্থাপনৰ হকে চেষ্টা কৰে।এনে এক ভুল ধাৰণা তথা শংকাৰ বশৱৰ্তী হৈ বহু পুৰুষৰ নিজে নাৰীৰ শত্ৰু নহলেও নাৰীবাদ শব্দটোৰ প্ৰতি এলাৰ্জী আছে আৰু নাৰীবাদী বুলি কিবা কথা শুনা পালেও ভিতৰি বেয়াই পায়।
পুৰুষ মাত্ৰেই সকলোৱে নাৰীক অপকাৰ, অপমান কৰিবলৈ সাজু হৈ নিশ্চয় নাথাকে।আধুনিক শিক্ষাই হয়তো শিক্ষিত চামক অন্ততঃ আক্ষৰিক অৰ্থত নাৰী পুৰুষৰ সমান বুলি নহলেও পুৰুষতকৈ কোনো গুণে কম নহয় বুলি ভাবিবলৈ শিকাইছে। গতিকে নাৰীৰ শাৰীৰিক দুৰ্বলতা, কেতিয়াবা বহু নাৰীয়ে নিজে প্ৰকাশ কৰা নিৰ্ভৰশীলতাৰ বাবে বা তেঁওলোকৰ জীৱনলৈ আগবঢ়োৱা অপৰিসীম ত্যাগ আৰু সহযোগিতাৰ বাবেই বহু পুৰুষে প্ৰায়ে নাৰীক আদৰ আৰু শ্ৰদ্ধাৰ দৃষ্টিৰে চাবলৈ যত্ন কৰে। কিন্তু এয়া যথেষ্ট হয় জানো? মূলতঃ হেজাৰ হেজাৰ বছৰীয়া পুৰুষতান্ত্ৰিক ব্যৱস্থাই গঢ় দিয়াৰ ফলত এনে স্নেহশীল পুৰুষসকলো বহুসময়ত নিজৰ ষ্টেৰিঅটাইপ চৰিত্ৰৰ পৰা নিজে গম নোপোৱাকৈয়ে ওলাই আহিব নোৱাৰে। সেয়ে হয়তো পিন্ধা-উৰা, থকা-মেলা, বাহিৰত থকাৰ সময় আদিক লৈ নিজে ভাল বুলি ভবা কিছুমান নিয়ম নাৰীসকলে মানি চলাটো পচন্দ কৰিবলৈ লয়।
এই অভিভাৱকগিৰীৰ পৰা নাৰীসকল মুক্ত হ'বনে? অন্ততঃ নিজে চিন্তা কৰিব জনা নাৰীসকল? এই অভিভাৱকত্ব খটোৱা ধৰণটো যে কেৱল নাৰীসকলৰ নিৰাপত্তাৰ বাবেই নহয় বৰঞ্চ ব্যক্তিত্বৰ ওপৰত অহৰহ আঘাত কৰি থকা একো একোপাত ছুৰী তাক এই দেখাত স্নেহশীল বহু পুৰুষেও অনুভৱ কৰিব নোৱাৰে। আচলতে চিধা-চিধি তাৰ বাবে তেঁওলোকক তাৰ বাবে দোষ দিয়া উচিত নহব চাগৈ। তাৰ বাবে মহিলাসকলেও হোৱাই-নোহোৱাই মহিলা হোৱা সুবিধা লোৱা এৰিব লাগিব ( victim feminism?! ) আৰু পুৰুষসকলেও মহিলাৰ ঠাইত নিজক ৰাখি মানসিক স্তৰত সমতা আৰু আত্মসন্মানৰ দিশটো চালি-জাৰি চাব লাগিব।
কৃষ্ণাংগ নেতা ফ্ৰেডৰিক ডগলাচে কৈছিল যে মহিলাসকল ন্যায় আৰু প্ৰশংসা দুয়োটা পোৱাৰে যোগ্য। কিন্তু যিকোনো এটা এৰি এটা লবলৈ দিলে আগৰটোতকৈ পিছৰটো এৰি দিয়াই ভাল হ'ব। গতিকে নাৰীক সদায় ত্যাগ আৰু ধৈৰ্যৰ প্ৰতীক, মহিমাময়ী, সংস্কৃতিৰ ধ্বজাবহনকাৰী আদি বিশেষণেৰে প্ৰশংসা কৰিলেই যথেষ্ট হব জানো? নাৰীৰ শৰীৰটোৰ নিৰাপত্তাৰ নামতেই নানানটা বাধাই প্ৰকৃত সমস্যা সমাধান কৰিবনে? বেমাৰ ভাল নকৰি বেমাৰৰ লক্ষণ ভাল কৰিবলৈ যোৱাৰ দৰে কথা এইটো।
