মালাৰ কথা মনলৈ আহিলেই প্রথমে মনত পৰে তাইৰ হাঁহিটোলৈ ৷
কেঁকোৰা চুলিখিনি আৰু গাৰ ছালখনৰ কৃষ্ণবৰ্ণৰ সম্পূৰ্ণ ওলোটা তাইৰ বগা
চকচকীয়া ডালিম গুটিয়া দাঁতেৰে মনৰ ভিতৰৰ পৰা মৰা খিল-খিল হাঁহিটো ৷ পৃথিৱীৰ
সমস্ত দুখ-কষ্টক উফৰাই পেলাব পৰা শক্তি আছিল যেন তাত ৷ ভাবিছিলো এই শক্তি
তাই ক’ৰ পৰা পাইছিল? হয়তো জনা হোৱাৰে পৰা জীৱনৰ প্রতিটো দিনেই নিজে
নিবিচৰাকৈও উপযাচি কঢ়িয়াই অনা দুখৰ অভিজ্ঞতাবোৰকে চেকি লৈ শক্তি হিচাপে জমা
কৰিছিল ।
স্নানতকোত্তৰৰ দুটা বছৰ যিটো পেয়িং গেষ্টত আছিলো,
মালা তালৈকে আহিছিল আণ্টি, মানে গৰাকীক পাকঘৰত লাচনি-পাচনি কৰি দিবলৈ
কোনোবা এটা মাহত ৷ ঘৰ যে ক’ত আছিল ভালকৈ সোধা নহ’ল ৷ কেৱল কোৱা মনত পৰে
কেইবছৰমান আগতে বড়ো উগ্ৰবাদীৰ অত্যাচাৰত নিজৰ ঘৰ এৰি পলোৱাৰ কথা ৷ খুউব
সম্ভৱ ওডালগুৰি বা বাক্সাৰ কোনোবা এখিনি ঠাইৰ হ’ব ৷
পাকঘৰত সহায়
কৰিবলৈ আহিছিল যদিও মালাক চতুৰ (আৰু সময়ত ভাবিব নোৱাৰাকৈ নিষ্ঠুৰো )
আণ্টিয়ে আন সকলো কামতে লগাইছিল । চাৰিমান বজাতে উঠি কাম আৰম্ভ কৰা মালাই
আমাক ৮.৩০ মান বজাত গৰম গৰম পুৱাৰ আহাৰ যতনাই দিলেও নিজে কিন্তু দুখন
বিস্কুট আৰু একাপ ৰঙা চাহেৰেই তিনি মান বজালৈকে থাকিব লাগিছিল ৷ আণ্টিৰ
গালি আৰু মাৰ-পিটৰ মাজেৰে বাচন ধোৱা, কাপোৰ ধোৱা (কি কাৰণেযে তাই থকা
মাহকেইটাত সপ্তাহৰ অন্তৰে অন্তৰে আণ্টিয়ে সমস্ত পৰিয়ালটোৰ প্রকাণ্ড
কম্বলবোৰ তাইৰ হতোৱাই হাতেৰে ধুৱাইছিল বুজি নাপাও ), প্রকাণ্ড ঘৰটো
প্রতিদিন সৰা-মচা, পাকঘৰত সহায় কৰা কামবোৰৰপৰা মালাই আহৰি পাইছিল ৰাতি
১১.৩০ মানত ৷ ৰাতি শুইছিল ঠাণ্ডা দিনতো পাতল কাপোৰ এখন পাৰি মাৰ্বলৰ মজিয়াত
৷
সেই অপাৰ কষ্ট আৰু ব্যস্ততাৰ মাজতো অকণমান সময় পালেই আণ্টিৰ
কাঢ়া চকুৰ পৰা আতৰি তাই আমাৰ সৈতে কথা পাতিছিল ৷ কৈছিল তাই মাক-দেউতাকক
প্রাণভৰি ভালপোৱাৰ কথা, তাইৰ প্রেমিকজন (নামটো পাহৰিছো) ৰ কথা, যাৰ লগত তাই
পুজা চাবলৈ যায়, ঝুমুৰ নাচে, গায় ৷ তাই যেতিয়া ঝুমুৰ গীতবোৰ আত্মহাৰা হৈ
গাইছিল সঁচাকে বুজি উঠিছিলো গান গাব পৰাটো জন্মগত প্রতিভা ৷ খহটা অথচ
মিঠাসুৰীয়া তাইৰ কণ্ঠ সঁচাকৈয়ে ঝুমুৰ গীতৰ বাবেই ৷ ক’লেই তাইৰ কিযে লাজ লাজ
ভৰা অথচ খোলা হাঁহি ! মাজে মাজে আমাৰ পৰা কাগজ কলম লৈ স্কুলত শিকি অহা
নামটো পাহৰি নাযাবলৈ লিখি থাকিছিল ।
পঢ়া-শুনাৰ প্রতি মালাৰ আগ্রহ
আছিল ৷ তাইৰ ভনীয়েক জোণালীৰ আৰু বেছি আছিল ৷ মালা অহাৰ এমাহমানৰ পাছত তাইৰ
