Monday, 7 December 2015

মৰণোত্তৰ দেহদানৰ বিষয়ে


বৰ্তমান সময়ত চিকিৎসাশাস্ত্ৰৰ এক উল্লেখযোগ্য অৱদান হৈছে অংগ সংস্থাপন ৷ চকুৰ কৰ্ণিয়া, কিডনি, লিভাৰ, হাড়, চাল আদি মানৱদেহৰ বিভিন্ন অংগৰ পুনঃ সংস্থাপন সম্ভৱ হোৱাৰ ফলত দৈনিক কিমান যে মুমূৰ্ষু ৰোগীয়ে নিজৰ জীৱন ঘূৰাই পাইছে! পিছে এয়া সম্ভৱ হৈছে কেৱল কোনো জীৱিত ব্যক্তিয়ে স্ব-ইচ্ছাইৰে কৰা অংগদান বা মৰণোত্তৰভাৱে যদি কাৰোবাৰ পৰা সংগ্ৰহ কৰা হৈছে তাৰ দ্বাৰা ৷ জীৱিত ব্যক্তিতকৈ যদি সম্ভৱ হয় মৃত ব্যক্তিৰ পৰা অংগ সংগ্রহ কৰাটো বেছি নিৰাপদ ৷ সেয়াও সম্ভৱ হয় যদি মৃত ব্যক্তিজনে মৃত্যুৰ আগতে ইচ্ছাপত্রত দেহদান কৰি থৈ যায় (তাতো আত্মীয়ই পুনঃ সিদ্ধান্ত ল’ব পাৰে ) বা আত্মীয়ই যদি মৃত্যুৰ পাছত দেহদানত সন্মতি দিয়ে ।
বৰ্তমান অংগ সংস্থাপনৰ সুবিধা, প্রয়োজন আৰু গুৰুত্ব থাকিলেও পৃথিৱীত দিনৌ বহু মানুহে মৃত্যু কিম্বা অন্ধতাক আকোঁৱালি ল’ব লগা হৈছে ৷ ইয়াৰ কাৰণ জীৱিত ব্যক্তিৰপৰা অংগ সংগ্রহত দেখা দিয়া জটিলতা বা বিপদ আৰু ব্যয়বহুলতা আৰু একেবাৰে নিৰাপদ আৰু কম খৰচী উপায় মৃত ব্যক্তিৰ অংগ সংগ্রহৰ বাবে ইচ্ছুক ব্যক্তিৰ অভাৱ ৷
মৃত্যুৰ পিছত, উপযুক্ত প্ৰযুক্তিবিদ্যা থাকিলে এটি মানৱ দেহৰ সংগৃহীত অংগৰ পৰা কেইবাজনো ব্যক্তিৰ প্রাণৰক্ষা সম্ভৱ হয়৷ গতিকে বৰ্তমান সময়ত মৰণোত্বৰ দেহদানৰ গুৰুত্ব আৰু প্ৰসাৰ বাঢ়ি অহা পৰিলক্ষিত হৈছে । বিশ্বৰ ভিন-ভিন প্ৰান্তত চৰকাৰী-বেচৰকাৰী বিভিন্ন পদক্ষেপ লোৱা হৈছে ৷ বৰ্তমান ভাৰততো মৰণোত্তৰ দেহদান বৈধ আৰু চৰকাৰী-বেচৰকাৰী চিকিৎসালয়সমূহত (সকলোতে হোৱাগৈ নাই) এনে দেহ গ্ৰহণৰ ব্যৱস্থা হৈছে ৷
যেনে গুৱাহাটী মেডিকেল কলেজ আৰু হস্পিতেলত এনে ব্যৱস্থা আছে ৷ ইলোৰা বিজ্ঞান মঞ্চ (Ellora Vigyan Mancha)ৰ দৰে স্বেচ্ছাসেৱী সংস্থাই জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ কাম কৰি আহিছে । অসমত ইতিমধ্যেই বহুজনে দেহদানৰ ইচ্ছাপত্ৰত চহী কৰিছে । উপৰত উল্লেখ কৰা হৈছে যে স্বেচ্ছাই মৰণোত্বৰ দেহদানৰ সংখ্যা অতি কম হোৱা বাবে চাহিদা অনুসৰি অংগ সংস্থাপন কৰিব পৰা নহয় ৷
ইয়াৰ কাৰণ বহুতো ৷ যেনে প্রচাৰৰ অভাৱ, বিজ্ঞান মনষ্কতাৰ অভাৱ, ধৰ্মীয় কাৰণ আৰু সকলোতকৈ ডাঙৰ কাৰণ নিজৰ হ’বলগীয়া মৃতদেহটোৰ প্রতি অহেতুক মোহ তথা ভীতিগ্রস্থতা ৷ প্রথম দুইবিধৰ ক্ষেত্রত চৰকাৰী-বেচৰকাৰী স্বেচ্ছাসেৱী সংস্থাসমূহৰ কৰণীয় বহু আছে ৷ আৰু পৃথিৱীত হয়তো এনে কোনো ধৰ্ম নাই যি মানৱ সেৱাৰ বাবে নিজৰ স্বাৰ্থ ত্যাগ কৰিবলৈ কোৱা নাই ৷
প্রকৃততে দেহদান জীৱনক ভালপোৱা সকলোৱে কৰিব পাৰে ৷ পুৰুষ-মহিলা, ডেকা-বৃদ্ধ, ৰোগী-নিৰোগী, ধাৰ্মিক-অধাৰ্মিক, ঈশ্বৰ বিশ্বাসী-নাস্তিক, সোঁ-পন্থী-বাঁও-পন্থী সকলোৱে ৷ বহুতে ভাবে এইটো এটা বিৰাট ডাঙৰ সাহসৰ কাম, বিৰাট কঠিন আৰু মহান কাম ৷ মুঠৰ ওপৰত মহানৰ শাৰীত নপৰিলেও ই এটা সহজ ভাল কাম ৷ নিজৰ এৰিবলগীয়া প্ৰাণহীন দেহটো কাৰোবাৰ জীৱন দানৰ বাবে আগবঢ়াই দিয়াটোত খুব বেছি সাহসৰ প্ৰয়োজন ভাবিব গ’লে নাই ৷ মৃত্যুৰ পৰৱৰ্তী কাজ-কৰ্মৰ নামত আত্মীয়ৰ হাৰাশাস্তিতকৈ এয়াই ভাল ৷ আপুনি যদি স্বৰ্গ-নৰক বিশ্বাসো কৰে তেন্তে ভাল কাম এটাৰ বাবে পুৰষ্কৃতহে হ’ব চাগৈ ৷ ব্যক্তিগতভাৱে ভাবো, ই মানৱ দেহৰ চোৰাং ব্যৱসায় হ্ৰাসত অলপ হলেও অৰিহণা আগবঢ়াব পাৰিব ।

No comments:

Post a Comment