Friday, 20 January 2017

কিয় washing powder Nirma ভাল পাব পৰা নাই?


সৰু থাকোতে টিভিত কাপোৰ ধোৱা পাউডাৰৰ কমাৰ্চিয়েল দুটাই আছিল বোধহয়। এটা Surf, আনটো Nirma। বিহুৰ নামত, ৰেপৰ নামত খিচিৰী গানটোত নিৰমাৰ সেই পুৰণি এডটোৰ কিয়দংশই অলপ নস্তালজিক কৰি পেলালে। বছ সিমানেই। এতিয়া সময় এনে যে বাকী কোনেও ৰিস্ক নলয়। গতিকে বিহুৰ সুৰ অ'ৰ পৰা এটুকুৰা ত'ৰ পৰা এটুকুৰা আনি, নিৰমা এডটোৰ কথা-সুৰো জোৰা লগাই মানুহে মাঘ বিহুৰ পৰা পূৰা অহা বছৰ নৱেম্বৰত নতুন গান অহালৈকে শুনি শুনি আমনি নলগাকৈ (বা কাৰোবাৰ লাগিলেও বেফিকিৰকৈ) বজাই থাকিব পৰাকৈ গান বনাই দেখুৱাইছে গায়কজনে।
এইটোকে লৈ মানুহ ভাগ-ভাগ হৈছে। খেনোৱে গানটোক বেয়া পাইছে, খেনোৱে গানটোক বেয়া পোৱাবোৰক বেয়া পাইছে। আমি পিছে মানুহবোৰক বেয়া পোৱাত নাই। পছন্দ অপনা অপনা। তথাপিও ভাৱ হয়, যোৱা বছৰ ডিস্কো ভন্টি শুনি ভালপোৱা মানুহে কিন্তু এইবাৰ এইটো গান বেয়া পালে নহব। একেই বিহুৰ সুৰ, কথা। আৎচা, মানুহে দুয়োটা গান কিয় ভাল পাইছে? আছে, কাৰণ আছে। খুহুটীয়া কথা, বিহুৰ সেই মনজুৰোৱা চিৰ নতুন সুৰবোৰ, গায়কৰ জোচ- দেখি-শুনি একদম গা নাচি উঠো- উঠো কৰে। সংস্কৃতিক লৈ চিন্তান্বিত সচেতনসকলে বেয়া পাই লাভ নাই। তাৰ জৱাব দিব পৰাকৈ, ৰিস্ক লব পৰাকৈ গান মানুহৰ কাণত পৰাহি নাই (যদি আছেও)।
তথাপিও ডিস্কো ভন্টি শুনিলে টিঙিচকৈ খংটো উঠে। নতুনটোও তথৈবচ। গানৰ গ-টোও নাজানো। গতিকে সংস্কৃতিৰ আধা খালে বুলি ভাবি বেয়া পোৱাৰ প্ৰশ্নই নুঠে। পিছে গানকেইটা ভালপোৱা, বেয়াপোৱা, বেয়াপোৱাসকলক বেয়াপোৱাসকলক সুধিব বিচাৰিছো আপোনালোকে গানকেইটাৰ কথাবোৰলৈ মন কৰিছেনে? নিজে যুগৰ সৈতে মিলিব গৈ বিহুৱা ডেকাৰ সলনি ৰেপাৰ হৈ পৰা গায়কে নিজৰ ভালপোৱা ছোৱালীজনীক জিনছ পেন্ট পিন্ধিবলৈ নিদিয়ে, ডিস্কো নাচিবলৈ নিদিয়ে। কলেজলৈ গৈ ইংৰাজী শিকিছে বুলি হীনমন্যতা, ল'ৰাৰ লগত প্ৰেম কৰিছে বুলি দূৰৰ পৰাই সন্দেহ।