ভনীয়েককো মাকে আণ্টিৰ হাতত গতাই থৈ গৈছিল । ন-দহবছৰীয়া জোণালীয়ে তাইতকৈ
কেইবছৰমান ডাঙৰ বায়েকে কটোৱাৰ দৰেই এটা জীৱনৰ বাবে নিশ্চয় সাজু নাছিল ৷
চতুৰ্থ শ্রেণীৰ আটাইবোৰ কিতাপ বেগত লৈ আনিছিল তাই, গুৱাহাটিত ভালদৰে পঢ়িবলৈ
পাব বুলি ৷ পিছত যেতিয়া গম পালে আণ্টিৰ ভায়েকৰ ঘৰত বায়েকৰ দৰেই কাম কৰিবগৈ
লাগিব বুলি, মালাৰ লগত থকা দুটা দিন তাই বুকুত কিতাপখিনি লৈ চকুপানী
উলিয়াই কান্দিয়েই থাকিলে ৷ ইমান দিনে গল্প-উপন্যাসত পঢ়িবলৈ পোৱা কামকৰা
ল’ৰা-ছোৱালীয়ে পঢ়িবলৈ ইচ্ছা কৰা, দুখ কৰা কাহিনীবোৰ লেখকসকলৰ কৃত্ৰিম বা
অতিৰঞ্জিত কল্পনা বুলিয়ে ভাবিছিলো ৷ কিন্তু নিজে তেনে এক দৃশ্য দেখিও একো
কৰিব নোৱাৰাত নিজৰ হাত-ভৰি বান্ধি থোৱা যেন লাগিছিল৷
মাজতে মোৰ
কোঠাটোত বাকী দুটা ছীট এমাহমান খালি থকাত আণ্টিক কৈ মেলি তাৰে এখন বিছনাত
মালাৰ ৰাতি শুৱাৰ ব্যৱস্থা কৰিছিলো । ৰাতি বাৰ বজাৰ আগে আগে ভাগৰত লেবেজান
মালা শুবলৈ আহে ৷ আহিয়েই টোপনি যায় ৷ শুৱাৰ এক ডেৰঘণ্টামানৰ পাছত বিছনাখনত
উঠি বহি থাকে জঠৰ হৈ আৰু প্রায় এক ঘণ্টা ৷ তাৰপাছত পুনৰ শুই পৰে ৷ দুদিন
মান লক্ষ্য কৰি সুধিলো কথাটো কি বুলি ৷ পিঠিৰ বিষ হেনো ৷ বিষত শুব নোৱাৰে ৷
মালিচ কৰি দিব লাগিব নেকি সোধাত ক’লে নাই নাই পুৰণা হাড়ৰ বিষ ৷ মালিচ
কৰিলে ভাল নহয়। দেউতাকে মদ খাই আহি সন্ধ্যা ঘৰত সদায় মাৰ-পিট কৰেহি ৷
মাককো, ছোৱালীকেইজনীকো ৷ এবাৰ মালাৰ সাত-আঠবছৰমানতে দেউতাকে দা এখন তাইৰ
পিঠিৰ মাজতে গেমেহকৈ বহুৱাই দিছিল ৷ কথমপি প্রাণ বাচিছিল তাইৰ সেইবাৰ ।
হস্পিতেলত পৰি আছিল বোলে এমাহমান ৷ ভালহৈ ঘৰলৈ আহোতে দেউতাকে দেখি পুনৰ
মাৰ-পিট কৰাত দহদিনমানৰ বাবে আকৌ হস্পিতেল পাব লগা হৈছিল ৷
অথচ সেই
দেউতাকজনক সকাহ দিবলৈকে তাই ঘৰে ঘৰে কাম কৰি ফুৰিছিল ৷ নিজৰ টকাৰে তাই
কেনেকৈ ঘৰখনৰ উন্নতিৰ নামত অলপতে এটা ডেক্ কিনি দিছে(তাইৰ বাবে এইটোও
উন্নতিয়ে) আৰু দিছে সৰু ভায়েকৰ বাবে ভাল কাপোৰ, বেগ আৰু জোতা-মোজা, আমাৰ
আগত বেছ গৌৰৱ কৰিয়েই কৈছিল ৷
মালা বেছি কেইমাহ থকা নাছিল ৷আণ্টিৰ
দিনে দিনে বাঢ়ি অহা শাৰীৰিক-মানসিক অত্যাচাৰৰ বাবেই তাইৰ মুখখন কঠোৰ হৈ
এদিন কাম এৰি ঘৰলৈ যাবলৈ সিদ্ধান্ত ল’লে ৷ নাথাকিলে পাবলগা টকা পূৰাকৈ
নিদিয়াৰ আগে-পাছে আণ্টিয়ে দি থকা ভাবুকিবোৰ আওকাণ কৰি জোণালীৰ হাতত ধৰি
এদিন মালা যাবলৈ ওলাল। যোৱাৰ সময়ত মাত দিবলৈ আহি তাই মোক টুপুককৈ সেৱা এটা
