Monday, 2 January 2017

স্পটলাইট



স্পটলাইট

-সুজাতা হাতীবৰুৱা


পাপৰি মেধিৰ নাটক 'স্পটলাইট' চালোঁ অলপতে মালিগাঁৱৰ ৰং ভৱনত মানুহৰ শৰীৰৰ আকাৰ-আকৃতিত অসন্তুষ্ট হৈ কৰা চৰ্চা, অৱহেলা, তাকে লৈ হঁহা ( body shaming), কৌতুক বনাই বিলাই ফুৰা আদি সচৰাচৰ ঘটি থকা, নিৰ্দোষ ধেমালি যেন লগা কথা-কান্ডবোৰে কাৰোবাৰ জীৱন যে কিমান দুৰ্বিসহ কৰি তুলিব পাৰে তাৰ সুন্দৰ বৰ্ণনা আছে নাটকখনিত
পুৰুষ-মহিলা প্ৰায় সকলোৱেই এতিয়া একোটা standard শৰীৰৰ আকাৰৰ সপোনত বন্দী। কোনোবাই বিয়া 'বৰ বাবে, কোনোবাই মডেল-অভিনয় বা আন কিবা পেছাৰ আশাত। সেই সপোন খেদি খেদি গৈ নোপোৱাসকলৰ কথা োনে শুনে? বা কেতিয়াও সেই সপোন নেদেখাসকলকো দেখিবলৈ বাধ্য কৰাবলৈ বিচাৰিলে কেনে লাগে? কোনে নিৰ্ধাৰণ কৰে সময় বিশেষে, ঠাই বিশেষে, লিংগ বিশেষে মানুহৰ শৰীৰৰ ৰুপ-বৰ্ণ, অংগ-প্ৰত্যংগৰ আকাৰ বা চমুকৈ সৌন্দৰ্যৰ ধাৰণা? বাস্তৱৰ যেন লগা বহুকেইটা চৰিত্ৰ (চৰিত্ৰ নহয় যেনে বিভিন্ন অৱস্থান প্ৰতিনিধিত্ব কৰি থকা বিভিন্ন কণ্ঠ) অকণো জড়তা নোহোৱাকৈ দৰ্শকক এই প্ৰশ্নসমূহৰ সন্মুখীন কৰালে। মনটো বেয়া লগাই দিলে, হহুঁৱালে, ভাবিবলৈ, হাত চাপৰি বজাবলৈ বাধ্য কৰালে।
আচৰিতধৰণে হল ভৰ্তি দৰ্শকৰ কাৰো বুজিবলৈ অসুবিধা নহ' নাটকখন। নাটকৰ দৰে কলাক সমাজৰ বাবে ব্যৱহাৰ কৰাত নাট্যকাৰ, উপস্থাপনৰ বাবে পৰিচালক সফল। এক শক্তিশালী বাৰ্তাৰে, পৰিষ্কাৰ দিশ নিৰ্দেশনাৰে ধনাত্মকভাৱে সমাপ্তি হৈছে। নাটক নাচাই যেন সচৰাচৰ চকুৰ আগৰ মানুহবোৰহে চালোঁ। নাটকখনৰ spiritটো ধৰি ৰখাত আন্তৰিকতাৰে আগ-ভাগ লৈছে অভিনেত্ৰী-অভিনেতাসকলে পৰম সজীৱতাৰে।
নাটকখনিৰ জুমুঠি বিশিষ্ট লেখিকা অৰূপা পটংগীয়া কলিতাৰ দুটা গল্প৷ নাট্যকাৰ পাপৰি মেধিয়ে জনোৱা মতে ফেইচবুকত নন্দিতা তালুকদাৰৰ লক্ষী চৰিত্ৰৰ ওপৰত দিয়া এক ব্যক্তিগত অভিজ্ঞতাৰ আপডেটৰ পৰাও তেওঁ আইডিয়া লৈছে। কিছু তাত্বিক সহায় লৈছে নাওমি ওল্ফৰ বিখ্যাত The Beauty Myth নামৰ গ্ৰন্থৰ পৰা, TED talks সমূহৰ পৰা। আচৰিত ধৰণে বহুকেইটা দিশৰ পৰা সৌন্দৰ্যৰ ধাৰণাক লৈ কথাবোৰ এখন পাৰ্লাৰত গৈ আলোচিত হৈছে যদিও, আৰু পুৰুষতান্ত্ৰিক সমাজৰ, নব্য-উদাৰতাবাদৰ imposition, নতুন নতুন পেছা আদিৰ কথা (আনকি এখন বিউটি পাৰ্লাৰৰ প্ৰাসংগিকতা) আহিছে যদিও নাট্যকাৰে 'তো খোকোজা নলগাকৈ, নাটকখনক শ্ল'গানধৰ্মিতাৰ পৰা আঁতৰাই ৰাখিব পাৰিছে। সৌন্দৰ্যচৰ্চাকো এক কলা হিচাপে যিদৰে দেখুৱাইছে সেইদৰে মানুহৰ নিজা নিজা সৌন্দৰ্য বা শৰীৰক লৈ ওপজা হীনমন্যতা ভিত্তিহীন বুলিও কৈছে।
ভাল লাগিল এই কাৰণেও যে এনে এটা জীৱন্ত বিষয়ৰ তাত্বিক বিশ্লেষণো যে সৰল ভাৱে উপস্থাপন কৰিব পাৰি তাক প্ৰমাণ কৰি দেখুওৱাবাবে। অন্ততঃ নাটকখন চাবলৈ লোৱাৰ আৰম্ভণিতে পৰিচালকে দৰ্শকক "এইখন অলপ বেলেগ নাটক বনাইছো। আপোনালোকে অলপ বেলেগকৈ চাব" জাতীয় নিৰ্দেশনা দিয়াৰ প্ৰয়োজন হোৱা নাছিল
মই নিশ্চিত নাটকখন চাই অহা কোনো দৰ্শকে আৰু শৰীৰক লৈ আৰু বিউটি পাৰ্লাৰ যোৱাক লৈও কৌতুক নকৰে

No comments:

Post a Comment