Monday, 14 December 2015

https://l.facebook.com/l.php?u=http%3A%2F%2Fwww.niyomiyabarta.org%2F12122015%2Fdetails.php%3Fdate%3D12122015%26page%3D5%26article%3D2.gif%26cid%3D2&h=lAQEeevna

Monday, 7 December 2015

মালা


মালাৰ কথা মনলৈ আহিলেই প্রথমে মনত পৰে তাইৰ হাঁহিটোলৈ ৷ কেঁকোৰা চুলিখিনি আৰু গাৰ ছালখনৰ কৃষ্ণবৰ্ণৰ সম্পূৰ্ণ ওলোটা তাইৰ বগা চকচকীয়া ডালিম গুটিয়া দাঁতেৰে মনৰ ভিতৰৰ পৰা মৰা খিল-খিল হাঁহিটো ৷ পৃথিৱীৰ সমস্ত দুখ-কষ্টক উফৰাই পেলাব পৰা শক্তি আছিল যেন তাত ৷ ভাবিছিলো এই শক্তি তাই ক’ৰ পৰা পাইছিল? হয়তো জনা হোৱাৰে পৰা জীৱনৰ প্রতিটো দিনেই নিজে নিবিচৰাকৈও উপযাচি কঢ়িয়াই অনা দুখৰ অভিজ্ঞতাবোৰকে চেকি লৈ শক্তি হিচাপে জমা কৰিছিল ।

