Thursday, 5 November 2015

ৰাগ : The Rhythm of Love

" তুমি আচলতে কি বিচাৰিছা ৰাধিকা? প্ৰেম, সৌন্দৰ্য নে সত্য?"
চিত্ৰকৰ ইকবালৰূপী আদিল হোছেইনৰ প্ৰশ্ন ৰাধিকাৰূপী জেৰিফালৈ। ভিতৰি ভাগি পৰিও ভাগি পৰিব নিবিচৰা ৰাধিকাৰ দৃঢ় উত্তৰ "জীৱন, আৰু একো নহয়।"
জীৱনক ভালপোৱা ৰাধিকাক লৈ আগবাঢ়িছে ৰাগ : The Rhythm of Love নামৰ অসমীয়া কথাছবিখন। এগৰাকী সৃষ্টিশীল, সৰল নাৰীৰ জীৱন বিচাৰি কৰা যাত্ৰাত পোৱা প্ৰত্যাহ্বান, সংগ্ৰাম, পোৱা-নোপোৱাৰ কাহিনী। কোনোধৰণৰ অতি নাটকীয় পৰিস্থিতিৰ সৃষ্টি নকৰাকৈ নিতান্তই বিশ্বাসযোগ্য আৰু সাৱলীলভাৱে কথাছবিৰ কাহিনী আগবাঢ়ি গৈ এক আকৰ্ষণীয় twistত যোগাত্মকভাৱে শেষ হৈছেগৈ।
জীৱনত বৰ বেছি পৰিকল্পনা কৰি আগবাঢ়িব নোখোজা বা নজনা সহজ-সৰল ৰাধিকা, যি সৰু-সুৰা কথাবোৰ, বস্তুবোৰৰ ক্ষেত্ৰত বেহিচাপী বা অসাৱধান। সেয়ে য'তে- ত'তে সৰু-সুৰা বস্তুবোৰ হেৰুৱাই পেলায়, সৰু কামবোৰত খেলি-মেলি কৰে, ক'ৰবাত গৈ পাওতে দেৰী হয়, অসাৱধান কাৰণে দুৰ্ঘটনাগ্ৰস্তও হয়। অথচ তাৰ সম্পূৰ্ণ বিপৰীত, সকলো বস্তুকে নিখূঁট আৰু সুচিন্তিত ৰূপত বিচৰা স্বামী আলোক।
কাহিনীত শক্তিশালীৰূপে প্ৰৱেশ ঘটিছে অসফল বিবাহত বিধস্ত এসময়ৰ প্ৰখ্যাত চিত্ৰকৰ ইকবাল, যাক বিবাহৰ সাত বছৰৰ পাছত এৰি থৈ কন্যাৰ সৈতে চেক গণৰাজ্যলৈ উভতি যায় তেঁওৰ বাঁহীবাদক পত্নী।
আন দুটা গুৰুত্বপূৰ্ণ চৰিত্ৰ, ৰাধিকাৰ পুৰণি বন্ধু পাৰ্থ আৰু আলোকৰ সহকৰ্মী নন্দিনী।
সম্পৰ্কবোৰ আগবঢ়াই নিয়াটোযে কিমান জটিল। ৰাধিকাৰ বাবেও। কেতিয়াবা একেবাৰে ওচৰৰ মানুহবোৰকে বুজা বুলি দাবী কৰাৰ পাছতো বুজিব পৰা নাযায়। সম্পৰ্কৰ ক্ষেত্ৰত দৰ্শকক কেতবোৰ মননশীল প্ৰশ্ন আৰু পৰিস্থিতিৰ সন্মুখীন কৰাইছে 'ৰাগে' ৰাধিকাৰ জীৱনৰ মাজেৰে। সময়ৰ লগে লগে মৰহি যোৱা প্ৰেম আৰু পৰীক্ষাৰ সন্মুখীন হোৱা সম্পৰ্কৰ বিশ্বাস, অনুৰাগ, বন্ধুত্ব, আশাভংগ বনাম বুজা-পৰা আদি পৰিস্থিতি আৰু কিছুমান প্ৰশ্ন যেনে যেতিয়া সম্পৰ্কত সংঘাত আহে আৰু চকুৰ আগতে ভালপোৱা মৰহি যায় তাক চাই জীয়াই থকাটো সম্ভৱনে? তাতে জীৱন শেষ হয় জানো? নে স্বাৰ্থপৰ যেন লাগিলেও অলপ প্ৰেৰণা আৰু সাহচৰ্যও লাগে ? অলপ মৰম, অলপ বিশ্বাস আৰু মাতৃত্ব প্ৰয়াসী ৰাধিকাৰ কন্ঠত মীৰাৰ সেই সনাতন আকুলতা ফুটি উঠে, ইকবালৰ হাতত প্ৰাণ পোৱা ছবিবোৰৰ দৰেই।

