Thursday, 5 November 2015

অহল্যা

আমি প্ৰায় সকলোৱে 'অহল্যা' নামটোৰ লগত জড়িত আখ্যানটোৰ লগত পৰিচিত। অন্ততঃ থূল-মূলকৈ হলেও। সেইযে ৰামায়ণত বৰ্ণিত অহল্যা, যি আছিল ঋষি গৌতমৰ পত্নী। যাৰ ৰূপত কামাতুৰ হৈ দেৱৰাজ ইন্দ্ৰই ঋষি গৌতমৰ ৰূপ লৈ এই বিষয়ে অজ্ঞ অহল্যাৰ সৰলতাৰ সুবিধা লৈছিল। পিছত গৌতম মুনিয়ে এই কথা জানিব পাৰি খঙত ইন্দ্ৰক অভিশাপ দিয়ে যাৰ ফলত ইন্দ্ৰৰ গাত অলপ সময়ৰ বাবে এহেজাৰটা চকু ওলাইছিল আৰু অহল্যাকো গৌতম মুনিয়ে নিৰ্দোষ বুলি জানিও 'অপৱিত্ৰ' হোৱাৰ বাবতে হেজাৰ হেজাৰ বছৰ ধৰি শিল হৈ থাকিবলৈ অভিশাপ দিয়ে। অহল্যা অৱশেষত শাপৰ পৰা মুক্ত হৈছিল ৰামৰ পদ স্পৰ্শ পাই।
অহল্যা নামেৰে এখন চুটি ছবি নিৰ্মাণ কৰি উলিয়াইছে সুজয় ঘোষে। তেখেতৰ ঝংকাৰ বীটছ, কাহানী আদি ছবি চোৱাৰ অভিজ্ঞতাৰ পৰা স্বাভাৱিকতে উৎসুক হৈ চুটি ছবিখন চালো। আখ্যানটোৰ ওপৰত জান-নেজানকৈ আধাৰিত তিনিটা চৰিত্ৰ অহল্যা, গৌতম সাধু ( ভাস্কৰ্য শিল্পী) , ইন্সপেক্টৰ ইন্দ্ৰক লৈ বাংলা ভাষাত চৈধ্য মিনিটৰ এই ছবিখন নিৰ্মাণ কৰা হৈছে।
চোৱাৰ পিছত বহুবোৰ কৌতূহল আৰু প্ৰশ্নই মনটো আচ্ছন্ন কৰি তুলিলে।
ইয়াত ইন্সপেক্টৰ ইন্দ্ৰ গৌতম সাধুৰ পত্নী অহল্যাৰ প্ৰতি আকৰ্ষিত হৈ গৌতম সাধুৰ ৰূপ লৈ অহল্যাৰ কাষ চাপোতে শেষত এটা পুতলাত বন্দী হ'ব লগা হ'ল। গৌতম সাধু আৰু অহল্যা দুয়োজনেই এই কামটোত জড়িত আছিল।
পিছে প্ৰশ্ন হয় দুয়োজনে এই কাম কিয় কৰিছিল? আঠসত্তৰ বছৰীয়া গৌতম সাধুৰ যুৱতী পত্নীৰ শাৰীৰিক প্ৰয়োজনৰ বাবে নে নাৰীক শাৰীৰিকভাৱে পাবলৈ প্ৰতাড়ণা কৰিবলৈ চেষ্টা কৰা পুৰুষক শাস্তি দিবলৈ? অৱশ্যে ছবিখনত অহল্যা আৰু ইন্সপেক্টৰ ইন্দ্ৰৰ মাজত শাৰীৰিক ঘনিষ্ঠতাকো স্পষ্টকৈ বুজিব নোৱাৰি।
প্ৰশ্ন হয় এয়া অহল্যাৰ আধুনিক ৰূপ নেকি যি বিনা দোষত শাস্তি মূৰ পাতি লবলৈ নাৰাজ। বৰঞ্চ প্ৰতাৰক ইন্দ্ৰকহে শাস্তি দিয়ালে গৌতমৰ লগ লাগি। অথবা ইন্দ্ৰৰ চৰিত্ৰটোৰ প্ৰতি সহানুভূতি দেখুৱাব যোৱা গ'ল নেকি য'ত এক কেচৰ অনুসন্ধানৰ কামত তেঁওলোকৰ ঘৰলৈ অহা ইন্সপেক্টৰ ইন্দ্ৰক পৰিকল্পিতভাৱে গৌতম সাধু আৰু অহল্যাই জালত পেলাই পুতলা বনাই থয়? ইন্দ্ৰ অহল্যাৰ প্ৰতি আকৰ্ষিত হোৱাত অহল্যাৰ চৰিত্ৰত অভিনয় কৰা ৰাধিকা আপ্তেৰ পোচাকযোৰে বা অহল্যাৰ মাজে মাজে প্ৰশ্ৰয় দিয়া স্বভাৱেহে যেন মূল কাৰক হিচাপে কাম কৰিছিল তেনে ধাৰণা এটাও দিবলৈ চেষ্টা কৰা যেন লাগিল। বাস্তৱতকৈ সাধুৰ বেছি ওচৰ চপা এই ছবিখন চাই মুঠতে দোধোৰ- মোধোৰত পৰিছো।
সুজয় ঘোষৰ নিজৰ কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনাৰ এই চুটি ছবিখনে ঘোষৰ বুদ্ধিদীপ্ত প্ৰতিবাদ সূচাইছে নে প্ৰায়ে মানুহে কৰাৰ দৰে নাৰীৰ পোছাকক দোষ দি ধৰ্ষণকাৰীসকলৰ প্ৰতি এক ধৰণৰ সহানুভূতি সৃষ্টি কৰাৰ প্ৰয়াস কৰিছে??
ছবিখনত প্ৰবীণ অভিনেতা সৌমিত্ৰ চেটাৰ্জীৰ অভিনয় জীৱন্ত। ইউ টিউবত ছবিখন আছে। বাংলা বুজি নোপোৱাসকলৰ বাবে ইংৰাজী চাব টাইটেলো আছে।
http://m.youtube.com/watch?v=Ff82XtV78xo

No comments:

Post a Comment