Tuesday, 9 January 2018

The Solo Trip to Eastern Bhutan on 30 December,2017

ভূটানলৈ যোৱাৰ ইচ্ছা আছিল তাকো অকলে মোৰ স্কুটাৰখনত। গুগল মেপ আৰু সহকৰ্মীৰ মুখত শুনি ভাবিলো যাওঁ আৰু। আইটি মানে মোৰ স্কুটাৰখন আৰু মই ঠিকে-ঠাকে থাকোতেই  কালি পুৱাই ওলাম বুলি ভাবিছিলো যদিও গাটো সামান্য জ্বৰ জ্বৰ লগাত আৰু সকলো যাৱতীয় বয়-বস্তু গোটাই মেলি খাই-বৈ ওলাওতে দহ বাজিল। মনত অলপ চিন্তা হৈছিল কাৰণ মেপ চাই দূৰত্ব মানে মই কিমান দূৰলৈ যাম ঠিৰাং কৰিব পৰা নাছিলোঁ। তথাপি মনত ঠিক কৰি লৈছিলো যে অন্ততঃ ছয় বজালৈ প্ৰায় অহা-যোৱা কৰা ঠাই ৰঙিয়া পালেও হ'ব।
ৰঙিয়া পোৱালৈকে ৰাস্তাটোৰ প্ৰতিটো চুক-কোণ চিনাকি বাবেই বেগেৰেই আহিলো। মাজতে বাটত তেল ভৰালো আৰু চকা দুটা চেক কৰোৱাই ল'লোঁ। আইটিৰ তিনি বছৰ হ'বৰ হ'ল। ৰাস্তাত তাই মোৰ খুব ভাল সংগী।ৰঙিয়াত চাহ-তাহ খালো, অলপ খোৱা-বস্তু ল'লো। সহকৰ্মী অবিনাশক সবিশেষ সুধিবলৈ ফোন লগালো। পিছে সি গম নাপালে। তাৰ পাছত মানুহক সুধি সুধিয়ে বাট পোনালো ভূটানৰ আটাইতকৈ পুৰণি চহৰ চামড্ৰুপ জংখাৰ অভিমূখে। কামৰূপ পাৰ হৈ বাক্সাত সোমালোঁ। পাৰ হ'লো দ্বাৰকুছি, তামোলপূৰ,জামুগুৰি, কুমাৰীকাটা আদি ঠাই।বাটৰ সৰু সৰু বজাৰবোৰত দখনা বেচি থকা দেখি আছে যদিও আৰু এযোৰ কিনি ল'বলৈ লোভ লাগিছিল যদিও সময় নিমিলাৰ ভয়ত খোৱাৰ আৰু ফটো লোৱাৰ বাহিৰে বেলেগ কাৰণত নৰলোঁ। জনজাতীয় মানুহৰ মাজতো হিন্দুত্ববাদে কেনেকৈ কব্জা কৰি লব ধৰিছে তাৰ প্ৰতিফলন দেখিলো বাটত প্ৰকাণ্ড বেনাৰত বজৰংগ দলত সদস্য ভৰ্তি অভিযানৰ বিজ্ঞাপনত।
BROই বনোৱা ৰাস্তা বহল আৰু প্ৰশস্ত। ট্ৰেফিক নাই। কেৱল বাটে-বাটে থকা স্পীড ব্ৰেকাৰবোৰৰ বাবে মন থাকিলেও বেছি বেগত চলাব নোৱাৰি।
