"তোমাৰ নাম কি?"- ঘৰৰ চাদ এখনৰ পৰা টুকুৰা ইটাৰ খট-খটিৰে টপা-টপ নামি
অহা ছয়-সাতবছৰীয়া ল'ৰাটোৱে ক'লে- "আকিৰ"। " ঘৰ কোন গাঁৱত?"। ল'ৰাটোৱে তপৰাই
উত্তৰ দিলে। তাক সোধা হ'ল- " ঘৰত কিয় নাই তুমি?" । এইবাৰ ল'ৰাটো অলপ দেৰি
থৰ লাগিল। তাৰপাছত লাহে লাহে ক'লে- " সিহঁতে ঘৰটো জ্বলাই দিলে"। "তুমি
স্কুললৈ যোৱা নে?" ল'ৰাটোৱে এবাৰ হয় বুলি মূৰ দুপিয়াব বিচাৰিলে। আকৌ কিবা
এটা ভাবি নঞাৰ্থক ভাৱে মূৰ লৰালে ( যিটো কৰি সি বৰ ভাল নাপালে)। " তুমি
স্কুললৈ নোযোৱা তাৰমানে?" এইবাৰ কনমাণিটিয়ে কোনো উত্তৰ নিদিয়াকৈ
ভগা বেৰখনৰ সিপাৰে ব্যস্ত থকা মাকক সুধিলেগৈ-"আম্মী, মোক স্কুলত আকৌ নাম
লগাই দিবানে?" মাকে কিবা এটা ক'লে। এইবাৰ সি ওলাই আহি উলাহেৰে প্ৰশ্নকৰ্তাক
ক'লেহি, "আম্মীয়ে কৈছে, মোক আকৌ স্কুলত নাম লনগাই দিব"। এটা শৰণাৰ্থী
শিবিৰত থকা তাৰ এই সপোনটো কেতিয়া পূৰণ হ'ব সেয়া কোনেও নাজানে।
' মুজ্জাফৰনগৰ বাকী হ্যে' - নকুল সিং শ্বাহনীৰ তথ্যচিত্ৰখনৰ দৃশ্য এয়া।
বহু মননশীল টুকুৰা কাহিনী-সত্য ঘটনা, দৃশ্যৰে কোৱা হৈছে সেইসকল লোকৰ
দুৰ্দশাৰ প্ৰকৃত অৱস্থা যিসকলৰ
কথা কেতিয়াও প্ৰচাৰ মাধ্যমত প্ৰকাশ নহয়। উত্তৰ প্ৰদেশৰ মুজ্জাফৰনগৰ আৰু চামলী জিলাত ধৰ্মৰ নামত হোৱা সংঘৰ্ষৰ বলি দুখীয়া মুছলিম পৰিয়ালসমূহৰ কথাই যে তাত আছে এনে নহয়। তথ্যচিত্ৰখনত আৰু বহু কেইটা দিশ সোমাই আছে। ৰাজনৈতিক দলসমূহে নিজৰ স্বাৰ্থত পাশা খেলৰ গুটিৰ দৰে ধৰ্মীয় কাৰণত ব্যৱহাৰ কৰা এই লোক সকল, লিংগ প্ৰসংগ, ধৰ্মীয় মেৰুকৰণেৰে পাহৰাই পেলাব বিচৰা ধনী-দুখীয়াৰ মাজৰ বিস্তৰ প্ৰভেদ আদি বিবিধ কথা সাহসিকতাৰে উত্থাপন কৰা হৈছে এই তথ্যচিত্ৰখনত। যাৰ ফলত হয়তো ভয়ত বিতত হৈ সোঁপন্থী কেতবোৰ সংগঠনে সমগ্ৰ ভাৰতত এইখন নিষিদ্ধ কৰিবলৈ উঠি-পৰি লাগিছে।
'মোজ্জাফৰনগৰ বাকী হ্যে' - সকলোৱে চাবলগা এখন তথ্যচিত্ৰ। যিসকলৰ হিন্দুৰ ওপৰত কৰা মুছলিমৰ অত্যাচাৰৰ কথা ভাবি তেজ উতলি আহে তেঁওলোকে বিশেষভাৱে এইখন চোৱা উচিত।
ধৰ্মৰ নামত ৰাজনৈতিক নেতাই উন্মাদ কৰি তোলা মানুহে কেনেকৈ মানুহক কুকুৰ-মেকুৰীৰ দৰে মাৰিব পাৰে, কেনেকৈ সাধাৰণ মানুহখিনিৰ মাজত দুখ, হুমুনিয়াহ, সন্ত্ৰাস আৰু অবিশ্বাসৰ পৰিবেশ বিয়পাব পাৰে- গা শিয়ৰি উঠা এই দৃশ্যবোৰ চাই ভাৱ হৈছে অদূৰ ভৱিষ্যতে অসমতো এনে পৰিবেশৰ সৃষ্টি নহয়তো?!

No comments:
Post a Comment