ছবিত প্ৰথম দেখাত থুনুকা যেন লগা ৰাধিকাই অনিমন্ত্ৰিত যন্ত্ৰণাক আঁতৰাই এক অদম্য ইচ্ছাৰে গানৰ মাজেৰে জীৱনক পুনৰ বাচি লৈছে। সুস্থ জীৱনবোধ নাথাকিলে, জীৱনটো কেৱল বজাৰত up-to-date হৈ থকাৰ প্ৰতিযোগিতা বুলি ভাবিলে এনে হোৱা সম্ভৱ নহয়।
যদিও অসমীয়া ভাষাৰ ছবি, তথাপিও কাহিনীৰ খাতিৰত 'ৰাগ'ত হিন্দী আৰু ইংৰাজী ভাষাও আহিছে। সংলাপবোৰো নাটকীয়তাবিহীন আৰু সহজ। ছবিত থকা দুই-এটা flash backয়েও কাহিনীৰ মসৃণ গতিক বাধাটো দিয়া নায়েই, বৰং চিত্ৰনাট্যৰ পৰিপক্কতাকহে সূচাইছে। ভাল লাগিল কেৱল ঘটনাক গুৰুত্ব দিয়াতকৈ চৰিত্ৰবোৰক গঢ় দিয়াৰ চেষ্টা দেখি।অৱশ্যে ইকবাল চৰিত্ৰটোৱে যেন শেষ সময়লৈ অলপ কম গুৰুত্ব পালে।
চিত্ৰগ্ৰহণকাৰী অজয়ন ভিনচেন্টে (Ajayan Vincent) জনাইছিল, বাজেট কম বাবেই পুৰণা কেমেৰাৰে ছবিৰ কাম চলাব লগা হৈছিল। তথাপিও সচৰাচৰ অসমীয়া কথাছবিসমূহত দেখা পোৱা কেমেৰাৰ লেহেমীয়া গতি ইয়াত অনুপস্থিত। পৰিচালকেও কোৱা মতে, ক'ৰবাত ক'ৰবাত ৰঙৰ তাৰতম্য ঘটিছে। পিছে সাধাৰণ দৰ্শক হিচাপে ছবি আৰু গানৰ মাজেৰে গৈ থাকোতে কোনো অসুবিধা অনুভৱ নকৰিলোঁ দেখোন।
সাজ-পোছাকৰ ক্ষেত্ৰতো সম্পূৰ্ণ স্বাভাৱিক আৰু মাৰ্জিত ৰূপত সকলোকে দেখা গ'ল। বিশেষকৈ, ৰাধিকাৰূপী জেৰিফাৰ কাপোৰ, ৰঙৰ নিৰ্বাচন সঁচাই মনোমোহা। কেতিয়াবা আনকি কাপোৰৰ ৰঙবোৰেও মনৰ বিবিধ অৱস্থা প্ৰকাশ কৰিব বিচৰা যেন লাগিল। ইকবালে অঁকা ছবিবোৰ অৱশ্যে আৰু অলপ ভালকৈ চাবলৈ মন থাকিল।
তদুপৰি ছবিখনৰ সংগীতে( কথা আৰু সুৰ দুয়োটাই) খুউব আন্তৰিকতাৰে কাহিনীক আগবঢ়াই নিবলৈ চেস্টা কৰিছে। গায়িকাৰূপী ৰাধিকাৰ ওঁঠত অনিন্দিতা পালৰ মীৰা ভজনকেইটা সঁচাই শ্ৰুতিমধুৰ।
খুউব কম চৰিত্ৰৰ সমাহাৰ ঘটা ছবিখনত মূল চৰিত্ৰকেইটাৰ অভিনয় যথাযথ। কেৱল আলোকৰূপী কেনী বসুমতাৰীৰ অসমীয়া সংলাপ প্ৰক্ষেপণত অলপ আসোঁৱাহ থাকি গ'ল যেন লাগে। কম সময়ৰ বাবে দেখা গ'ল পৰিচালক ৰজনী বসুমতাৰী( Rajni Basumatary )ক, দিল্লীবাসী দুই-এখন চিনাকী মুখ যেনে সমুদ্ৰ কাজল শইকীয়া ( Samudra Kajal Saikia) আদিক।
সঁচা কথা , ৰাগত ভাত-ৰুটিৰ বাবে কৰা দৈনন্দিন সংগ্ৰামৰ কথা নাই। তথাপিও কাম কৰাৰ স্বাধীনতাতকৈ কাম কৰা-নকৰাটো নিজে বাচি ল'ব পৰা স্বাধীনতাৰ দৰে নতুন বিষয়, সম্পৰ্কবোৰৰ গতিৰ নতুন পৰীক্ষা- নিৰীক্ষা আদিক বিষয় হিচাপে লোৱা এনেধৰণৰ দুই-এখন মননশীল ছবিৰ প্ৰয়োজন অসমীয়া ছবিজগতত আছে।
যোৱাবছৰ ছবিঘৰলৈ চাবলৈ যাওতে কম হ'লেও দৰ্শক দেখা পাইছিলোঁ। সিদিনা Brahmaputra Valley Film Festivalত পুনৰ চোৱালৈকে ইতিমধ্যেই ছবিখনৰ কে'বাঠাইতো বিশেষ প্ৰদৰ্শনী হৈ গৈছে। ৰাগৰ লগত জড়িত সকলোকে শুভেচ্ছা আৰু অভিনন্দন জনালোঁ।
( অহ্, এটা কথা উল্লেখ কৰিব পাহৰিছিলোঁৱে! পৰিচালনা! দক্ষ। সংলাপহীন দৃশ্যবোৰৰ চৰিত্ৰসমূহৰ body languageই কাহিনী ক'বলৈ যথেষ্ট হৈছে। এনেকোৱা smart পৰিচালক থাকিলে প্ৰতিখন অসমীয়া ছবি চাবলৈ ছবিঘৰলৈ যাব পাৰি smile emoticon )

No comments:

Post a Comment