গানৰ শেষত একদম মেখেলা-চাদৰ পিন্ধাই প্ৰেমিকাক বিহু নাচিবলৈ উলিয়াই আনি ok বুলি এটা বঢ়িয়াকৈ বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন।
পিছে আমাৰ ৰেপাৰৰ কথাবোৰ, সুৰবোৰ, পোছাকযোৰ ভন্টিজনীৰ শুনিবলৈ, দেখিবলৈ ভাল লাগে নে নেলাগে কোনে জানে? কেনেকৈ জানিব? :p সেইবোৰ জনাবলৈ কোনে ৰিস্ক ল'ব!
এতিয়া আহো দ্বিতীয় গানটোলৈ। গানটোত সহজ-সৰল গাঁৱলীয়া ডেকাজনৰ মাজত বহুতে নিজক বিচাৰি পাব। বা নাপালেও বিচাৰি চাবৰ যত্ন কৰিব। আগৰ বিহুনামত বিহুৱা ডেকাই গাইছিল 'পাহাৰ বগাই-বগাই কপৌফুল আনি দিম'। যুগ সলনি হৈছে। নতুন গানটোৰ ডেকাই সেয়ে এতিয়া গাইছে প্ৰেমিকাক ফেয়াৰ এণ্ড লাভলী আৰু নিৰমা আনি দিয়াৰ কথা। পিছে প্ৰেমিকা কিন্তু সলনি হ'লে নহব দেই। (সেই ব'ৰ'লিন, এছপ'লিন কিয় এৰিলি? ৰ ক্ষোভটো আছেই চাগে)।মণিছালৰ গুটি লগাই, হালধি-জেতুকা সানি, মেখেলা-চাদৰ পিন্ধি লুথুপথুপীয়া হৈ প্ৰেমিকা এটা fixed ধাৰণাত মিউজিয়ামৰ বস্তু হৈ হ'লেও সোমাই থাকিব লাগিব। এনে কথাবোৰেৰে বজাৰ দখল কৰিবলৈ সহজ। বিহুৰ স্বকীয়তাত আঘাত পৰিছে বুলি ভবাসকল বা নাই পৰা বুলি ভবাসকলৰো তাক লৈ মাথা মৰাৰ দৰকাৰেই বা কি?
কথা হ'ল গানবোৰত এই subtle ৰূপত সোমাই থকা mysoginist মানসিকতাৰ, সৰলতাৰ নামত ছোৱালীবোৰৰ প্ৰতি ল'ৰাৰ অভিভাৱকত্বৰ সুৰক প্ৰদান কৰা স্বীকৃতি আদিৰ কথা পাতিব পাৰি নে নোৱাৰি? নে সেয়া অতি নাৰীবাদ কিম্বা জাতীয়তাবাদলৈ ভাবুকি? নে এনেয়ে ৰজনীগন্ধা, বিমল চোবোৱা ধৰণৰ টাইম পাছ?