কুমাৰীকাটা পাৰ হৈ বিখ্যাত দৰঙী মেলা। অসম আৰু ভূটানৰ সীমামূৰীয়া ব্যৱসায়-বাণিজ্যৰ বাবে উল্লেখযোগ্য অঞ্চল।তাৰ পাছতে ভূটান। গেইটত যান-বাহন আৰক্ষীৰ পৰা জানিব পাৰিলোঁ মোৰ যিহেতু স্কুটাৰৰ আগফালে নাম্বাৰ প্লেট নাই গতিকে মই ভিতৰলৈ যাব নোৱাৰিম। ভূটানত ট্ৰেফিক আইন যথেষ্ট কঠোৰ আৰু তাৰ পুলিচসকলো নিষ্ঠাৱান। মোক সুধিলে ক'ত যাম? আচলতে মই নিজেও জনা নাছিলো ক'লৈ যাম। মানে বিশেষ এখন ঠাইলৈয়ে যাম বুলি ভৱা নাছিলো। মোক তেওঁলোকে ওচৰৰ বজাৰখনলৈ বাহনখন বাহিৰত থৈ খোজকাঢ়িয়ে চাই আহিবলৈ ক'লে। ইমানদূৰ আহি ভূটানৰ ভিতৰলৈ নোযোৱাকৈ উভতি যাম! নাঃ। তেওঁলোকে ওচৰতে নাম্বাৰপ্লেট বনোৱা দোকানৰ খবৰ দিলে। বছ এশ টকাত দহ মিনিটত মোৰ নাম্বাৰপ্লেট সাজু।তেতিয়া সময় এক বাজিছিল। চামড্ৰুপ জংখাৰ ভূটানৰ এখন জিলা। আৰু মই প্ৰথমে সোমোৱা ঠাইখন এখন সৰু মৰমলগা পৰিপাটি চহৰ। জিলাৰ সদৰ অফিচো তাতেই। খোজকাঢ়িয়ে বজাৰ এলেকাটো ঘুৰিলো। বয়-বস্তু দুই-এটাও কিনিলোঁ। ভূটান যদিও তাত ভাৰতীয় টকা পূৰামাত্ৰাই চলে। মই দুহাজাৰ টকা দি তেৰশ টকালৈকে খুচুৰা ঘূৰাই পালোঁ। চহৰখনত ভালেকেইখন হোটেল দেখিলোঁ। খোৱাৰ উপৰিও থকাৰো সু-ব্যৱস্থা থকা। চহৰখন এৰি ওপৰলৈ গৈ থাকোতে আৰু ভালেমান ডাঙৰ ডাঙৰ ৰিজৰ্ট দেখা পালোঁ। মানুহৰ ঘৰেই হওক, ৰিজৰ্টেই হওক বা বিশেষকৈ চৰকাৰী অফিচ- আটাইবোৰৰে পাৰম্পৰিক কাৰুকাৰ্য চকুতলগা। আনকি দুটাকৈ বেংক , পুলিচৰ হেডকোৱাৰ্টাৰ (জিলা সদৰ অফিচটোতো নকওৱেই) আদিবোৰো ধুনীয়াকৈ আটোমটোকাৰীকৈ সজোৱা।বেছিভাগ ঘৰ বা দোকানৰ বাহিৰতে ভূটানৰ ৰজা-ৰাণী আৰু কণমানি সন্তানটিৰ সৈতে থকা বিভিন্ন ফটো ডাঙৰকৈ বন্ধাই সজাই থোৱা হয়। ৰজা আৰু ধৰ্মৰ প্ৰতি আনুগত্যৰ এক সংমিশ্ৰণ আছে ভূটানত।মানুহবোৰ শান্ত আৰু হাঁহিমুখীয়া। বেছিভাগেই হিন্দী-ইংৰাজী সলসলীয়াকৈ ক'ব পাৰে। দূৰৰ পাহাৰৰ পৰা অহা বুঢ়া-বুঢ়ীসকলে হিন্দী আৰু ভূটানীজ ভাষা মিহলাই কথা কব পাৰে। দুঘন্টামান কটোৱাৰ পাছত ওপৰলৈ ওলালো। যাবলৈ মন আছিল দেউথাং নামৰ আন এখন চহৰলৈ ওঠৰ কিলোমিটাৰ নিলগৰ। পিছে সময়ৰ কথাও আছিল। ভাবিছিলো অলপ গৈ ঘূৰি আহিম। গৈ গৈ ওপৰত আন এখন গেইট পালোঁ। পেনচিনাং ঠাইখনৰ নাম। তাৰ পৰা ভিতৰৈ সোমাবলৈ পাছ লাগে। দুঘন্টামান সময় লাগিব বুলি ক'লে। ইতিমধ্যেই 3.30 হৈ গৈছিল।