ক'ব বিচাৰিছিলো আন এক শ্ৰেণীৰ পুৰুষৰ কথাহে। সাধাৰণতে জঘন্য মানসিকতাৰ এচাম আৰু ওপৰত কোৱা ধৰণৰ শ্ৰেণীৰ পুৰুষৰ বাহিৰেও আন এটা শ্ৰেণীৰ পুৰুষ সংখ্যাত তাকৰ হলেও আছে । অৱশ্যে দিনে দিনে এওঁলোকৰ সংখ্যা হয়তো বাঢ়িব লাগিছে।এওঁলোকৰ বাবে নাৰী কেৱল ভোগৰ সামগ্ৰী নহয় অথবা নহয় কেৱল দেৱীৰ প্ৰতীক।এওঁলোকে অত্যন্ত স্পষ্ট ভাষাৰে পুৰুষতন্ত্ৰৰ বিৰোধিতা কৰি নাৰীক প্ৰথমে মানুহ হিচাপে বিচাৰ কৰি সহায় নহয় বৰঞ্চ সহযোগিতা কৰিবলৈ আহিছে। ভাৱ হয়, যিসময়ত পুৰুষতান্ত্ৰিক মানসিকতাৰ পৰা স্বয়ং শিক্ষিতা নাৰীসকলো মুক্ত নহয়, তেনেস্থলত এই চাম পুৰুষ মহিলাৰ সম অধিকাৰৰ বাবে কেনেকৈ ইমান মুকলি মনেৰে ওলাই আহিছে। পুৰুষতন্ত্ৰৰ বিৰোধিতা কৰা মহিলাৰ দৰেই এইসকল পুৰুষো চিকাৰ হয় টিটকাৰী, ঠাট্টা-মস্কৰাৰ। পুৰুষৰ পৰা বেছিকৈয়ে। আনহাতে মহিলাসকলেও তেঁওলোকক প্ৰথমে সন্দেহৰ চকুৰে চোৱাৰ অৱকাশ থাকে।
অৱশ্যে এই সন্দেহ অমূলক হোৱাই ভাল। এই নতুনচাম পুৰুষলৈ হেজাৰ ধন্যবাদ যি পুৰুষতান্ত্ৰিক সমাজখনৰ গঞ্জনাৰ উপৰিও কেতিয়াবা উগ্ৰ নাৰীবাদীসকলৰ ৰোষৰ সন্মুখীন হোৱাৰ বিপদ নেওচিও আহিছে মহিলাসকলক মানসিক ভাৱে সমান বুলি ভাবিবলৈ। সুস্থ আৰু সম অধিকাৰৰ মানসিকতা গঢ়ি তুলিবলৈ, নাৰীৰ প্ৰতি কেৱল গুৰুতৰ অপৰাধেই নহয় বৰং সমাজৰ চকুত নপৰা অন্যায়বোৰো ৰোধ কৰাৰ ক্ষেত্ৰত দুগুণ সাহসেৰে ওলাই অহা আপোনালোকৰ সহযোগিতা কিমান কামত আহিব সেয়া বুজাই ক'ব লাগে জানো ? smile emoticon

এনেয়ে

'কৰ্মক্ষেত্ৰৰ পৰা উভটি ঘৰলৈ ৰেল এখনত গৈ আছো। ঘৰ পাবলৈ আৰু অলপ বাকী। এনেতে আগফালৰ ডবাবোৰত কিবা অলপ হুলস্থূল শুনিলোঁ। তাৰ পাছতেই ক্ৰেছ, ধ্ৰাম আদিৰ দৰে কিছু শব্দ। আমাৰ ডবাটো বেয়াকৈ কঁপিছে।মই বহা ঠাইৰ পৰা উফৰি গৈ বাঁওফালৰ খিৰিকী এখনত হামখুৰি খাই পৰিলোগৈ। খিৰিকীৰে বাহিৰলৈ চাই দেখিলো আমাৰ আগৰ দবাটো এৰা খাই দ পিতনি এটাৰ ফালে দ্ৰুতগতিত আগবাঢ়িছে। ডবাটোৰ পৰা ওলাইছে প্ৰচন্ড ধোঁৱা। অলপ সময়ৰ ভিতৰতে মানুহৰ পৰা গম পালোঁ সেই ডবাটোত বোলে কেতবোৰ বিস্ফোৰক আছিল। কেনেবাকৈ জুই লগাত ৰেলখনৰ বাকী মানুহবোৰ বচাবলৈ ডবাটো তাৎক্ষণিকভাৱে আঁতৰাই পঠোৱাৰ বাহিৰে আন উপায় নাছিল। সেই ডবাৰ যাত্ৰীবোৰে গমেই নাপালে। চাৰিওফালে হুৱা-দুৱা লাগিল।আমাৰ ডবাটোৰ কেইগৰাকীমান খুব ধুনীয়াকৈ পাটৰ সাজ পিন্ধি সাঁজি-কাচি থকা মহিলাই কান্দিবলৈ ধৰিলে। প্ৰথমে দেখি ভাবিলোঁ সম্ভৱ আগৰ ডবাটোৰ যাত্ৰীবোৰৰ কথা ভাবি আৰু ঘটনাটোত চক খাই কান্দিছে চাগৈ। পিছে নহয়। এনেকৈ দুৰ্ঘটনা হৈ ৰেল লাইন বন্ধ হৈ যোৱাৰ বাবে তেঁওলোকৰ ঘৰ পোৱাত বহুত পলম হ'ব। সেই চিন্তা আৰু দুখতহে কান্দিছে। ডবাৰ পৰা ওলাই আহিলোঁ। আৰে মই দেখোন মালগাড়ী এখনতহে আহিছো! বাহিৰত শৰো অধিক মৃত, অৰ্ধমৃত আঘাতপ্ৰাপ্ত দেহ। প্ৰথমে অলপ দেৰি জঠৰ হৈ ৰ'লো। কি কৰিম একো ভাবিয়েই পোৱা নাছিলো। তাৰ পাছত কঁপা কঁপা হাতেৰে মানুহবোৰ উঠাবলৈ চেষ্টা কৰিলোঁ। মানুহবোৰে চুৱেটাৰ পিন্ধি আছে। গাত কাপোৰো মেৰিয়াই থৈছে।