প্ৰথমেই শেষৰচাম মানুহ যিয়ে প্ৰতিবাদ কৰাৰ বাবেই আচলতে বেয়া পাইছে (impractical বুলি হাঁহিছে), আৰু লাল চালাম,লাল পতাকা দেখি প্ৰচন্ড ক্ষোভ আৰু চিন্তা উজাৰিছে গোটেইখন ৰাজনীতিকৰণ কৰা হৈছে বুলি, আপোনালোকে প্ৰধান ইছ্যুটোত মাত মাতিছেনে? ছাত্ৰ সংগঠন এটাই (তাকো ভুক্তভোগী নিজেই সেই সংগঠনৰ সদস্যা হেনো) নিজৰ পতাকা ব্যৱহাৰত বেয়া পাইছে। বাৰু, অসম আন্দোলনৰ সময়ত ক'ত আছিল? তাততো আছুৱে নিজৰ শ্ল'গান আৰু পতাকা ব্যৱহাৰ কৰিছিল? বা অসম বা ভাৰতত বা বিশ্বত আজিলৈকে ৰাজহুৱা ইছ্যুত ৰাজনৈতিক-অৰাজনৈতিক দল-সংগঠনৰ প্ৰতিবাদত শ্ল'গান বা পতাকা ব্যৱহাৰ কৰোতে ক'ত সোমাই আছিল নে দেখাই নাই আজিলৈকে? বেয়া পাইছিল যদি সেইবোৰতো মাত মাতক। জাতীয় পতাকাখন, বন্দে মাতৰম আদিবোৰতো ৰাজনীতিৰ গোন্ধ আছে বুলি প্ৰতিবাদ কৰক। তেতিয়াহে ভাল লাগিব। আৰু যদি এইটো ৰাজহুৱা ইছ্যু নহৈ তেনেই ব্যক্তিগত গোন্ডামীৰ কেছ এটা বুলি ভাবি দুখ পাইছে, আপোনালোকৰ নিৰ্বোধিতালৈ সমবেদনা।
তাৰ পাছত আহো বাকী দুটা কথালৈ। মহিলাই নিজৰ ওপৰত হোৱা অত্যাচাৰৰ কথা ৰাজহুৱা কৰিবলৈ কিয় ভয় কৰে জানেনে? কাৰণ আপোনালোকৰ দৰে 'concerned' নাগৰিকৰ বাকপটুতা আৰু মানসিকতাৰ বাবে।এইযে ভাষণবোৰ দি আছে, কথাটো সঁচা নে মিছা বুলি সন্দেহ কৰিছে, আপোনালোকে নিজৰ চিনাকি যিকোনো এগৰাকী মহিলাক সোধকচোন প্ৰথমে, এনে ঘটনা এবাৰো নাই ঘটা বুলি তেওঁলোকৰ জীৱনত। কোনে কয় চাওঁ।
ছোৱালীজনীৰ সৈতে ঘটা ঘটনাটো গম পাই খং যিমান উঠিছে,এতিয়া যিমান গৌৰৱ বোধ কৰিছো তাতোকৈ নিজৰ ওচৰত লাজ পাইছো বেছি। মোৰ লগতো দেখোন ঘটিল এইবোৰ ঘটনা লখিমপুৰত, শিলচৰত,গুৱাহাটিত।অথচ বন্ধুবৰ্গৰ আগত ক্ষোভ উজৰাৰ বাহিৰে কি কৰিছিলো বা কৰিব পাৰিম বুলি ভাবিছিলো? মোৰ ভাৱনাৰ সীমাৰ বাহিৰত গৈ সেই সৰু ছোৱালীজনীয়ে অন্ততঃ চেষ্টা চলাই চাইছে কেনেকৈ নাৰীৰ ওপৰত চলা এই নিৰ্যাতনবোৰ ৰোধ কৰিব পাৰি।সচেতনতা আনিব পাৰি। এইটো বিক্ষিপ্ত গোন্ডামীৰ ঘটনাটো নহয় যে সেই গুন্ডা কেইটাক ধৰি আনি দুমাৰমান দি দিলেই চব ঠিক হৈ যাব। এইটোতো এটা প্ৰক্ৰিয়া। চলি আহিছে ভিন ভিন ৰুপত। নাৰীৰ অসহায় অৱস্থাত ৰং চোৱা । বাইকৰ নম্বৰ টুকি ৰাখিব নোৱাৰা বুলি গালি পৰা পন্ডিতসকল, আপোনালোকে পাৰিবনে নিজে আন্ধাৰত অশ্লীল কাম কৰি দৌৰ মৰা সকলৰ নম্বৰ টুকি ৰাখিব? এদিন শিলচৰত দিন দুপৰতে মোক ঢকিয়াই থৈ গৈছিল বাইকত অহা ল'ৰাই। মই একো কৰিব নোৱাৰিলো। মূল পথেৰে অসম ইঞ্জিনিয়াৰিং কলেজলৈ সোমাই যোৱা জালুকবাৰীৰ সেই পথটো য'তএফালে গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষকৰ কোৱাৰ্টাৰ আছে, য'ত ষ্ট্ৰিট লাইট জ্বলি থাকে, সেইহেন পোহৰত গধূলি কোনোবা
এটাই মোক ছিকুটি থৈ পলাল। নম্বৰ বাদেই দিয়ক, বাইকত আহিছিলনে স্কুটিত, তত -ভত হেৰুৱাই সেইটোকে ধৰিব নোৱাৰিলো। আমি পুৰুষসকলৰ দৰে স্বাভাৱিক মন এটাৰে ৰং মনেৰে থাকিব কেতিয়াও নোৱাৰিমেই নেকি? নে কেৱল মহিলা হোৱাৰ বাবেই অহৰহ ভীত-সন্ত্ৰস্ত হৈ থাকিব লাগিব ? আৰু কোনোবাই আক্ৰমণ কৰিব বুলি সাজু থাকিব লাগিব? এতিয়া মোৰ সৈতে ঘটা ঘটনাকেইটা মিছা হৈ যাবনে কাৰণ মোৰ ওচৰত সিহঁতৰ নম্বৰ নাই?