স্নানতকোত্তৰৰ দুটা বছৰ যিটো পেয়িং গেষ্টত আছিলো, মালা তালৈকে আহিছিল আণ্টি, মানে গৰাকীক পাকঘৰত লাচনি-পাচনি কৰি দিবলৈ কোনোবা এটা মাহত ৷ ঘৰ যে ক’ত আছিল ভালকৈ সোধা নহ’ল ৷ কেৱল কোৱা মনত পৰে কেইবছৰমান আগতে বড়ো উগ্ৰবাদীৰ অত্যাচাৰত নিজৰ ঘৰ এৰি পলোৱাৰ কথা ৷ খুউব সম্ভৱ ওডালগুৰি বা বাক্সাৰ কোনোবা এখিনি ঠাইৰ হ’ব ৷
পাকঘৰত সহায় কৰিবলৈ আহিছিল যদিও মালাক চতুৰ (আৰু সময়ত ভাবিব নোৱাৰাকৈ নিষ্ঠুৰো ) আণ্টিয়ে আন সকলো কামতে লগাইছিল । চাৰিমান বজাতে উঠি কাম আৰম্ভ কৰা মালাই আমাক ৮.৩০ মান বজাত গৰম গৰম পুৱাৰ আহাৰ যতনাই দিলেও নিজে কিন্তু দুখন বিস্কুট আৰু একাপ ৰঙা চাহেৰেই তিনি মান বজালৈকে থাকিব লাগিছিল ৷ আণ্টিৰ গালি আৰু মাৰ-পিটৰ মাজেৰে বাচন ধোৱা, কাপোৰ ধোৱা (কি কাৰণেযে তাই থকা মাহকেইটাত সপ্তাহৰ অন্তৰে অন্তৰে আণ্টিয়ে সমস্ত পৰিয়ালটোৰ প্রকাণ্ড কম্বলবোৰ তাইৰ হতোৱাই হাতেৰে ধুৱাইছিল বুজি নাপাও ), প্রকাণ্ড ঘৰটো প্রতিদিন সৰা-মচা, পাকঘৰত সহায় কৰা কামবোৰৰপৰা মালাই আহৰি পাইছিল ৰাতি ১১.৩০ মানত ৷ ৰাতি শুইছিল ঠাণ্ডা দিনতো পাতল কাপোৰ এখন পাৰি মাৰ্বলৰ মজিয়াত ৷
সেই অপাৰ কষ্ট আৰু ব্যস্ততাৰ মাজতো অকণমান সময় পালেই আণ্টিৰ কাঢ়া চকুৰ পৰা আতৰি তাই আমাৰ সৈতে কথা পাতিছিল ৷ কৈছিল তাই মাক-দেউতাকক প্রাণভৰি ভালপোৱাৰ কথা, তাইৰ প্রেমিকজন (নামটো পাহৰিছো) ৰ কথা, যাৰ লগত তাই পুজা চাবলৈ যায়, ঝুমুৰ নাচে, গায় ৷ তাই যেতিয়া ঝুমুৰ গীতবোৰ আত্মহাৰা হৈ গাইছিল সঁচাকে বুজি উঠিছিলো গান গাব পৰাটো জন্মগত প্রতিভা ৷ খহটা অথচ মিঠাসুৰীয়া তাইৰ কণ্ঠ সঁচাকৈয়ে ঝুমুৰ গীতৰ বাবেই ৷ ক’লেই তাইৰ কিযে লাজ লাজ ভৰা অথচ খোলা হাঁহি ! মাজে মাজে আমাৰ পৰা কাগজ কলম লৈ স্কুলত শিকি অহা নামটো পাহৰি নাযাবলৈ লিখি থাকিছিল ।
পঢ়া-শুনাৰ প্রতি মালাৰ আগ্রহ আছিল ৷ তাইৰ ভনীয়েক জোণালীৰ আৰু বেছি আছিল ৷ মালা অহাৰ এমাহমানৰ পাছত তাইৰ ভনীয়েককো মাকে আণ্টিৰ হাতত গতাই থৈ গৈছিল । ন-দহবছৰীয়া জোণালীয়ে তাইতকৈ কেইবছৰমান ডাঙৰ বায়েকে কটোৱাৰ দৰেই এটা জীৱনৰ বাবে নিশ্চয় সাজু নাছিল ৷ চতুৰ্থ শ্রেণীৰ আটাইবোৰ কিতাপ বেগত লৈ আনিছিল তাই, গুৱাহাটিত ভালদৰে পঢ়িবলৈ পাব বুলি ৷ পিছত যেতিয়া গম পালে আণ্টিৰ ভায়েকৰ ঘৰত বায়েকৰ দৰেই কাম কৰিবগৈ লাগিব বুলি, মালাৰ লগত থকা দুটা দিন তাই বুকুত কিতাপখিনি লৈ চকুপানী উলিয়াই কান্দিয়েই থাকিলে ৷ ইমান দিনে গল্প-উপন্যাসত পঢ়িবলৈ পোৱা কামকৰা ল’ৰা-ছোৱালীয়ে পঢ়িবলৈ ইচ্ছা কৰা, দুখ কৰা কাহিনীবোৰ লেখকসকলৰ কৃত্ৰিম বা অতিৰঞ্জিত কল্পনা বুলিয়ে ভাবিছিলো ৷ কিন্তু নিজে তেনে এক দৃশ্য দেখিও একো কৰিব নোৱাৰাত নিজৰ হাত-ভৰি বান্ধি থোৱা যেন লাগিছিল৷
মাজতে মোৰ কোঠাটোত বাকী দুটা ছীট এমাহমান খালি থকাত আণ্টিক কৈ মেলি তাৰে এখন বিছনাত মালাৰ ৰাতি শুৱাৰ ব্যৱস্থা কৰিছিলো । ৰাতি বাৰ বজাৰ আগে আগে ভাগৰত লেবেজান মালা শুবলৈ আহে ৷ আহিয়েই টোপনি যায় ৷ শুৱাৰ এক ডেৰঘণ্টামানৰ পাছত বিছনাখনত উঠি বহি থাকে জঠৰ হৈ আৰু প্রায় এক ঘণ্টা ৷ তাৰপাছত পুনৰ শুই পৰে ৷ দুদিন মান লক্ষ্য কৰি সুধিলো কথাটো কি বুলি ৷ পিঠিৰ বিষ হেনো ৷ বিষত শুব নোৱাৰে ৷ মালিচ কৰি দিব লাগিব নেকি সোধাত ক’লে নাই নাই পুৰণা হাড়ৰ বিষ ৷ মালিচ কৰিলে ভাল নহয়। দেউতাকে মদ খাই আহি সন্ধ্যা ঘৰত সদায় মাৰ-পিট কৰেহি ৷ মাককো, ছোৱালীকেইজনীকো ৷ এবাৰ মালাৰ সাত-আঠবছৰমানতে দেউতাকে দা এখন তাইৰ পিঠিৰ মাজতে গেমেহকৈ বহুৱাই দিছিল ৷ কথমপি প্রাণ বাচিছিল তাইৰ সেইবাৰ । হস্পিতেলত পৰি আছিল বোলে এমাহমান ৷ ভালহৈ ঘৰলৈ আহোতে দেউতাকে দেখি পুনৰ মাৰ-পিট কৰাত দহদিনমানৰ বাবে আকৌ হস্পিতেল পাব লগা হৈছিল ৷