এতিয়া ঠান্ডা দিন নেকি? ইফালে মূৰত দেখোন প্ৰচন্ড ৰ'দ! যিমান মানুহে আৰ্তনাদ কৰিছে তাৰ তুলনাত সহায়কাৰীৰ সংখ্যা নিচেই কম। মই নিজে চিঞৰিব নজনা কেঁচুৱা আৰু শিশুসমূহক উদ্ধাৰত লাগিলোঁ। সৰু সৰু কেঁচুৱাবোৰেও দুখ পাইছে।কিছুমানে মূৰত। কি যে কৰোঁ। হাতত একো নাই। পুলিচ, ডাক্টৰক ফোন? নাই সেইবোৰ একো মনত পৰা নাই। কেৱল চাইল্ড লাইনৰ নম্বৰটো লগাবলৈ চেষ্টা কৰিছো। লগা নাই। এহাল বাপেক- পুতেক আহিল। মোৰ হাতত থকা শিশু এটা খুজিলে। তুলি লব হেনো। দি দিলোঁ। উপাই নাই। এই মূহুৰ্তত কি কৰিম একো ভাবি পোৱা নাই। মাক-দেউতাক কেইটাৰ ইতিমধ্যেই চাগৈ মৃত্যু হৈছে। পাছত আত্মীয় আহিব। তেতিয়ালৈ বহু দেৰি। এঠাইত দেখিলো এটা ট্ৰলী বেগৰ পৰা আধা ওলোৱা হৈ পৰি আছে শিক্ষক দিৱসৰ দিনা শিক্ষকক দিবলৈ অনা উপহাৰ। গম পালো মোৰ প্ৰাক্তন ছাত্ৰী মোনাৰ বেগ সেইটো। তাই সহপাঠী আৰু পাতি লোৱা ৰাখি ভাই ঐশ্বৰ্যলৈ ঘৰৰপৰা কিবা -কিবি লৈও আনিছে। ঐশ্বৰ্য নিশ্চয় ঘৰলৈ যোৱা নাছিল। অসমতে আছিল। মই নাজানো ম'না ক'ত। তাইক বিশেষকৈ বিচৰাটো সম্ভৱো নহয় এতিয়া। সন্মুখত যাকে পোৱা যায়, তাকে সহায়ৰ সময় এতিয়া। লিৰিকি বিদাৰি অলপ সময় তাইৰ বস্তুবোৰ চাই থকা অলপ দূৰৰ পৰা দুজন মানুহে লক্ষ্য কৰি আছিল। মোৰ কিয় এনে লাগিল জানো যে সিহঁতে যেন যাত্ৰীৰ সামগ্ৰীবোৰ চুৰ কৰিবলৈ আহিছে। সেইবোৰ তাতে এৰি মই তিনিটা শিশুক মোৰ ঘৰলৈ লৈ গ'লো। তিনিওটাকে বিচনা এখনত শুৱাই মই ওচৰৰ দোকান এখনলৈ দৌৰি গ'লো সিহতৰ বাবে গাখীৰ আনিবলৈ। মই ক'লো সৰু কেঁচুৱাক খুৱাবলৈ গাখীৰ লাগে। তেতিয়াহে চালো মোৰ হাতত দেখোন একো নাই। দোকানী ল'ৰাটোৱে তেতিয়া সুধিলে, "আপুনি বাৰু ৰে'ল এক্সিডেন্ট হোৱা মানুহ খিনিক সহায় কৰিব নেকি? যদি হয়, মই এটা পেকেট এনেই দিওঁ" ।তাৰমানে ই জানে ঘটনাটো। অথচ জানিও দুই ফাৰ্লং আতঁৰৰ ঠাইখনলৈ নগৈ দোকান খুলি বহি আছে। আচৰিত ধৰণে বজাৰৰ আনবোৰ দুকানো খোলা। সকলো নিৰ্লিপ্ত। কোনো সাংবাদিকো অহা নাই। দোকানীজনে আমূলস্প্ৰেৰ পেকেট এটা উলিয়াব ধৰিছে। মই হিচাপ কৰিলোঁ। এইটো লৈ গ'লে মই পানী গৰম কৰি মিলাব লাগিব। তাৰ পাছত কেঁচুৱা কেইটাক গৰমৰ জোখ লৈ লৈ খোৱাব লাগিব। মোৰ ইমান সময় নাই। সিহঁতক খোৱাই থৈ মই আকৌ ৰে'ল বাগৰা ঠাইলৈ যাব লাগিব। মই আচলতে ৰেডিমেড গাখীৰৰ পেকেটহে বিচাৰিছিলো। সেই কথাটো মই দোকানীজনক ক'ব লাগিছিল। পিছে মই ক'ব নোৱাৰিলো। ক'বলৈ লওতেই ডিঙিত কিহবাই সোপা মাৰি ধৰিলে