Monday, 2 January 2017

স্পটলাইট



স্পটলাইট

-সুজাতা হাতীবৰুৱা


পাপৰি মেধিৰ নাটক 'স্পটলাইট' চালোঁ অলপতে মালিগাঁৱৰ ৰং ভৱনত মানুহৰ শৰীৰৰ আকাৰ-আকৃতিত অসন্তুষ্ট হৈ কৰা চৰ্চা, অৱহেলা, তাকে লৈ হঁহা ( body shaming), কৌতুক বনাই বিলাই ফুৰা আদি সচৰাচৰ ঘটি থকা, নিৰ্দোষ ধেমালি যেন লগা কথা-কান্ডবোৰে কাৰোবাৰ জীৱন যে কিমান দুৰ্বিসহ কৰি তুলিব পাৰে তাৰ সুন্দৰ বৰ্ণনা আছে নাটকখনিত
পুৰুষ-মহিলা প্ৰায় সকলোৱেই এতিয়া একোটা standard শৰীৰৰ আকাৰৰ সপোনত বন্দী। কোনোবাই বিয়া 'বৰ বাবে, কোনোবাই মডেল-অভিনয় বা আন কিবা পেছাৰ আশাত। সেই সপোন খেদি খেদি গৈ নোপোৱাসকলৰ কথা োনে শুনে? বা কেতিয়াও সেই সপোন নেদেখাসকলকো দেখিবলৈ বাধ্য কৰাবলৈ বিচাৰিলে কেনে লাগে? কোনে নিৰ্ধাৰণ কৰে সময় বিশেষে, ঠাই বিশেষে, লিংগ বিশেষে মানুহৰ শৰীৰৰ ৰুপ-বৰ্ণ, অংগ-প্ৰত্যংগৰ আকাৰ বা চমুকৈ সৌন্দৰ্যৰ ধাৰণা? বাস্তৱৰ যেন লগা বহুকেইটা চৰিত্ৰ (চৰিত্ৰ নহয় যেনে বিভিন্ন অৱস্থান প্ৰতিনিধিত্ব কৰি থকা বিভিন্ন কণ্ঠ) অকণো জড়তা নোহোৱাকৈ দৰ্শকক এই প্ৰশ্নসমূহৰ সন্মুখীন কৰালে। মনটো বেয়া লগাই দিলে, হহুঁৱালে, ভাবিবলৈ, হাত চাপৰি বজাবলৈ বাধ্য কৰালে।
আচৰিতধৰণে হল ভৰ্তি দৰ্শকৰ কাৰো বুজিবলৈ অসুবিধা নহ' নাটকখন। নাটকৰ দৰে কলাক সমাজৰ বাবে ব্যৱহাৰ কৰাত নাট্যকাৰ, উপস্থাপনৰ বাবে পৰিচালক সফল। এক শক্তিশালী বাৰ্তাৰে, পৰিষ্কাৰ দিশ নিৰ্দেশনাৰে ধনাত্মকভাৱে সমাপ্তি হৈছে। নাটক নাচাই যেন সচৰাচৰ চকুৰ আগৰ মানুহবোৰহে চালোঁ। নাটকখনৰ spiritটো ধৰি ৰখাত আন্তৰিকতাৰে আগ-ভাগ লৈছে অভিনেত্ৰী-অভিনেতাসকলে পৰম সজীৱতাৰে।
নাটকখনিৰ জুমুঠি বিশিষ্ট লেখিকা অৰূপা পটংগীয়া কলিতাৰ দুটা গল্প৷ নাট্যকাৰ পাপৰি মেধিয়ে জনোৱা মতে ফেইচবুকত নন্দিতা তালুকদাৰৰ লক্ষী চৰিত্ৰৰ ওপৰত দিয়া এক ব্যক্তিগত অভিজ্ঞতাৰ আপডেটৰ পৰাও তেওঁ আইডিয়া লৈছে। কিছু তাত্বিক সহায় লৈছে নাওমি ওল্ফৰ বিখ্যাত The Beauty Myth নামৰ গ্ৰন্থৰ পৰা, TED talks সমূহৰ পৰা। আচৰিত ধৰণে বহুকেইটা দিশৰ পৰা সৌন্দৰ্যৰ ধাৰণাক লৈ কথাবোৰ এখন পাৰ্লাৰত গৈ আলোচিত হৈছে যদিও, আৰু পুৰুষতান্ত্ৰিক সমাজৰ, নব্য-উদাৰতাবাদৰ imposition, নতুন নতুন পেছা আদিৰ কথা (আনকি এখন বিউটি পাৰ্লাৰৰ প্ৰাসংগিকতা) আহিছে যদিও নাট্যকাৰে 'তো খোকোজা নলগাকৈ, নাটকখনক শ্ল'গানধৰ্মিতাৰ পৰা আঁতৰাই ৰাখিব পাৰিছে। সৌন্দৰ্যচৰ্চাকো এক কলা হিচাপে যিদৰে দেখুৱাইছে সেইদৰে মানুহৰ নিজা নিজা সৌন্দৰ্য বা শৰীৰক লৈ ওপজা হীনমন্যতা ভিত্তিহীন বুলিও কৈছে।
ভাল লাগিল এই কাৰণেও যে এনে এটা জীৱন্ত বিষয়ৰ তাত্বিক বিশ্লেষণো যে সৰল ভাৱে উপস্থাপন কৰিব পাৰি তাক প্ৰমাণ কৰি দেখুওৱাবাবে। অন্ততঃ নাটকখন চাবলৈ লোৱাৰ আৰম্ভণিতে পৰিচালকে দৰ্শকক "এইখন অলপ বেলেগ নাটক বনাইছো। আপোনালোকে অলপ বেলেগকৈ চাব" জাতীয় নিৰ্দেশনা দিয়াৰ প্ৰয়োজন হোৱা নাছিল
মই নিশ্চিত নাটকখন চাই অহা কোনো দৰ্শকে আৰু শৰীৰক লৈ আৰু বিউটি পাৰ্লাৰ যোৱাক লৈও কৌতুক নকৰে

