Thursday, 5 November 2015

এনেয়ে

'কৰ্মক্ষেত্ৰৰ পৰা উভটি ঘৰলৈ ৰেল এখনত গৈ আছো। ঘৰ পাবলৈ আৰু অলপ বাকী। এনেতে আগফালৰ ডবাবোৰত কিবা অলপ হুলস্থূল শুনিলোঁ। তাৰ পাছতেই ক্ৰেছ, ধ্ৰাম আদিৰ দৰে কিছু শব্দ। আমাৰ ডবাটো বেয়াকৈ কঁপিছে।মই বহা ঠাইৰ পৰা উফৰি গৈ বাঁওফালৰ খিৰিকী এখনত হামখুৰি খাই পৰিলোগৈ। খিৰিকীৰে বাহিৰলৈ চাই দেখিলো আমাৰ আগৰ দবাটো এৰা খাই দ পিতনি এটাৰ ফালে দ্ৰুতগতিত আগবাঢ়িছে। ডবাটোৰ পৰা ওলাইছে প্ৰচন্ড ধোঁৱা। অলপ সময়ৰ ভিতৰতে মানুহৰ পৰা গম পালোঁ সেই ডবাটোত বোলে কেতবোৰ বিস্ফোৰক আছিল। কেনেবাকৈ জুই লগাত ৰেলখনৰ বাকী মানুহবোৰ বচাবলৈ ডবাটো তাৎক্ষণিকভাৱে আঁতৰাই পঠোৱাৰ বাহিৰে আন উপায় নাছিল। সেই ডবাৰ যাত্ৰীবোৰে গমেই নাপালে। চাৰিওফালে হুৱা-দুৱা লাগিল।আমাৰ ডবাটোৰ কেইগৰাকীমান খুব ধুনীয়াকৈ পাটৰ সাজ পিন্ধি সাঁজি-কাচি থকা মহিলাই কান্দিবলৈ ধৰিলে। প্ৰথমে দেখি ভাবিলোঁ সম্ভৱ আগৰ ডবাটোৰ যাত্ৰীবোৰৰ কথা ভাবি আৰু ঘটনাটোত চক খাই কান্দিছে চাগৈ। পিছে নহয়। এনেকৈ দুৰ্ঘটনা হৈ ৰেল লাইন বন্ধ হৈ যোৱাৰ বাবে তেঁওলোকৰ ঘৰ পোৱাত বহুত পলম হ'ব। সেই চিন্তা আৰু দুখতহে কান্দিছে। ডবাৰ পৰা ওলাই আহিলোঁ। আৰে মই দেখোন মালগাড়ী এখনতহে আহিছো! বাহিৰত শৰো অধিক মৃত, অৰ্ধমৃত আঘাতপ্ৰাপ্ত দেহ। প্ৰথমে অলপ দেৰি জঠৰ হৈ ৰ'লো। কি কৰিম একো ভাবিয়েই পোৱা নাছিলো। তাৰ পাছত কঁপা কঁপা হাতেৰে মানুহবোৰ উঠাবলৈ চেষ্টা কৰিলোঁ। মানুহবোৰে চুৱেটাৰ পিন্ধি আছে। গাত কাপোৰো মেৰিয়াই থৈছে।এতিয়া ঠান্ডা দিন নেকি? ইফালে মূৰত দেখোন প্ৰচন্ড ৰ'দ! যিমান মানুহে আৰ্তনাদ কৰিছে তাৰ তুলনাত সহায়কাৰীৰ সংখ্যা নিচেই কম। মই নিজে চিঞৰিব নজনা কেঁচুৱা আৰু শিশুসমূহক উদ্ধাৰত লাগিলোঁ। সৰু সৰু কেঁচুৱাবোৰেও দুখ পাইছে।কিছুমানে মূৰত। কি যে কৰোঁ। হাতত একো নাই। পুলিচ, ডাক্টৰক ফোন? নাই সেইবোৰ একো মনত পৰা নাই। কেৱল চাইল্ড লাইনৰ নম্বৰটো লগাবলৈ চেষ্টা কৰিছো। লগা নাই। এহাল বাপেক- পুতেক আহিল। মোৰ হাতত থকা শিশু এটা খুজিলে। তুলি লব হেনো। দি দিলোঁ। উপাই নাই। এই মূহুৰ্তত কি কৰিম একো ভাবি পোৱা নাই। মাক-দেউতাক কেইটাৰ ইতিমধ্যেই চাগৈ মৃত্যু হৈছে। পাছত আত্মীয় আহিব। তেতিয়ালৈ বহু দেৰি। এঠাইত দেখিলো এটা ট্ৰলী বেগৰ পৰা আধা ওলোৱা হৈ পৰি আছে শিক্ষক দিৱসৰ দিনা শিক্ষকক দিবলৈ অনা উপহাৰ। গম পালো মোৰ প্ৰাক্তন ছাত্ৰী মোনাৰ বেগ সেইটো। তাই সহপাঠী আৰু পাতি লোৱা ৰাখি ভাই ঐশ্বৰ্যলৈ ঘৰৰপৰা কিবা -কিবি লৈও