আৰু মই সাৰ পাই গ'লো!"।
দিনটোৰ সাংঘাটিক ব্যস্ততা আৰু পৰিশ্ৰমৰ বাবে আনকালৰ তুলনাত সোনকালেই টোপনি গ'লো কালি। পাঁচবজাৰ আগতেই সাৰ পালোঁ। শুই শুই অলপ কিবা -কিবি পঢ়ি উঠি দেওবাৰৰ নিত্যনৈমিত্তিক কাপোৰ ধোৱা, চাফা কৰা, ৰন্ধা-বঢ়া কামবোৰ আৰম্ভ কৰি দিলো। পিছে ৰন্ধা-বঢ়া হোৱাৰ পাছত ইমান সোনকালে উঠাৰ অভ্যাস নোহোৱাৰ বাবেই হবলা টোপনিয়ে হেঁচা মাৰি ধৰিলে। চাৰে আঠ মান বজাত বিচনাত পৰি একেবাৰে টোপনিয়ে গ'লো। শোৱাৰ পৰা উঠিয়েই সমুখত আশ্ৰাফুলৰ পোষ্টটো। তাত কিবা এটা লিখিয়েই এই সপোনটোৰ কথা লিখি থলো। বুকুখন এতিয়াও গধুৰ গধুৰ লাগি আছে। কালিৰ শিক্ষক দিৱস, বানপানীত হাঁহি থকা এটা মৰমলগা শিশুৰ মুখখন, ৰাস্তাত ধোঁৱা ওলাই থকা ট্ৰাক এখন, সদায় দেখা ৰে'লবোৰ, শ্বীনা বৰাৰ হত্যাকান্ডকলৈ ব্যস্ত মিডিয়া- আটাইবোৰ খিচিৰী হৈ গ'ল হবলা। সপোনে একো যুক্তি নামানে। কথাখিনি পঢ়িছে যদি আপোনালোকৰ সময়খিনি নষ্ট কৰাৰ বাবে ক্ষমা বিচাৰিলোঁ।
ছাৰাভাই ভা'চেচ ছাৰাভাই: বাস্তৱৰ ব্যংগ প্ৰতিফলন
ভাৰতলৈ দূৰদৰ্শনৰ আগমনৰ লগে লগে আহিল আগতে নথকা এবিধ বিনোদনৰ উৎস ধাৰাবাহিক। প্ৰথমে ছেগা-ছোৰোকাকৈ আৰম্ভ হোৱা এই নতুন মাধ্যমটোৱে লাহে লাহে আৰু কেৱলৰ আমদানীৰ পিছত অতি দ্ৰুতভাৱেই বিনোদনৰ এক বৃহৎ উদ্যোগ হিচাপে চলচিত্ৰৰ পিছতেই গঢ় লবলৈ সক্ষম হৈছে।
অতি গুৰুত্বপূৰ্ণ সামাজিক বিষয়ৰ পৰা আৰম্ভ কৰি বিজ্ঞানভিত্তিক, ৰহস্যধৰ্মী, ভৌতিক, সাক্ষাৎকাৰ তথা প্ৰতিযোগিতামূলক, বাস্তৱ, কল্পনা আদি বিভিন্ন বিষয় লৈ আৰম্ভণিৰে পৰা ভাৰতত ধাৰাবাহিক নিৰ্মাণ হৈ আহিছে। বৰ্তমান কেৱল ভাৰতীয় চেনেলৰে দৈনিক প্ৰচাৰিত মুঠ ধাৰাবাহিকৰ সংখ্যা তিনিশ মানৰ ঘৰ পাৰ হ'ব।
কোৱা হয়, আজিকালি ভাৰতত সৰহভাগ ধাৰাবাহিকৰ কাহিনীয়েই স্থূল। বিশেষকৈ ঘৰতে বহি দিন কটোৱা গৃহিনীসকলৰ বিনোদনৰ বাবেই অবাস্তৱ, আদি-অন্ত নোহোৱা কাহিনীৰে চমক সৃষ্টি কৰি এচাম নিৰ্মাতাই ধাৰাবাহিক নিৰ্মাণত গুৰুত্ব দিছে। যাৰ ফলত এহাতে এক বৃহৎ দৰ্শক গঢ় লৈ উঠিছে আৰু ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ আত্ম-প্ৰচাৰৰ বাট সুচল হৈছে। এনে ধাৰাবাহিকসমূহৰ 'লয়েল' এচাম দৰ্শকৰ বাহিৰে আনখিনিয়ে ভাৰতীয় ধাৰাবাহিক বুলিলেই পেনপেনীয়া শাহু-বোৱাৰীৰ কাহিনী বুলি বিদ্ৰুপেৰে নাক কোঁচায়।