অথচ সেই দেউতাকজনক সকাহ দিবলৈকে তাই ঘৰে ঘৰে কাম কৰি ফুৰিছিল ৷ নিজৰ টকাৰে তাই কেনেকৈ ঘৰখনৰ উন্নতিৰ নামত অলপতে এটা ডেক্ কিনি দিছে(তাইৰ বাবে এইটোও উন্নতিয়ে) আৰু দিছে সৰু ভায়েকৰ বাবে ভাল কাপোৰ, বেগ আৰু জোতা-মোজা, আমাৰ আগত বেছ গৌৰৱ কৰিয়েই কৈছিল ৷
মালা বেছি কেইমাহ থকা নাছিল ৷আণ্টিৰ দিনে দিনে বাঢ়ি অহা শাৰীৰিক-মানসিক অত্যাচাৰৰ বাবেই তাইৰ মুখখন কঠোৰ হৈ এদিন কাম এৰি ঘৰলৈ যাবলৈ সিদ্ধান্ত ল’লে ৷ নাথাকিলে পাবলগা টকা পূৰাকৈ নিদিয়াৰ আগে-পাছে আণ্টিয়ে দি থকা ভাবুকিবোৰ আওকাণ কৰি জোণালীৰ হাতত ধৰি এদিন মালা যাবলৈ ওলাল। যোৱাৰ সময়ত মাত দিবলৈ আহি তাই মোক টুপুককৈ সেৱা এটা কৰিলে ৷ কেনেকোৱা যে লাগিছিল ৷ মোক তেতিয়ালৈকে কোনেও ভৰিত ধৰি পোৱা নাছিল ৷ যোৱাৰ সময়ত নগদ টকা নলয় তাই ৷ প্রচণ্ড আত্মাভিমানী ৷ কিন্তু মইতো তাইক এযোৰ নতুন কাপোৰ দিব পাৰিলোহেঁতেন অথবা জোণালীক ! ভাবিবলৈ সময়ে নাপালো ৷
থকা মাহকেইটাত মোক বহু ভাল লগা মুহূ্ৰত দি থৈ যোৱা মালাক মই তাই যাবৰ পৰত শুভেচ্ছাৰ বাদে একো দিব নোৱাৰিলো ৷ থকা সময়খিনিতো সুবিধাবাদৰ নামত তাইৰ হৈ আণ্টিক টানকৈ এষাৰ কথা ক’ব নোৱাৰিলো ৷ মনত পৰিলেই খুব বেয়া লাগে ।
যাওতে ঘৰ পাই মোক ফোন কৰিব বুলি তাই কৈ থৈ গ’ল ৷কেইমাহমানৰ পাছত এপ্রিল মাহত এদিন তাই ফোন কৰিলেও ৷ মহা উৎসাহেৰে তাই জনালে তাইকে ধৰি লগৰ আৰু কেইজনীমান ছোৱালী লগহৈ পিছদিনা দিল্লীলৈ কাম কৰিবলৈ যোৱাৰ কথা ৷ কাম? কি কাম? কাৰ লগত যাব? নাৰী ব্যৱসায়ী চক্রবোৰৰ কথা মনত পৰিয়েই ভালকৈ সুধিছিলো ৷ তাইৰ পিছে হাতত সময় আৰু ধৈৰ্য কম আছিল ৷ যাব আৰু চিনাকী দাদা এজনৰ লগত আৰু দিল্লী গৈ পায়ে মোক ফোন কৰিব বুলি কৈ পিচিঅ’ৰ পৰা কৰা ফোনটো কাটি দিলে ৷ তাৰ ঠিক দুদিনৰ পিছত মালাৰ ফোন ৷ উধাতু খাই ধৰিলোগৈ ৷ একেবাৰে জহি-খহি যোৱা মালাৰ মাত । তাই ক’ত আছে, কেনে আছে সুধোতে ক’লে, “বাইদেউ, তাত বৰ কষ্ট ৷ ঘৰলৈ ঘূৰি আহিলো” ৷ মাত্র এদিন আগতে দিল্লীলৈ বুলি যাত্রা কৰি, গৈ পাই, কষ্ট দেখি ঘূৰি আহি ২৪ ঘন্টাৰ ভিতৰতে কেনেকৈনো ঘৰ পালেহি ওপৰা-ওপৰিকৈ সুধোতে তাই মাথো, “বাইদেউ, পিছত কথা পাতিম ৷ এতিয়া মোৰ গোটেই গাতে বিষ” বুলি কৈ ফোন থৈ দিলে ৷
নাজানো, মালা এতিয়া ক’ত আছে, কেনেকৈ আছে ৷ ফোন কৰিম বুলি ক’লে দেৰিকৈ হ'লেও কোনোবা এদিন কৰা ছোৱালীজনীৰ ফোন এটাৰ বাবে তাত থকা আৰু এটা বছৰ বাট চালো ৷ কিন্তু তাই আৰু দুনাই ফোন নকৰিলে ৷ আণ্টিহঁতেও নাজানিছিল মালাৰ ঘৰ ক’ত ৷ মোৰোযে এই কথাটোকে সোধা নহ’ল ৷ সাত বছৰ হ’বৰ হ’ল ৷ এতিয়াও ভাবো, আশা কৰো তাই যেন ঘৰতে কুশলে আছে ৷ কিন্তু এই কেইদিনৰ ঘটনাবোৰে আকৌ মনটো অশান্ত কৰি ৰাখিছে ৷ মালা, জোণালীহঁত আছেনে নিৰাপদে? নে সিহঁতে এতিয়াও প্রাণ বচাবৰ বাবে সহিছে কষ্ট ? যোৱা তিনিদিন টেলিভিছনৰ বাতৰি বন্ধ কৰি থৈছো ৷ নিহত-আহতৰ মাজত মালাহঁতৰ বা সিহঁতৰ দৰে আন কাৰোৰে মুখ দেখা পাবলৈ মন আৰু নাই ৷