কৰিলে ৷ কেনেকোৱা যে লাগিছিল ৷ মোক তেতিয়ালৈকে কোনেও ভৰিত ধৰি পোৱা নাছিল ৷
যোৱাৰ সময়ত নগদ টকা নলয় তাই ৷ প্রচণ্ড আত্মাভিমানী ৷ কিন্তু মইতো তাইক
এযোৰ নতুন কাপোৰ দিব পাৰিলোহেঁতেন অথবা জোণালীক ! ভাবিবলৈ সময়ে নাপালো ৷
থকা মাহকেইটাত মোক বহু ভাল লগা মুহূ্ৰত দি থৈ যোৱা মালাক মই তাই যাবৰ পৰত
শুভেচ্ছাৰ বাদে একো দিব নোৱাৰিলো ৷ থকা সময়খিনিতো সুবিধাবাদৰ নামত তাইৰ হৈ
আণ্টিক টানকৈ এষাৰ কথা ক’ব নোৱাৰিলো ৷ মনত পৰিলেই খুব বেয়া লাগে ।
যাওতে ঘৰ পাই মোক ফোন কৰিব বুলি তাই কৈ থৈ গ’ল ৷কেইমাহমানৰ পাছত এপ্রিল
মাহত এদিন তাই ফোন কৰিলেও ৷ মহা উৎসাহেৰে তাই জনালে তাইকে ধৰি লগৰ আৰু
কেইজনীমান ছোৱালী লগহৈ পিছদিনা দিল্লীলৈ কাম কৰিবলৈ যোৱাৰ কথা ৷ কাম? কি
কাম? কাৰ লগত যাব? নাৰী ব্যৱসায়ী চক্রবোৰৰ কথা মনত পৰিয়েই ভালকৈ সুধিছিলো ৷
তাইৰ পিছে হাতত সময় আৰু ধৈৰ্য কম আছিল ৷ যাব আৰু চিনাকী দাদা এজনৰ লগত আৰু
দিল্লী গৈ পায়ে মোক ফোন কৰিব বুলি কৈ পিচিঅ’ৰ পৰা কৰা ফোনটো কাটি দিলে ৷
তাৰ ঠিক দুদিনৰ পিছত মালাৰ ফোন ৷ উধাতু খাই ধৰিলোগৈ ৷ একেবাৰে জহি-খহি যোৱা
মালাৰ মাত । তাই ক’ত আছে, কেনে আছে সুধোতে ক’লে, “বাইদেউ, তাত বৰ কষ্ট ৷
ঘৰলৈ ঘূৰি আহিলো” ৷ মাত্র এদিন আগতে দিল্লীলৈ বুলি যাত্রা কৰি, গৈ পাই,
কষ্ট দেখি ঘূৰি আহি ২৪ ঘন্টাৰ ভিতৰতে কেনেকৈনো ঘৰ পালেহি ওপৰা-ওপৰিকৈ
সুধোতে তাই মাথো, “বাইদেউ, পিছত কথা পাতিম ৷ এতিয়া মোৰ গোটেই গাতে বিষ”
বুলি কৈ ফোন থৈ দিলে ৷
নাজানো, মালা এতিয়া ক’ত আছে, কেনেকৈ আছে ৷
ফোন কৰিম বুলি ক’লে দেৰিকৈ হ'লেও কোনোবা এদিন কৰা ছোৱালীজনীৰ ফোন এটাৰ বাবে
তাত থকা আৰু এটা বছৰ বাট চালো ৷ কিন্তু তাই আৰু দুনাই ফোন নকৰিলে ৷
আণ্টিহঁতেও নাজানিছিল মালাৰ ঘৰ ক’ত ৷ মোৰোযে এই কথাটোকে সোধা নহ’ল ৷ সাত
বছৰ হ’বৰ হ’ল ৷ এতিয়াও ভাবো, আশা কৰো তাই যেন ঘৰতে কুশলে আছে ৷ কিন্তু এই
কেইদিনৰ ঘটনাবোৰে আকৌ মনটো অশান্ত কৰি ৰাখিছে ৷ মালা, জোণালীহঁত আছেনে
নিৰাপদে? নে সিহঁতে এতিয়াও প্রাণ বচাবৰ বাবে সহিছে কষ্ট ? যোৱা তিনিদিন
টেলিভিছনৰ বাতৰি বন্ধ কৰি থৈছো ৷ নিহত-আহতৰ মাজত মালাহঁতৰ বা সিহঁতৰ দৰে আন
কাৰোৰে মুখ দেখা পাবলৈ মন আৰু নাই ৷
মন্তব্য কি লিখিম ভাষা বিচাৰি নাপালো । এক ভাষাত দুখ লাগিল, এক ভাষাত আপুনাৰ সচাঁ অভিজ্ঞতা প্ৰকাশত আপ্লুত হলো । মালা আৰু
ReplyDeleteতাইৰ আত্মীয় কুশলে থাকক ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালো।
ধন্যবাদ।
Delete