কথাটো আংশিকভাৱে সত্য যদিও এয়া স্বীকাৰ কৰিবই লাগিব যে ভাৰতৰ দৰ্শকৰ মনত বহুকেইখন হিন্দী ধাৰাবাহিকে এৰাব নোৱাৰাকৈ সাঁচ পেলাই থৈ গৈছে। যেনে বুনিয়াদ, হমলোগ, মালগুড়ি ডেইজ, সুৰভি, ব্যোমকেশ বক্সী, দেখ ভাই দেখ, থোড়া চা আচমান, শান্তি ইত্যাদি।আকৌ মহাভাৰত, ৰামায়ণৰ কথা নকলোৱেইবা।
ভাৰতীয় দৰ্শকৰ বাবে জনপ্ৰিয় সংস্কৃতিৰ এক মাধ্যমত পৰিণত হোৱা এই বিচিত্ৰময় বিষয়-বস্তুৰ ধাৰাবাহিকসমূহৰ ভিতৰত কৌতুকধৰ্মী ধাৰাবাহিকো আছে। পিছে সংখ্যাত নিচেই কম। ব্যংগধৰ্মী ধাৰাবাহিকৰ সংখ্যা আৰু কম। দুই -এখন চিট কমে ( চিটুৱেচনেল কমেডী) দৰ্শকৰ সমাদৰ ( দেখ ভাই দেখ, খিচিড়ী, তাৰক মেহতা কা উলটা চশমা আদি) লাভ কৰিবলৈ সক্ষম হৈছে। পিছে তথাপিও সমাজৰ বাস্তৱক ব্যংগ কৰি নিৰ্মাণ কৰা ধাৰাবাহিক আঙুলিৰ মূৰত লেখিব পৰা হৈয়ে আছে।
ক'ব বিচাৰিছো তেনে এখন চিট কম তথা হাস্য-ব্যংগ ধাৰাবাহিক 'ছাৰাভাই ভা'চেচ ছাৰাভাই' (Sarabhai v/s Sarabhai) ৰ বিষয়ে। দুহেজাৰ চাৰিৰ পৰা ছয় চনলৈ ষ্টাৰ ৱান চেনেলত সম্প্ৰচাৰিত হৈছিল এই ধাৰাবাহিকখন। নামটোত থকাৰ দৰেই কাহিনী বা ঘটনাবোৰ মূলতঃ এটা গুজৰাটী পৰিয়ালক লৈ গঢ়ি উঠিছে। দুজন ছাৰাভাইৰ মাজৰ প্ৰতিদ্বন্দিতা যেন লাগিলেও সেয়া আচলতে মায়া ছাৰাভাই আৰু বোৱাৰীয়েক মনীষা ছাৰাভাইৰ মাজৰ খূঁট-খাটহে। কিন্তু সৰ্বাধিক প্ৰচলিত শাহু-বোৱাৰীৰ গতানুগতিক থিমটোৰ পৰা ঊৰ্ধত গৈ
সি ভাৰতৰ অভিজাত শ্ৰেণী আৰু সাধাৰণ মধ্যবিত্তক প্ৰতিনিধিত্ব কৰি দুয়োটা শ্ৰেণীৰে কেতবোৰ বৈশিষ্ট্যক ব্যংগাত্মক ৰূপেৰে উদঙাই দেখুৱাইছে।
ইন্দ্ৰৱৰ্ধন আৰু মায়া ছাৰাভাইৰ পৰিয়ালটো থাকে অভিজাত দক্ষিণ মোম্বাইৰ এক সম্ভ্ৰান্ত অঞ্চলত। প্ৰথম সন্তানদ্বয় চাহিল আৰু চনিয়া- দুয়ো বিবাহিত। চনিয়া পতিৰ লগত থাকে। বোৱাৰী মায়া আৰু অবিবাহিত কনিষ্ঠ পুত্ৰ ৰচেশক লৈ ছাৰাভাই পৰিয়াল এক সুখী পৰিয়াল।
অভিজাত সমাজত প্ৰতিখোজতে খোজ মিলাব যোৱা মায়া ছাৰাভাই, তেঁওক সংগ দিয়া সৰু পুত্ৰ ৰচেশ, আনহাতে এই কথা পেটে পেটে ভাল নোপোৱা স্বামী ইন্দ্ৰৱৰ্ধন আৰু মধ্যবিত্ত পৰিয়াল এটাৰ পৰা অহা বোৱাৰী মায়াৰ বন্ধুত্ব, দুয়োফালে ভাৰসাম্য বজাই চলা বৰপুত্ৰ চাহিল- প্ৰধানকৈ
পৰিয়ালটোৰ এই সদস্যসমূহৰ কান্ড-কাৰখানাক লৈয়ে গঢ়ি উঠিছে ধাৰাবাহিক খনত ভাৰতীয় লোকৰ জীৱন শৈলীক ব্যংগ কৰাৰ পৰ্ব।
