ত্ৰিপুৰাৰ
নিৰ্বাচনী ফলাফলত সিমান দুখী বা আচৰিত হোৱা নাই।যিমান ভাল হলেও একঘেয়ামিতা মানুহৰ
পছন্দৰ বিষয় নহয়। ভাৰতৰ দৰে সামন্তীয় আৰু বুৰ্জোৱা বৈশিষ্ট্যৰে ভৰপূৰ গণতন্ত্ৰত
তথা ৰাজনৈতিকভাৱে অপৰিপক্ক ভোটাৰৰ বাবে এয়া এক স্বাভাৱিক কথাই। কিন্তু অসমৰ দৰে
এখন ৰাজ্যত য'ত জনতাই কেতিয়াও বাওঁ চৰকাৰ এখনৰ সোৱাদ পোৱা নাই, বাওঁ দলসমূহৰ
দীৰ্ঘকালীন পৰিকল্পনাক একাষৰীয়া কৰি থৈ হ্ৰস্ৰকালীন হিচাপত অসমত নিৰ্বাচনকেন্দ্ৰিক
ৰাজনীতিত এঘড়ী যুঁজি চাব পাৰে।কিন্তু এই ক্ষেত্রত বাওঁ দলসমূহৰ পজিশ্যন সন্তোষজনক
নহয়।দলীয় লোকসকল নিৰ্দিষ্ট এক বৃত্তৰ ভিতৰত সোমাই থকা যেন বোধ হয়। সাধাৰণ শ্ৰমজীৱী
ৰাইজৰ ওচৰ চাপিবলৈ তেওঁলোকে প্ৰয়াস কৰে ঠিকেই কিন্তু ৰাজনৈতিভাৱে অপৰিপক্ক দুখীয়া
মানুহখিনিৰ বাবেও প্ৰলোভনৰ ৰাজনীতিত কংগ্ৰেছ আৰু বিজেপি বা এজিপি বা বিটিএডিৰ
এলেকাটোতো বাওঁদলসমূহ ৰাজনৈতিক বিকল্প হিচাপে মূৰ দাঙি উঠিব পৰা নাই। বাঁওদলসমূহে
লক্ষ্য কৰি লব লাগিছিল অসমৰ মধ্যবিত্তীয় সমাজখনক। অথচ দুই-এজন নিজে তাত্বিকভাৱে পঢ়ি-বুজি
আগবাঢ়ি অহা মানুহৰ বাদে বাওঁদলসমূহৰ আদৰ্শক লৈ প্ৰায়সংখ্যক মধ্যবিত্তীয় লোকেই হয়
অজ্ঞ, নহয় বিৰক্ত বা শংকিত। অথচ ভোটকেন্দ্ৰিক ৰাজনীতিত এই অংশটোৰ প্ৰভাৱেই আটাইতকৈ
বেছি। বাওঁ দলসমূহে মধ্যবিত্তীয় লোকখিনিৰ মাজলৈ যাওক। তেওঁলোকৰ মাজত বাঁওপন্থাৰ
প্ৰতি থকা অজ্ঞতা আৰু অনীহা আঁতৰাওক। এইক্ষেত্ৰত বাওঁদলীয় লোকসকলক কেতিয়াবা
অসুৰক্ষিত আৰু আত্মবিশ্বাসহীন অথবা কেতিয়াবা উচ্চাত্মিকাবোধত ভোগা যেন
লাগে।তাৰোপৰি মধ্যবিত্তীয় সমাজত ব্যাপকৰূপত চলি থকা মিথবোৰ যেনে- বাওঁ দলৰ চৰকাৰ
গঠন হ'লেই ভাৰত কমিউনিষ্ট দেশ হৈ পৰিব আৰু গণতন্ত্ৰৰ অন্ত হৈ 'ষ্টেলিন' বা 'মাওৰ
শাসন' আৰম্ভ হ'ব আদিবোৰ দূৰ কৰাৰ চেষ্টা কৰা উচিত। আনহাতে, বৃহৎ পূঁজিবাদী
চক্ৰটোৱে বাওঁ দলৰ ৰাজনৈতিক উত্থানৰ সম্ভাৱনীয়তাক লৈ শংকিত নহব, যিমান শংকিত নিম্ন
মধ্যবিত্তীয় একো একোজন ব্যক্তিৰ মনত তেওঁলোকৰ হাতৰ নূন্যতম সম্পদ ৰাষ্ট্ৰৰ হাতত হেৰুৱাব
লাগিব বুলি শিকাই দিলে হ'ব।
সঁচা
কথা ক'বলৈ গ'লে পাঁচশ টকীয়া নোট এটা পালে পিছদিনা যিকোনো দলৰ সমৰ্থনত ভোট দিবলৈ
যোৱা (বা বাধ্য হোৱা) দুখীয়া মানুহখিনিৰ মাজত সোমাই আত্মসন্তুষ্টি লোৱা
বাওঁদলসমূহে সেইখিনি মানুহ যি পাঁচশ -হেজাৰ টকাত নিজৰ ভোট বিক্ৰী নকৰিলেও লাখ টকাৰ
ঠিকাৰ লোভত বা পৰম্পৰা আৰু ঐতিহ্যৰ মোহত নিজৰ ভোট সলাবলৈ কেৰেপ নকৰে; দৈনন্দিন
