Thursday, 5 November 2015

ADOPTION

নেষ্টলে' ৰ সেই বিজ্ঞাপনটো মন কৰিছিলনে? এহাল দম্পতীয়ে এখন অনাথ আশ্ৰমৰ পৰা এজনী চাৰি-পাঁচবছৰীয়া ছোৱালী তুলি লয় । লগত যায় তেঁওলোকৰ প্ৰথম আৰু biological সন্তান আৰু ছোৱালীজনীতকৈ অলপ বয়সত ডাঙৰ ল'ৰাটি । প্ৰথম দিনাৰ পৰাই অসুৰক্ষিত আৰু ঈৰ্ষাৰ অনুভৱেৰে জৰ্জৰিত ল'ৰাটোৰ নতুন ভনীয়েকজনীৰ প্ৰতি মৰম আৰু বুজাবুজি গঢ়ি উঠে খোৱা বস্তু ভগাই খোৱাৰ যোগেদি । এমেনচিবোৰে মানুহৰ অন্তৰৰ কোমলতম অংশ স্পৰ্শ কৰি যোৱাকৈ প্ৰস্তুত কৰা বিজ্ঞাপনবোৰৰ ভিতৰত ইও এটা । দুটা কথা মন কৰিছিলো । এটা হৈছে মংগোলিয়ান মুখাবয়ৱৰ মানুহক ভাৰতীয় দৰ্শকৰ বাবে উলিয়াই অনা ( তুলি লোৱা কন্যা শিশুটি মংগোলিয়ান মূলৰ আছিল) আৰু আনটো সুন্দৰ প্ৰচেচ্টা আছিল সন্তান তোলি লোৱা কথাটোক এক স্বাভাৱিক ঘটনা হিচাপে দেখুওৱা । দম্পতিহালৰ এটা সন্তান থকাৰ পাছতো আন এটি সন্তান বাছি লৈছে অনাথ আশ্ৰমৰ পৰা ।
সাধাৰণতে সৰহভাগ মানুহৰে এইটো ধাৰণা যে সন্তান তোলি লোৱাটো স্বাভাৱিক দম্পতীৰ বাবে নহয় । যিসকলে স্বাভাৱিকভাৱে সন্তান জন্ম দিবলৈ অক্ষম তেঁওলোকেহে adoption ৰ কথা চিন্তা কৰে । তাকো বহুত চিকিৎসা কৰি সুফল নোপোৱাৰ পাছত বহুত দুখমনেৰে । কিন্তু সন্তান তোলি লোৱাৰ এই কামটো বাৰু সঁচাই এনে এক বেদনাদায়ক আৰু অসহায় অৱস্থাৰহে পৰৱৰ্তী পৰ্যায় নেকি?বা হোৱা উচিতনে? ভাবি চাওকচোন এটি শিশু যাক ভোক লাগিলে খুৱাবলৈ , কান্দিলে মৰম কৰিবলৈ, সকলোবোৰ বিপদ -আপদৰপৰা বচাই আৱৰি ৰাখিবলৈ কাষত মাকো নাই, দেউতাকো । সেই শিশুটোক মাক-দেউতাকৰ মৰমেৰে আৱৰি ওৰে জীৱনৰ বাবে আস্থা দিবলৈ আগবাঢ়িবলৈ নিজৰ শাৰীৰিক অক্ষমতাই একমাত্ৰ কাৰণ হোৱা উচিতনে?
নিশ্চয় হোৱা উচিত নহয় । বৰ্তমান unconventional এডপ্টচনৰ সংখ্যা বাঢ়িব ধৰিছে য'ত শাৰীৰিকভাৱে সক্ষম দম্পতীয়েও সন্তান এডপ্ট কৰিছে কেতিয়াবা নিজৰ সন্তান থকাৰ পাছতো । আকৌ অকলশৰীয়াকৈও কোনো কোনোৱে সন্তান তোলি লৈছে । পৃথিৱীৰ আন ঠাইৰ লগতে ভাৰততো এই ধাৰা আৰম্ভ হৈছে । আমি নিশ্চয় এঞ্জেলিনা জ'লী, সুস্মিতা সেন, ৰবীনা টেন্ডনৰ কথা জানো । প্ৰসংগক্ৰমে অৰ্পিতা খানৰ কথাও উল্লেখ কৰিব পাৰি । হয় চলমান খানৰ ভনীয়েক অৰ্পিতা । যাক নিজৰ সুস্থ কেইবাটাও সন্তান থকাৰ পাছতো চলমানৰ পিতৃ চেলিম খানে ডাষ্টবিনৰ পৰা তুলি আনিছিল । প্ৰথম তিনিওগৰাকীয়ে নিজৰ বিবাহৰ আগতেই সন্তান তোলি লৈছিল । এঞ্জেলিনা, ৰবীনাৰ পিছত নিজৰ সন্তানো হ'ল । Single পিতৃ হিচাপে ভাৰতত প্ৰথম নিজৰ বিবাহৰ আগত এটি শিশু তোলি লৈছিল সন্দিপ সোপাৰকাৰে ।
অসমতো এনে single পিতৃ-মাতৃ আছে যদি নাজানো যদিও যোৱা কেইবছৰমানৰ চৰকাৰী হিচাপমতে এডপ্টচনৰ সংখ্যা বাঢ়িছে । বিশেষকৈ পুত্ৰতকৈ কন্যা শিশুৰ এডপ্টচনৰ সংখ্যা অসমত বেছি ।
সন্তান এটি তোলি ল'লে তাত নিজৰ জৈৱিক সন্তানৰ দৰে থাকিবলগা মৰম নাথাকিব বুলি ভৱাটো উচিত জানো । ভাৱকচোন কৃষ্ণ আৰু যশোদাৰ মাজৰ সম্পৰ্কটো । জৈৱিক পিতৃ-মাতৃ দৈৱকী-বাসুদেৱতকৈ যশোদা-নন্দহে দেখোন কৃষ্ণৰ বেছি ওচৰ চপা আছিল ।
তথাপিও মানুহৰ প্ৰশ্ন থাকিবই । সন্তান তোলি লোৱা দম্পতী (single হ'লেটো কথাই নাই) য়ে কথা শুনিব লগা হয়েই ক'ৰবাত নহয় ক'ৰবাত কাৰোবাৰ পৰা । অথচ এই সকলোবোৰ আওকাণ কৰিও যিসকলে কোনো ভেদ নাৰাখি কেৱল শিশুৰ প্ৰতি থকা অপাৰ মৰমৰ বাবেই কোনো অসহায় , অনাথ শিশুক আকোঁৱালি লয় নিজৰ জীৱনত, তেঁওলোক সঁচা প্ৰশংসাৰ পাত্ৰ । বহুত কথা-কামেৰে যোগাত্মক পৰিৱৰ্তন আনিব পাৰি । এনেধৰণৰ এটা পদক্ষেপ (শাৰিৰীক সক্ষমতা নিৰ্বিশেষে) ল'ব পৰা নাযায়নে?

No comments:

Post a Comment