ডিয়েৰ জিন্দেগীঃ সম্পৰ্কৰ মনোৰম গাঁথা
-সুজাতা হাতীবৰুৱা
আমি
সাধাৰণ ৰোমান্টিক চিনেমা এখনত কি
দেখা পাওঁ বা চাবলৈ
ভাল পাওঁ? কেৱল আৰু
কেৱল নায়ক-নায়িকাৰ প্ৰেম,
ৰোমাঞ্চ, নৃত্য, একচন আৰু
এক মিলনাত্মক দৃশ্যৰে কাহিনীৰ সুখদায়ক পৰিসমাপ্তি। কেতিয়াবা কাচিৎ কাহিনী বিয়োগাত্মক
(মানে নায়ক-নায়িকাৰ মিলন
য'ত সম্ভৱ নহয়গৈ)
হ'লে শেষৰ অংশ
সাংঘাটিক ট্ৰেজিক হৈ পৰে। ইমানেই
ট্ৰেজিক যে কোমল অন্তৰৰ
দৰ্শকে কান্দি কান্দি হলৰ
বাহিৰলৈ আহে। তাতে যদি
নায়ক-নায়িকা চিনেমা উদ্যোগৰ
পটভূমিৰ পৰা অহা বুলি
দেখুৱাব লগা হয়, তেতিয়াতো
কথাই নাই। নায়িকাৰ চৰিত্ৰটো
প্ৰখ্যাত অভিনেত্ৰী আৰু নায়কক প্ৰখ্যাত
প্ৰযোজক কিম্বা অভিনেতা বুলি
দেখুওৱা হ'বই। ভাৰতত
এনে কাহিনীৰে ফৰ্মূলা প্ৰয়োগ কৰি বছৰে
বছৰে চিনেমা হৈ আহিছে।
মানুহেও প্ৰেমৰ চিনেমা বুলি
তেনেকোৱা চিনেমাকে চাবলৈ ঢপলিয়াই গৈছে।
কিন্তু ভাৰতৰ চিনেমা জগতৰ
মূল কাৰখানা স্থলীৰ পৰাই, য'ত এনে ফৰ্মূলাৰ
চিনেমা সহজলভ্য বা উভৈনদীকৈ নিৰ্মাণ
হয়, সেই বলীউডৰ পৰাই
ওপৰৰ ফৰ্মূলাবোৰক আওকাণ কৰি সম্পৰ্কক
লৈ এখন নতুন চিনেমা
নিৰ্মিত হ’ল।
যোৱাটো
বছৰৰ শেষৰ ফালে হললৈ
অহা এই হিন্দী চিনেমাখন
হৈছে গৌৰী সিন্দেৰ ৰচনা
আৰু পৰিচালনাৰ 'ডিয়েৰ জিন্দেগী'।
অগতানুগতিক কাহিনী চয়ন আৰু
সুকীয়া নেৰেটিভেৰে প্ৰথমখন চিনেমা 'ইংলিছ-ৱিংলিছ'ৰ
জৰিয়তে এই গৰাকী পৰিচালকে
নিজৰ প্ৰতিভাৰ পৰিচয় দি থৈছেই।
দ্বিতীয়খন চিনেমাইও দৰ্শকক নিৰাশ কৰা
নাই। তেখেতৰ লক্ষ্য সম্পৰ্কীয়
স্পষ্টতা ইয়াৰ অন্যতম কাৰণ।
এইখন
জীৱনত প্ৰেম আৰু সম্পৰ্কক
ভিত্তি কৰি নিৰ্মিত চিনেমা।
কাহিনী আগবাঢ়িছে এজনী কম বয়সীয়া
চিনেমাটোগ্ৰাফাৰৰ জীৱনক লৈ। কেমেৰাৰ
পিছফালৰ প্ৰফেচন এটা, যাৰ গাত
শ্বুটিঙৰ সময়ত হয়তো আন্ধাৰেই
পৰি থাকে, চিনেমাখনৰ নায়িকাৰ
বাবে নিৰ্বাচন কৰাতে বুজিব পাৰি
গৌৰী সিন্দেৰ একঘেয়ামীক প্ৰত্যাহ্বান দিয়াৰ প্ৰচেষ্টা।
সিন্দেৰ
চিনেমাখনত সুন্দৰী আলিয়া ভাট গ্লেমাৰাছ
চৰিত্ৰৰ নায়িকা নহয়। কায়ৰা
নামৰ এক সাধাৰণ তেজ-মঙহৰ মানুহ। যি
পেটৰ বাবে দৈনিক কাম
কৰে, কাম কৰি ভাগৰত
হামিয়াই, বন্ধুৰ সৈতে স্ফূৰ্তিও
কৰে, প্ৰেমত পৰে। আৰু
তাই sought after সুন্দৰী নহয়, যাৰ বাবে
প্ৰায়ে আন চিনেমাত দেখুওৱাৰ
দৰে নায়ক বা আন
ল'ৰাবোৰ বলিয়া হৈ
থাকিব। তায়ো বিফল হয়
প্ৰেমত। বিচ্ছেদো হয়। মহান মানৱীও
নহয় যে কাকো কেতিয়াও
দুখ নিদিব।জীৱনৰ অংশ হিচাপেই কেতিয়াবা
নিজেও আশাহত হয়, আনৰো