জোখ-মাখবোৰৰ পূৰ্বেঃ কাইলৈ



জোখ-মাখবোৰৰ পূৰ্বেঃ কাইলৈ


মূল স্পেনিছ: অট্ট' ৰেণে কেষ্টিলো
ইংৰাজীৰ পৰা অনুবাদ: সুজাতা হাতীবৰুৱা



আৰু যেতিয়া আমাৰ সময়ৰ
উছাহপূৰ্ণ কাহিনীটো কোৱা ',

যিসকলৰ জন্ম এতিয়াও হোৱা নাছিল

কিন্তু বেছ দয়ালু মুখেৰে
নিজে ঘোষণা কৰিছিল-
আমি সন্মুখলৈ ওলাই আহিম
সেইসকল যিয়ে ইয়াৰপৰা
আটাইতকৈ বেছি ভুগিছিল

আৰু লগতে এইটোও যে-
সময়তকৈ আগবাঢ়ি থকা মানে
ইয়াৰ পৰা আৰু বেছি ভুগা

কিন্তু এতিয়াও নুপজা চকুৰে
পৃথিৱীখন ভালপোৱাটো ধুনীয়া কথা
আৰু চমকলগা
তুমি নিজকে বিজয়ী বুলি জনাটো
যেতিয়া তোমাৰ চৌদিশ
এতিয়াও কিমান শীতল
কিমান এন্ধাৰ

সন্তুষ্টি



সন্তুষ্টি


মূল স্পেনিছ: অট্ট' ৰেণে কেষ্টিলো
ইংৰাজীৰ পৰা অনুবাদ: সুজাতা হাতীবৰুৱা
যিসকলে গোটেই জীৱন জুৰি যুঁজিলে
তেওঁলোকৰ আটাইতকৈ ধুনীয়া কথাটো '-
শেষবিন্দুত আহি পাই কোৱা-
মানুহ আৰু জীৱনক
বিশ্বাস কৰিছিলো আমি
আৰু জীৱন আৰু মানুহে আমাক কেতিয়াও
নিৰাশ কৰা নাই
মানুহ আৰু জীৱনৰ বাবে
দিনে-ৰাতিয়ে যুঁজি-যুজি
কেৱল এই পথেৰেহে পুৰুষ ' পাৰে পুৰুষ
নাৰী ' পাৰে নাৰী
আৰু যেতিয়া এই জীৱনবোৰ পৰিসমাপ্তিৰ দিশলৈ আহে
মানুহবোৰে তেওঁলোকৰ গভীৰতম নদীবোৰ খুলি দিয়ে
আৰু তেওঁলোক সেই গভীৰতাত চিৰ জীৱনৰ বাবে প্ৰৱেশ কৰে
আৰু দৃষ্টান্তৰ হৃদয় গঢ়ি
দূৰণিৰ জীৱন্ত জুই হৈ পৰে
যিসকলে গোটেই জীৱন জুৰি যুঁজিলে
তেওঁলোকৰ আটাইতকৈ ধুনীয়া কথাটো
'-
শেষবিন্দুত আহি পাই কোৱা-
মানুহ আৰু জীৱনক বিশ্বাস
কৰিছিলো আমি
আৰু জীৱন আৰু মানুহে আমাক কেতিয়াও
নিৰাশ কৰা নাই