আনিছে। ঐশ্বৰ্য নিশ্চয় ঘৰলৈ যোৱা নাছিল। অসমতে আছিল। মই নাজানো ম'না ক'ত। তাইক বিশেষকৈ বিচৰাটো সম্ভৱো নহয় এতিয়া। সন্মুখত যাকে পোৱা যায়, তাকে সহায়ৰ সময় এতিয়া। লিৰিকি বিদাৰি অলপ সময় তাইৰ বস্তুবোৰ চাই থকা অলপ দূৰৰ পৰা দুজন মানুহে লক্ষ্য কৰি আছিল। মোৰ কিয় এনে লাগিল জানো যে সিহঁতে যেন যাত্ৰীৰ সামগ্ৰীবোৰ চুৰ কৰিবলৈ আহিছে। সেইবোৰ তাতে এৰি মই তিনিটা শিশুক মোৰ ঘৰলৈ লৈ গ'লো। তিনিওটাকে বিচনা এখনত শুৱাই মই ওচৰৰ দোকান এখনলৈ দৌৰি গ'লো সিহতৰ বাবে গাখীৰ আনিবলৈ। মই ক'লো সৰু কেঁচুৱাক খুৱাবলৈ গাখীৰ লাগে। তেতিয়াহে চালো মোৰ হাতত দেখোন একো নাই। দোকানী ল'ৰাটোৱে তেতিয়া সুধিলে, "আপুনি বাৰু ৰে'ল এক্সিডেন্ট হোৱা মানুহ খিনিক সহায় কৰিব নেকি? যদি হয়, মই এটা পেকেট এনেই দিওঁ" ।তাৰমানে ই জানে ঘটনাটো। অথচ জানিও দুই ফাৰ্লং আতঁৰৰ ঠাইখনলৈ নগৈ দোকান খুলি বহি আছে। আচৰিত ধৰণে বজাৰৰ আনবোৰ দুকানো খোলা। সকলো নিৰ্লিপ্ত। কোনো সাংবাদিকো অহা নাই। দোকানীজনে আমূলস্প্ৰেৰ পেকেট এটা উলিয়াব ধৰিছে। মই হিচাপ কৰিলোঁ। এইটো লৈ গ'লে মই পানী গৰম কৰি মিলাব লাগিব। তাৰ পাছত কেঁচুৱা কেইটাক গৰমৰ জোখ লৈ লৈ খোৱাব লাগিব। মোৰ ইমান সময় নাই। সিহঁতক খোৱাই থৈ মই আকৌ ৰে'ল বাগৰা ঠাইলৈ যাব লাগিব। মই আচলতে ৰেডিমেড গাখীৰৰ পেকেটহে বিচাৰিছিলো। সেই কথাটো মই দোকানীজনক ক'ব লাগিছিল। পিছে মই ক'ব নোৱাৰিলো। ক'বলৈ লওতেই ডিঙিত কিহবাই সোপা মাৰি ধৰিলে
আৰু মই সাৰ পাই গ'লো!"।
দিনটোৰ সাংঘাটিক ব্যস্ততা আৰু পৰিশ্ৰমৰ বাবে আনকালৰ তুলনাত সোনকালেই টোপনি গ'লো কালি। পাঁচবজাৰ আগতেই সাৰ পালোঁ। শুই শুই অলপ কিবা -কিবি পঢ়ি উঠি দেওবাৰৰ নিত্যনৈমিত্তিক কাপোৰ ধোৱা, চাফা কৰা, ৰন্ধা-বঢ়া কামবোৰ আৰম্ভ কৰি দিলো। পিছে ৰন্ধা-বঢ়া হোৱাৰ পাছত ইমান সোনকালে উঠাৰ অভ্যাস নোহোৱাৰ বাবেই হবলা টোপনিয়ে হেঁচা মাৰি ধৰিলে। চাৰে আঠ মান বজাত বিচনাত পৰি একেবাৰে টোপনিয়ে গ'লো। শোৱাৰ পৰা উঠিয়েই সমুখত আশ্ৰাফুলৰ পোষ্টটো। তাত কিবা এটা লিখিয়েই এই সপোনটোৰ কথা লিখি থলো। বুকুখন এতিয়াও গধুৰ গধুৰ লাগি আছে। কালিৰ শিক্ষক দিৱস, বানপানীত হাঁহি থকা এটা মৰমলগা শিশুৰ মুখখন, ৰাস্তাত ধোঁৱা ওলাই থকা ট্ৰাক এখন, সদায় দেখা ৰে'লবোৰ, শ্বীনা বৰাৰ হত্যাকান্ডকলৈ ব্যস্ত মিডিয়া- আটাইবোৰ খিচিৰী হৈ গ'ল হবলা। সপোনে একো যুক্তি নামানে। কথাখিনি পঢ়িছে যদি আপোনালোকৰ সময়খিনি নষ্ট কৰাৰ বাবে ক্ষমা বিচাৰিলোঁ।

No comments:

Post a Comment