ব্যংগৰ লক্ষ্য হৈ পৰিছে শাহু-বোৱাৰীৰ কোনো বিশেষ কাৰণ নোহোৱাকৈ লগা মুখ-চুপতি, আৰু তেনেবোৰ বিষয়কলৈ দূৰদৰ্শনত প্ৰচাৰিত ধাৰাবাহিকবোৰ; য'ত আনকি কাহিনীৰ খাতিৰত অন্ধবিশ্বাস এসোপামানকো বেছ বিশ্বাসযোগ্যভাৱে দেখুওৱা হয় আৰু যিবোৰ ভাৰতৰ মধ্যবিত্তীয় দৰ্শকে দহোবন কাটি কৰি চায় আৰু ডিঙিলৈকে সঁচা বুলি গিলে।
আনহাতে ভাৰতৰ অভিজাত সমাজখনো কম হিপ'ক্ৰিটিক নহয়। সমাজ - সেৱা বুলিলে কেৱল ৰাজহুৱাকৈ দান দিয়াটো বুজা বা কিছুমান নিজেই উত্থাপন কৰা ইছ্যুৰপৰা সন্তৰ্পনে ব্যক্তিগত জীৱনক নিলগাই ৰখা হাই প্ৰফাইল সমাজকৰ্মীসকল আৰু তেঁওলোকৰ কামক লৈ ব্যংগ কৰা হৈছে। উদাহৰণস্বৰূপে, সমাজকৰ্মী মায়া ছাৰাভাইৰ এটা দিন আৰম্ভ হৈছে শ্ৰমিকসকলৰ অধিকাৰৰ বাবে হবলগা দিনজোৰা অনশনেৰে। তাৰ মাজতে আকৌ থাকে কোনোবা বান্ধৱীৰ ঘৰত হেভী লান্সৰ নিমন্ত্ৰণ! এদিন সেই সম্ভ্ৰান্ত সমাজকৰ্মীৰ দলটো সফল হৈছে বস্তি এলেকাৰ চুলাই মদ উচ্ছেদ অভিযানত। সেই সফলতা তেঁওলোকে উদযাপন কৰিছে ৰাতি ককটেইল পাৰ্টিত। ইন্দ্ৰৱৰ্ধনে যেতিয়া এই পৰস্পৰ বিৰোধিতাৰ কাৰণ সুধিছে তেতিয়া মায়াই কৃত্ৰিম আৱেগেৰে কৈছে যে তেঁওলোকে নিজে দামী মদ দামী গিলাছত লৈ খাবৰ বাবে সক্ষম। কিন্তু ৰাস্তাৰ কাষত প্লাষ্টিকৰ গিলাছত চুলাই মদ খাবলৈও সেই নিম্ন মধ্যবিত্ত লোকসকল আৰ্থিকভাৱে সক্ষম নহয়!
ভাৰতৰ সৰহভাগ মধ্যবিত্ত লোকেই বাবাজাতীয় লোকক বিশ্বাস কৰে। যিকোনো ঘৰুৱা সমস্যাৰে সমাধান যেনে যাদু কৰা, মুখ লগা, সন্তান নোহোৱা আদি সমস্যাত এনে বাবাবোৰে আগবঢ়োৱা যিকোনো দৰৱেই বিনা প্ৰশ্নই মানুহে শ্ৰদ্ধাৰে বিশ্বাস আৰু গ্ৰহণ কৰে। মধ্যবিত্ত পৰিয়ালৰ পৰা অহা মনীষাও তাৰ ব্যতিক্ৰম নহয়। পিছে এই বাবাজাতীয় কথাবোৰ 'মিডল ক্লাছ' মানসিকতা বুলি হঁহা মায়া ছাৰাভাইহঁতৰ দৰে মানুহৰ প্ৰগতিশীলতাৰ উমান পোৱা যায় যেতিয়া তেঁওলোকৰ ক্লাছৰ লগত মিলা কোনো তথাকথিত আধুনিক বৈজ্ঞানিক ভৱিষ্যৎ দ্ৰষ্টাৰ লগত তেঁওলোকৰ নিকট সম্পৰ্ক থাকে। এনে হাই প্ৰফাইল জ্যোতিষীয়ে মধ্যবিত্তীয় বাবাহঁতৰ দৰে ৰাস্তাত বা মন্দিৰত বা ঘৰে ঘৰে শ-পঞ্চাশ টকাত হাত চাই নুফুৰে। তাৰ বাবে তেঁওলোকৰ কেবিন আছে, উচ্চ প্ৰৱেশ মূল্য আছে। তেঁওলোকে ইংৰাজী ভাষাত কথা কয়।বাবাহঁতে দিয়া ছাই, ৰচী আদিৰ ঠাইত বিধান দিয়ে দামী পাত্থৰ, মণি আদি পৰিধানৰ। উচ্চ মধ্যবিত্তই ' বৈজ্ঞানিক জ্যোতিষ চৰ্চা'ৰ এই ধাৰাৰ ভিতৰত থাকি নিজকে অন্ধবিশ্বাসৰ পৰা মুক্ত বুলি ভাবি থাকে লাগে সেই ভৱিষ্যত বাণীবোৰ যিমানেই ভেঁকো-ভাওনাত পৰিণত নহওক !!!
