জোখ-মাখবোৰৰ পূৰ্বেঃ কাইলৈ
মূল স্পেনিছ: অট্ট' ৰেণে কেষ্টিলো
ইংৰাজীৰ পৰা অনুবাদ: সুজাতা হাতীবৰুৱা
আৰু যেতিয়া আমাৰ সময়ৰ
উছাহপূৰ্ণ কাহিনীটো কোৱা হ'ল,
যিসকলৰ জন্ম এতিয়াও হোৱা নাছিল
কিন্তু বেছ দয়ালু মুখেৰে
নিজে ঘোষণা কৰিছিল-
আমি সন্মুখলৈ ওলাই আহিম
সেইসকল যিয়ে ইয়াৰপৰা
আটাইতকৈ বেছি ভুগিছিল।
আৰু লগতে এইটোও যে-
সময়তকৈ আগবাঢ়ি থকা মানে
ইয়াৰ পৰা আৰু বেছি ভুগা।
কিন্তু এতিয়াও নুপজা চকুৰে
পৃথিৱীখন ভালপোৱাটো ধুনীয়া কথা
আৰু চমকলগা
তুমি নিজকে বিজয়ী বুলি জনাটো
যেতিয়া তোমাৰ চৌদিশ
এতিয়াও কিমান শীতল
কিমান এন্ধাৰ।
No comments:
Post a Comment