আশাভংগ কৰে। ভুলে-দোষে
দেখাত তেনেই সাধাৰণ ছোৱালী
এজনীৰ জীৱন আঁকিবলৈ যোৱাতেই
(যাৰ লগত দৰ্শকেও একাত্ম
অনুভৱ কৰিবলৈ লয়) পৰিচালক
থমকি ৰোৱা নাই। বৰঞ্চ
জীৱনৰ গতিৰ সৈতে খাপ
খুৱাবলৈ কৰা চেষ্টাত মানসিক
ভাৱে ভয়ংকৰ ভাৱে ভাগি
পৰা কায়ৰা নামৰ ছোৱালীজনীৰ
হেৰাই যোৱা আত্মবিশ্বাস তিল
তিল কৈ ঘূৰাই আনি
জীৱনক ভাল পাবলৈ শিকোৱা
হৈছে। মানুহ সফল আৰু
সুখী কেৱল নিজে অকলে
হ'ব নোৱাৰে। প্ৰেমিক-প্ৰেমিকাৰ প্ৰতি প্ৰেমৰ বাহিৰেও
বন্ধু তথা পৰিয়ালৰ দ্বায়িত্বশীলতাৰ
বাধ্যবাধকতাৰ পৰা দূৰৈত অৱস্থিত
unconditional ভালপোৱাও যে জীৱনৰ অন্যতম
অংগ তাকো চিনেমাখনত ধুনীয়াকৈ
দেখুওৱা হৈছে। এই যে
সম্পৰ্কবোৰ কেতিয়াবা কাৰোবাৰ জ্ঞাত বা অজানিত
ভুলৰ বাবে ভাঙি যায়
সেইবোৰৰ যত্ন লোৱা দেখা
গৈছে ক্ৰমে-ক্ৰমে চিনেমাখনত।
কিন্তু কেৱল সৰল সন্তুষ্টিয়ে
আকাংক্ষিত নহয়। নায়িকাই এজন
সপোনৰ সুন্দৰ কোঁৱৰক পাই
যোৱা নাই। আশাহত হৈ
ট্ৰেজিক ধৰণে কাহিনী শেষো
হোৱা নাই। জীৱনক ভালপাবলৈ
শিকা নায়িকাই সন্তুষ্টি পাইছে নিজৰ কামৰ
জৰিয়তে, হৈ নুঠা সম্পৰ্কবোৰক
দোষ দি বা সমস্যাৰ
পৰা পলায়ন কৰি নহয়;
বৰং সেইবোৰৰ সাহসেৰে মুখামুখি হোৱাৰ জৰিয়তে। গতিকে
single নায়িকাৰ বাবে দৰ্শকে কান্দিবলগা
হোৱা নাই। নায়িকাৰ মেন্টৰ
হিচাপে ভূমূকি মাৰিছে প্ৰায়
চিনেমাৰ আধা অংশ শেষ
হওঁ হওঁ হওঁতে শ্বাহৰুখ
খানে ড.জাহাংগীৰৰ ৰূপত।
পৰম্পৰাৰ
দৰে হৈ পৰা ফৰ্মূলাবোৰৰ
পৰা বহু দূৰত ৰৈ
'ডিয়েৰ জিন্দেগী'য়ে জীৱনত মৰম-ভালপোৱাৰ প্ৰয়োজনক দোহাৰিছে। তাৰ বাবে মেল'ড্ৰামাৰ প্ৰয়োজন হোৱা নাই। কাহিনীৰ
অংশ হিচাপেই গুঁঠি দিয়া হৈছে
কেতবোৰ প্ৰশ্ন, কেতবোৰ প্ৰতিবাদ সমাজৰ
বদ্ধমূল হৈ পৰা কেতবোৰ
ক্ষতিকাৰক ধাৰণাৰ বিৰুদ্ধে। প্ৰসংগ
হিচাপে পুৰুষতান্ত্ৰিক সমাজ-ব্যৱস্থাত ব্যক্তিগত
choice, space অথবা অধিকাৰৰ কথাও আহিছে, অথবা
আহিছে মানসিক ৰোগৰ প্ৰতি
মানুহৰ সংকোচ আতঁৰাই সজাগ
কৰি তোলাৰ কথাও। কিন্তু
এই আটাইবোৰ কৰিছে পৰিচালকে দৰ্শকক
অস্বস্তিৰ সন্মুখীন হ'ব নলগীয়াকৈ।
কাহিনী আৰু পৰিচালনা এনে
বুদ্ধিদ্বীপ্ত যে দৰ্শকে গম
নোপোৱাকৈয়ে চৰিত্ৰসমূহৰ সৈতে একাত্ম হৈ
পৰে আৰু উল্লেখিত প্ৰশ্ন
আৰু প্ৰত্যাহ্বানসমূহ নিজৰ অলক্ষিতেই গ্ৰহণ
কৰে কিম্বা অৱগাহণ কৰে।
এনেদৰেই লেখক-পৰিচালক নিজৰ
ইপ্সিত লক্ষ্যত উপনীত হয়।
চিনেমাখনৰ
আটাইতকৈ আকৰ্ষণীয় উপাদান বোধহয় কায়ৰা
আৰু ড.জাহাংগীৰ চৰিত্ৰ
দুটাৰ মাজৰ কথা-বাৰ্তা
আৰু ব্যৱহৃত সংলাপ। কেতিয়াবা ড.