উচ্চস্তৰীয় পঠন আৰু চিন্তনৰ ফলত ভাৰতৰ সাংস্কৃতিক ক্ষেত্ৰখনলৈও আহিছে পৰিৱৰ্তন। সৰল প্ৰকাশভংগীৰ ঠাইত এবচাৰ্ড জাতীয় কবিতা, নাটচৰ্চাৰ প্ৰচাৰ বাঢ়িছে। যাৰ ফলত সাধাৰণ মানুহৰ বোধগম্য নোহোৱা ৰচেশৰ অদ্ভূত কবিতাবোৰে উচ্চ মধ্যবিত্ত শ্ৰেণীৰ সমাজত বেছ সমাদৰ লাভ কৰে। প্ৰগতিশীলতাৰ বাৰ্তা থাকিলেও এনে উচ্চস্তৰৰ সাহিত্য-সংস্কৃতিয়ে সাধাৰণ মানুহক চুব পাৰিছেনে? নে এয়া কেৱল অভিজাত মানুহৰ অভিজাত প্ৰেক্ষাগৃহত প্ৰদৰ্শিত হোৱা দুখীয়া শ্ৰেণীকলৈ ৰচা কৃত্ৰিম ভাৱ বিলাস? ইন্দ্ৰৱৰ্ধনে কায়দা কৰি মায়াক শলঠেকত পেলাবলৈ মায়াৰপৰা তেনে এখন নাটকৰ পাণ্ডুলিপি সৰকাই সেইখন ঘৰৰ মালী, ড্ৰাইভাৰ আৰু চকীদাৰৰ হতোৱাই লিখোৱালে। পিছে নাটকৰ নামত চলি থকা সাম্প্ৰতিক পৰীক্ষা- নিৰীক্ষা আৰু হট কেকৰ দৰে সাহিত্যত বিক্ৰী হোৱা সমাজবাদৰ দয়াত সেই তেনেই নিম্ন মানৰ নাভূত-নাশ্ৰুত কথাৰে ভৰপূৰ নাটকখনেও মঞ্চস্থ হৈ যথেষ্ট প্ৰশংসা বুটলিলে!
আনহাতে আঢ্যৱন্ত পৰিয়ালৰ পোহনীয়া পশুপ্ৰীতিয়ে মানুহৰ প্ৰতি থাকিবলগা মৰম আৰু দায়বদ্ধতাক ভালেখিনি চেৰ পেলাই যায়।
ভাৰতৰ মধ্যবিত্তীয় সমাজখনৰ চকুত লাগি ধৰা শ্বপিং মলৰ ৰঙচঙীয়া চশমা আৰু ৰেহাই মূল্যৰ সামগ্ৰী কিনাৰ নামত কৰা বহুৱালি আৰু মূৰ্খামিলৈও পৰিছে চোকা শেল।
দৰ্শকৰ সহাৰিৰ খাতিৰত হয়তো কেতিয়াবা নিচেই সাধাৰণ কথাকলৈও দুই-এটা খন্ড বনোৱা হৈছে। পিছে সামগ্ৰিকভাৱে উচ্চ তথা মধ্যবিত্ত শ্ৰেণীৰ নিজৰ মাজত থকা প্ৰতিযোগিতা, প্ৰদৰ্শনকামিতা, নিম্ন শ্ৰেণীৰ লোকৰ প্ৰতি থকা কৃত্ৰিম আন্তৰিকতা আদি বাস্তৱ সত্যবোৰ হাস্য ৰসৰ মাজেৰে আঙুলিয়াই দিয়া বাবে, সম্প্ৰচাৰিত হৈ থকা সময়ছোৱাত বৰ বেছি TRP নাপালেও আমাৰ দৃষ্টিত, জনপ্ৰিয় সংস্কৃতিৰ বাহক ভাৰতীয় ধাৰাবাহিকৰ ইতিহাসত ছাৰাভাই ভা'চেচ ছাৰাভাই কৌতুক ধৰ্মী ধাৰাবাহিকবোৰৰ মাজতো এখন ব্যতিক্ৰমী ধাৰাবাহিক বুলি ক'ব পাৰি।
বিষয়-বস্ত আৰু উপস্থাপনত সুকীয়া চিন্তা দেখা গ'ল। তাৰ পিছতেই ধাৰাবাহিকখনৰ সফলতাত হয়তো নাম লব লাগিব অভিনয়ৰ। দুটা মূল চৰিত্ৰত অভিনয় কৰা স্বনামধন্যা অভিনেত্ৰী ৰত্না পাঠক শ্বাহ আৰু সতীশ স্বাহৰ অনন্য অভিনয়ৰ উপৰিও অনবৰত ল'ৰামতীয়া চৰিত্ৰ ৰচেশৰ ভূমিকাত থকা ৰাজেশ কুমাৰে আমোদৰ খোৰাক যোগায় । বাকী গাম্ভীৰ্য বজাই ৰাখিব বিচৰা চাহিল আৰু চটফটীয়া মায়াৰ চৰিত্ৰত ক্ৰমে সুমিত ৰাঘৱন আৰু ৰূপালী গাংগুলী অভিনয় কৰা চৰিত্ৰকেইটাত খাপ খাই পৰে। আচলতে আটাইকেইটা চৰিত্ৰৰ মাজত থকা বিশ্বাসযোগ্য কেমিষ্ট্ৰী আৰু টাইমিঙৰ বাবে হাস্যকৰ পৰিস্থিতিবোৰ উপভোগ্য হৈ উঠে।