কথাটো এনেকোৱা নেকি যে মহিলা এগৰাকীয়ে ধৰ্ষণৰ কেছ দিয়াটো বেয়া হোৱা নাই কিন্তু সেই মহিলা গৰাকী সঁচাকৈ ধৰ্ষিতা হৈছিলনে নাই তাক লৈ সন্দেহ কৰাৰ দৰে?
যিসকলে কেৱল সেই নিৰ্দিষ্ট গলিটোৰ সেইকেইটা গুন্ডাক ধৰাৰ চেষ্টা নকৰিলে কিয় বুলি প্ৰশ্ন তুলিছে, তেওঁলোকে সেইবোৰ মানুহৰ কথা কি ক'ব যি ৰাস্তাত বাইক লৈ গোন্ডামী নকৰে, সমাজত বিশিষ্ট ব্যক্তিৰ
ভাও ধৰে অথচ তলে তলে একে মানসিকতা কঢ়িয়াই লৈ ফুৰে? পঢ়ি থকা সময়ত শুনিছিলো বিশ্ববিদ্যালয়ৰ মোৰ লগৰ কেইবাটাও ল'ৰা বোলে নলবাৰীত ৰাস চাবলৈ গৈছিল একমাত্ৰ ভিৰৰ সুযোগ লৈ মহিলা-যুৱতীৰ গোপন অংগ চুবলৈ। সেইবোৰৰ প্ৰায়ভাগেই এতিয়া দেখাত সুপ্ৰতিষ্ঠিত।
বিয়াগোম বিয়াগোম বঁটা পোৱা সাহিত্যিকসকলৰ মাজতো এচাম আছে যি প্ৰথমদিনা ফোনত কথা পাতিয়েই লগ পালে ছেক্স কৰাৰ কথা কয়। ওহোঁ। সেই কেইজনে মোক এনে কথা নকয়। কাক কয় জানেনে? বাচি বাচি সেইসকল যুৱতী-মহিলাক যাক মানুহে চিনি নাপায় বা প্ৰতিবাদ কৰিবলৈ বা প্ৰকাশ কৰিবলৈ যাৰ সাহস আৰু সামাজিক প্ৰতিষ্ঠা নাই বা কৰিলেও মানুহে বিশ্বাস নকৰিব বা চৰিত্ৰলৈ বোকা ছটিয়াব।
আন সকলো কথাতে যুক্তিৰ কথা কোৱা যেন লাগিলেও মহিলাৰ অধিকাৰৰ ক্ষেত্ৰত কিছুলোক ভয়ানকভাৱে অথবা নিৰ্লজ্জভাৱে নিজৰ মুখা উদঙাই দিয়ে (পুৰুষ-মহিলা নিৰ্বিশেষে) । আন এচামে জনপ্ৰিয়তা হেৰোৱাৰ ভয়ত মনে মনে থাকে।
হয় প্ৰতিবাদ হ'ব লাগিব এনে কথাবোৰত। তেহে প্ৰচাৰ হ'ব ইছ্যুবোৰ । ঘৰে-বাহিৰে, ৰাস্তাই-ঘাটে আলোচনা হ'ব। শুভলক্মীৰ আগতেও আন হেজাৰজনী মহিলাই ভোগ কৰা নিজৰ অভিজ্ঞতা মুকলিকৈ কবলৈ সাহস আৰু পৰিৱেশ পাব। নিজে শুভলক্স্মীক ফেইচবুকত সমৰ্থন কৰি কমেন্ট কৰি থাকিলেও সুযোগ পালেই নিজেই তেনে কাম কৰাৰ লোভ সামৰিব নোৱাৰা পাষন্ড বোৰেও ভিতৰি হলেও লাজ পাবলৈ, ভৱিষ্যতৰ উঠি অহা কণ-কণ শিশুহঁতক সুস্থ মানসিকতাৰে গঢ় দিয়াৰ পৰিৱেশ পাবৰ বাবেও এনে প্ৰতিবাদ জৰুৰী আছিল।