জাহাংগীৰে কয় যে সহজ
আৰু কঠিন লক্ষ্যৰ মাজত
যিকোনো এটা বাচিব লগা
হ'লে মানুহে সহজ
লক্ষ্যটোৱে বাচি লব লাগে
বিশেষকৈ যেতিয়া মানুহজন কঠিন
লক্ষ্যটো প্ৰাপ্ত কৰিবলৈ সাজু হৈ
নাথাকে। অৱশ্যে তাৰ লগে
লগে নিজকে তাৰ বাবে
ক্ৰমে ক্ৰমে সাজুও কৰি
থাকিব লাগিব।কাৰণ তেওঁৰ ভাষাতে, "কেতিয়াবাতো
এভাৰেষ্ট বগাবই লাগিব"।
চৰিত্ৰ
দুটাৰ স্ক্ৰীণ স্পেচ ইমানেই সৰস
আৰু জীৱন্ত যে তাত
আলিয়া ভাট আৰু শ্বাহৰুখ
খানহে আছে বুলি ভাবিবলৈ
মন নাযায়। 'চক দে ইণ্ডিয়া'ৰ পাছত বহুদিনৰ
বিৰতিৰ মূৰত শ্বাহৰুখ খানৰ
অভিনয় ষ্টাৰ হিচাপে নহয়
বৰং অভিনেতা হিচাপে দেখিবলৈ পালো।
এজন মনোবিজ্ঞানী আৰু এজন ৰোগীৰ
মাজত থকা কথোপকথন আৰু
সম্পৰ্ক পেছাদাৰী হিচাপে বিশ্বাসযোগ্য উপস্থাপনত
অভিনেতা দুজন আৰু পৰিচালক
সফল। আলিয়া ভাটৰ ক্ৰমে
ক্ৰমে শেহতীয়া প্ৰায় প্ৰতিখন চিনেমাতে
প্ৰদৰ্শন উন্নততৰ হৈ অহাৰ প্ৰতিফলন
এইখন চিনেমাতো আছে।
বলিউডী
চিনেমাৰ অংশস্বৰূপ সংগীতসমূহ শ্ৰুতিমধুৰ। লগতে দৃশ্যগ্ৰহণো সুন্দৰ।
কথা
হ'ল, বছৰটোৰ ইমানবোৰ
হিন্দী চিনেমাৰ মাজতো এইখন কিয়
বিশেষ হৈ থাকিব? বাকী
দিশবোৰৰ বাহিৰেও? কাৰণ এই চিনেমাখনে
জীৱনত ভুলক ভয় কৰিবলৈ
শিকোৱা নাই। বৰঞ্চ অতীতৰ
ভুলবোৰৰ পৰা শিকি ভৱিষ্যতটো
সুন্দৰ কৰাৰ কথাহে কৈছে।
গাইগুটীয়া প্ৰেম-ভালপোৱাকে জীৱনত
প্ৰাধান্য নিদি আন আন
সম্পৰ্কবোৰৰো বিশালতা তথা গুৰুত্ব, সম্পৰ্কবোৰৰ
সম্ভাৱনা তথা সীমাবদ্ধতাকো আৱেগৰ
ক'লা পৰ্দা আঁতৰাই
বাস্তৱ দৃষ্টিকোণেৰে ফঁহিয়াই চাবলৈ যত্ন কৰা
হৈছে। আজিৰ উপৰোৱা প্ৰদৰ্শন
আৰু হূলস্থূলৰ দিনত এনে প্ৰচেষ্টা
যিকোনো ভাষাতে বিৰল আৰু
প্ৰশংসনীয়।
No comments:
Post a Comment