আনহাতে নিজেও এগৰাকী কৌতুক অভিনেতা হোৱাৰ সুবাদতে হয়তো ধাৰাবাহিকখনৰ চৰিত্ৰ এটাতো অভিনয় কৰা পৰিচালক দেৱেন ভূজনানীয়ে দক্ষতাৰে নিজৰ কাম কৰি যাব পাৰিলে।

মুজ্জাফৰনগৰ বাকী হ্যে

"তোমাৰ নাম কি?"- ঘৰৰ চাদ এখনৰ পৰা টুকুৰা ইটাৰ খট-খটিৰে টপা-টপ নামি অহা ছয়-সাতবছৰীয়া ল'ৰাটোৱে ক'লে- "আকিৰ"। " ঘৰ কোন গাঁৱত?"। ল'ৰাটোৱে তপৰাই উত্তৰ দিলে। তাক সোধা হ'ল- " ঘৰত কিয় নাই তুমি?" । এইবাৰ ল'ৰাটো অলপ দেৰি থৰ লাগিল। তাৰপাছত লাহে লাহে ক'লে- " সিহঁতে ঘৰটো জ্বলাই দিলে"। "তুমি স্কুললৈ যোৱা নে?" ল'ৰাটোৱে এবাৰ হয় বুলি মূৰ দুপিয়াব বিচাৰিলে। আকৌ কিবা এটা ভাবি নঞাৰ্থক ভাৱে মূৰ লৰালে ( যিটো কৰি সি বৰ ভাল নাপালে)। " তুমি স্কুললৈ নোযোৱা তাৰমানে?" এইবাৰ কনমাণিটিয়ে কোনো উত্তৰ নিদিয়াকৈ ভগা বেৰখনৰ সিপাৰে ব্যস্ত থকা মাকক সুধিলেগৈ-"আম্মী, মোক স্কুলত আকৌ নাম লগাই দিবানে?" মাকে কিবা এটা ক'লে। এইবাৰ সি ওলাই আহি উলাহেৰে প্ৰশ্নকৰ্তাক ক'লেহি, "আম্মীয়ে কৈছে, মোক আকৌ স্কুলত নাম লনগাই দিব"। এটা শৰণাৰ্থী শিবিৰত থকা তাৰ এই সপোনটো কেতিয়া পূৰণ হ'ব সেয়া কোনেও নাজানে।
' মুজ্জাফৰনগৰ বাকী হ্যে' - নকুল সিং শ্বাহনীৰ তথ্যচিত্ৰখনৰ দৃশ্য এয়া। বহু মননশীল টুকুৰা কাহিনী-সত্য ঘটনা, দৃশ্যৰে কোৱা হৈছে সেইসকল লোকৰ দুৰ্দশাৰ প্ৰকৃত অৱস্থা যিসকলৰ
কথা কেতিয়াও প্ৰচাৰ মাধ্যমত প্ৰকাশ নহয়। উত্তৰ প্ৰদেশৰ মুজ্জাফৰনগৰ আৰু চামলী জিলাত ধৰ্মৰ নামত হোৱা সংঘৰ্ষৰ বলি দুখীয়া মুছলিম পৰিয়ালসমূহৰ কথাই যে তাত আছে এনে নহয়। তথ্যচিত্ৰখনত আৰু বহু কেইটা দিশ সোমাই আছে। ৰাজনৈতিক দলসমূহে নিজৰ স্বাৰ্থত পাশা খেলৰ গুটিৰ দৰে ধৰ্মীয় কাৰণত ব্যৱহাৰ কৰা এই লোক সকল, লিংগ প্ৰসংগ, ধৰ্মীয় মেৰুকৰণেৰে পাহৰাই পেলাব বিচৰা ধনী-দুখীয়াৰ মাজৰ বিস্তৰ প্ৰভেদ আদি বিবিধ কথা সাহসিকতাৰে উত্থাপন কৰা হৈছে এই তথ্যচিত্ৰখনত। যাৰ ফলত হয়তো ভয়ত বিতত হৈ সোঁপন্থী কেতবোৰ সংগঠনে সমগ্ৰ ভাৰতত এইখন নিষিদ্ধ কৰিবলৈ উঠি-পৰি লাগিছে।
'মোজ্জাফৰনগৰ বাকী হ্যে' - সকলোৱে চাবলগা এখন তথ্যচিত্ৰ। যিসকলৰ হিন্দুৰ ওপৰত কৰা মুছলিমৰ অত্যাচাৰৰ কথা ভাবি তেজ উতলি আহে তেঁওলোকে বিশেষভাৱে এইখন চোৱা উচিত।
ধৰ্মৰ নামত ৰাজনৈতিক নেতাই উন্মাদ কৰি তোলা মানুহে কেনেকৈ মানুহক কুকুৰ-মেকুৰীৰ দৰে মাৰিব পাৰে, কেনেকৈ সাধাৰণ মানুহখিনিৰ মাজত দুখ, হুমুনিয়াহ, সন্ত্ৰাস আৰু অবিশ্বাসৰ পৰিবেশ বিয়পাব পাৰে- গা শিয়ৰি উঠা এই দৃশ্যবোৰ চাই ভাৱ হৈছে অদূৰ ভৱিষ্যতে অসমতো এনে পৰিবেশৰ সৃষ্টি নহয়তো?!