অকলে গৈছিলো বাবে উভতি অহাৰ বাদে উপায় নাছিল। ইমিগ্ৰেচন অফিচৰ ৰঙিয়াল পুলিচ এজনে অকলে গৈছো বুলি শুনি ভূটানীজ আৰু হিন্দী মিহলি ভাষাৰে মোক ধেমালিতে বুজাবলৈ ক'লে যে মই আচলতে পাহাৰৰ এঁকা-বেঁকা ৰাস্তাত কাৰোবাৰ বাইকৰ পিছফালে উঠি আহিলেহে বেছি মজা লাগিলহেঁতেন 
গেইটখন থাকি ভালেই হ'ল। মোক ৰখাবলৈ এটা অজুহাত পালোঁ। নহলে মনটোৱেচোন ওপৰলৈ গৈ থাকিবলৈকে বিচাৰিছিল। উলটি আহিলোঁ পুনৰ তললৈ। যাওঁতে তলত বাদ্যযন্ত্ৰৰে সৈতে সংগীত শুনি গৈছিলো এঠাইত। তাতে সোমালো। জিলা সদৰ অফিচ। 31 তাৰিখৰ পৰা এসপ্তাহমান ধৰি চলিবলগা এক পূজা ৰ বাবে ৰিহাৰ্চেল চলি আছিল। এক উৎসৱেই আৰু। তাত থকা গৃহ আৰক্ষীকেইজনে গুৱাহাটীৰ পৰা অকলে যোৱা বুলি শুনি আচৰিত হৈছিল আৰু কাইলৈও আহিবলৈ দঢ়াই-দঢ়াই মাতিছিল। মই বোলো আজি আহি কাইলৈ আকৌ আহিব নোৱাৰো। কিন্তু অহা বছৰ আহিম এই সময়তে বুলি কৈ বিদায় ল'লোঁ।
ভূটানৰ পৰা ওলোৱাৰ আগে আগে পেট্ৰল ডিপোত তেল ভৰাবলৈ গ'লো। লিটাৰত মাত্ৰ পঞ্চাশ টকাত পেট্ৰোল!
ৰাস্তাত মাজে মাজে ফটো লৈ লৈ আৰু অলপ অলপ ৰৈ ৰৈ আহিছিলো। লগত আছিল আইটি আৰু আকাশৰ জোনজনী। পাঁচ বজাৰ ঠিক পিছতে ৰঙিয়া আহি পালোঁ। আন্ধাৰ আৰু কুঁৱলী আছিল যদিও চিনাকি ৰাস্তা।চাৰে ছয় বজাত ঘৰ সোমাই মোৰ চাৰে আঠ ঘন্টীয়া যাত্ৰাৰ সফল সামৰণি মাৰিলোঁ। সাধাৰণতে শুই থকা সময়খিনিৰ বাহিৰে কেৱল ক্লাছত পঢ়াই থকা সময়খিনিত মোৰ মন-মগজুত আৰু একো টেনশ্যন নাথাকে।আজিৰ এই সমস্ত সময়খিনিও প্ৰায় টেনশ্যন শূণ্যভাৱে ক'ব নোৱাৰাকৈয়ে পাৰ হৈ গ'ল। কেৱল গোটেই ৰাস্তাটোত সকলোৱে একেটা কথাকে বাৰে-বাৰে আমনি লগাকৈ সুধি থাকিল- "স্কুটাৰত আৰু তাকো সঁচাই একদম অকলে আহিছো নেকি?"
মোৰ বোধেৰে এই প্ৰশ্নটো এৰাই চলিবলৈ ছোৱালীবোৰেও বাইকেৰে অকলে ঠাই explore কৰিব পাৰে- এইটো প্ৰমাণ কৰি থকা উচিত। লগতে ভাবিছো, ভূটানৰ দৰেই বাকী সকলোবোৰ চুবুৰীয়া দেশৰ লগতেই যদি ভাৰতৰ সীমাক লৈ একে সহজ সম্পৰ্ক হ'লহেঁতেন!

No comments:

Post a Comment