জীৱন যাত্ৰাত ব্যতিব্যস্ত হৈ থাকোতে বৰ বেছি পঢ়া-শুনা কৰিবলৈ যাৰ সময় আৰু ইচ্ছা
নাথাকে;সেইসকলৰ মনস্তত্ব অধ্যয়ন কৰাৰ প্ৰয়োজন।বাওঁদলসমূহে আকৰ্ষণ কৰিব নোৱাৰা অথচ
চৰকাৰৰ বৰ্তমানৰ কাৰ্যকলাপত অসন্তুষ্ট উদাৰমনা মধ্যবিত্ত শ্ৰেণীটোৰ বাবে কোনো
উপযুক্ত আন বিকল্প নাথাকিলে পুনৰ ভোট দিয়াৰ সময়ত প্ৰধান দলসমূহৰ মাজত তুলনা কৰিয়েই
ভোট দিব লাগিব।
জনজাতীয়
পৰিচয়ৰ ৰাজনীতিক লৈ বাওঁদলসমূহৰ কৌশল বা স্থিতি কি এইটো পৰিষ্কাৰ কৰাৰো দৰকাৰ। কিয়
পাহাৰীয়াই হওক কিম্বা ভৈয়ামৰ; জনজাতীয় লোকৰ মাজত তেওঁ লোক সোমাব পৰা নাই? কিয়
বাওঁপন্থী চিন্তাৰ লগত খাপ খাই পৰা জনজাতীয় বৈশিষ্ট্যখিনিক capitalise কৰি
ৰাজনীতিত তাৰ সদব্যৱহাৰ কৰা হোৱা নাই? শ্ৰেণী প্ৰশ্ন সমূহৰ ব্যতিৰেকে বৰ্ণ
ব্যৱস্থাশূণ্য জনজাতীয় সমাজত নাৰীৰ অৱস্থান (ৰোমাণ্টিকতা পৰিহাৰ কৰিও); উদাৰীকৰণ
আৰু নব্য উপনিবেশবাদৰ হাতোৰাৰ সন্মুখীন হোৱা উমৈহতীয়া সম্পদৰ ধাৰণা; উত্তৰ
ভাৰতকেন্দ্ৰিক সাংস্কৃতিক আধিপত্য বাদ আদি বিষয়সমূহ লৈ বাওঁ কেডাৰসকলে ফিল্ডত
জনজাতীয় লোকৰ সৈতে আলোচনা ত বহিছেনে?( অৱশ্যে এটা প্ৰশ্ন এইখিনিতে মনলৈ আহিছে। জনজাতীয়
সমাজতো মহিলাৰ সিদ্ধান্ত নিৰ্ণয়ৰ সম অধিকাৰক লৈ জনজাতীয় লোক বিশেষকৈ পুৰুষ সকল
উৎসাহী হয়নে? শেহতীয়া নাগালেণ্ড আৰু মেঘালয়ৰ নিৰ্বাচনী ফলাফল এই ক্ষেত্রত এক
বিড়ম্বনা)।
আকৌ GLP আৰু Neo
Liberalism ৰ যুগত অকল পুৰণা পদ্ধতিৰে macro স্তৰত গালি
পাৰিয়েই দায়িত্ব সামৰিলে নহ'ব। বৰ্তমানৰ আৰ্থিক ব্যৱস্থাৰ micro realityবোৰো
উপেক্ষা কৰিব পাৰি নে? আজিৰ দিনত, য'ত বিশেষকৈ নিম্ন মধ্য বিত্তীয় পৰিয়ালৰ শিক্ষিত
নিবনুৱা সকলে সংস্থাপনৰ বাবে হাহাকাৰ কৰি ফুৰিবলগীয়া হৈছে; বাওঁ কেডাৰসকলে সমবায়
আন্দোলন আৰম্ভ কৰিব পাৰে। ক'বলৈ বেয়া যদিও সঁচাটো হ'ল নিজৰ কোনো উপাৰ্জনৰ বাট
নিবিচাৰি কেৱল ৰাস্তাত চিঞৰিলেই মানুহ পতিয়ন নাযায়। পেটৰ ভাতমুঠি মোকলাবলৈ
হাতে-কামে কৰা কামেৰেহে মানুহক আকৰ্ষণ কৰিব পাৰি। সমবায়ৰ ধাৰণাটো যে প্ৰচলিত
ব্যৱস্থালৈ এক ডাঙৰ প্ৰত্যাহ্বান হ'ব পাৰে তাক জানিবলৈ বেছি দূৰলৈ যাবই নালাগে। কোটি
কোটি টকীয়া দূৰ্নীতিৰ আন হেজাৰটা কথা বাদ দি চৰকাৰে কাজিৰঙা অৰ্কিড উদ্যানখনৰ পিছত
লাগি থকা কথাই তাৰ প্ৰমাণ।অথচ অখিল গগৈৰ সাত শতৰুৱেও সেই উদ্যান খনৰ আঁৰৰ সমবায়
সমিতিখনৰ কামৰ প্ৰশংসা কৰিবলৈ বাধ্য। কেৰালাতো বোধহয় সমবায়কেন্দ্ৰিক আন্দোলন এক
বিশেষ শক্তি শাসনাধিস্থ দলটোৰ বাবে।
(Published in Asomiya Khobor,2018)
(Published in Asomiya Khobor,2018)