মৰণোত্তৰ দেহদানৰ বিষয়ে


বৰ্তমান সময়ত চিকিৎসাশাস্ত্ৰৰ এক উল্লেখযোগ্য অৱদান হৈছে অংগ সংস্থাপন ৷ চকুৰ কৰ্ণিয়া, কিডনি, লিভাৰ, হাড়, চাল আদি মানৱদেহৰ বিভিন্ন অংগৰ পুনঃ সংস্থাপন সম্ভৱ হোৱাৰ ফলত দৈনিক কিমান যে মুমূৰ্ষু ৰোগীয়ে নিজৰ জীৱন ঘূৰাই পাইছে! পিছে এয়া সম্ভৱ হৈছে কেৱল কোনো জীৱিত ব্যক্তিয়ে স্ব-ইচ্ছাইৰে কৰা অংগদান বা মৰণোত্তৰভাৱে যদি কাৰোবাৰ পৰা সংগ্ৰহ কৰা হৈছে তাৰ দ্বাৰা ৷ জীৱিত ব্যক্তিতকৈ যদি সম্ভৱ হয় মৃত ব্যক্তিৰ পৰা অংগ সংগ্রহ কৰাটো বেছি নিৰাপদ ৷ সেয়াও সম্ভৱ হয় যদি মৃত ব্যক্তিজনে মৃত্যুৰ আগতে ইচ্ছাপত্রত দেহদান কৰি থৈ যায় (তাতো আত্মীয়ই পুনঃ সিদ্ধান্ত ল’ব পাৰে ) বা আত্মীয়ই যদি মৃত্যুৰ পাছত দেহদানত সন্মতি দিয়ে ।
বৰ্তমান অংগ সংস্থাপনৰ সুবিধা, প্রয়োজন আৰু গুৰুত্ব থাকিলেও পৃথিৱীত দিনৌ বহু মানুহে মৃত্যু কিম্বা অন্ধতাক আকোঁৱালি ল’ব লগা হৈছে ৷ ইয়াৰ কাৰণ জীৱিত ব্যক্তিৰপৰা অংগ সংগ্রহত দেখা দিয়া জটিলতা বা বিপদ আৰু ব্যয়বহুলতা আৰু একেবাৰে নিৰাপদ আৰু কম খৰচী উপায় মৃত ব্যক্তিৰ অংগ সংগ্রহৰ বাবে ইচ্ছুক ব্যক্তিৰ অভাৱ ৷
মৃত্যুৰ পিছত, উপযুক্ত প্ৰযুক্তিবিদ্যা থাকিলে এটি মানৱ দেহৰ সংগৃহীত অংগৰ পৰা কেইবাজনো ব্যক্তিৰ প্রাণৰক্ষা সম্ভৱ হয়৷ গতিকে বৰ্তমান সময়ত মৰণোত্বৰ দেহদানৰ গুৰুত্ব আৰু প্ৰসাৰ বাঢ়ি অহা পৰিলক্ষিত হৈছে । বিশ্বৰ ভিন-ভিন প্ৰান্তত চৰকাৰী-বেচৰকাৰী বিভিন্ন পদক্ষেপ লোৱা হৈছে ৷ বৰ্তমান ভাৰততো মৰণোত্তৰ দেহদান বৈধ আৰু চৰকাৰী-বেচৰকাৰী চিকিৎসালয়সমূহত (সকলোতে হোৱাগৈ নাই) এনে দেহ গ্ৰহণৰ ব্যৱস্থা হৈছে ৷
যেনে গুৱাহাটী মেডিকেল কলেজ আৰু হস্পিতেলত এনে ব্যৱস্থা আছে ৷ ইলোৰা বিজ্ঞান মঞ্চ (Ellora Vigyan Mancha)ৰ দৰে স্বেচ্ছাসেৱী সংস্থাই জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ কাম কৰি আহিছে । অসমত ইতিমধ্যেই বহুজনে দেহদানৰ ইচ্ছাপত্ৰত চহী কৰিছে । উপৰত উল্লেখ কৰা হৈছে যে স্বেচ্ছাই মৰণোত্বৰ দেহদানৰ সংখ্যা অতি কম হোৱা বাবে চাহিদা অনুসৰি অংগ সংস্থাপন কৰিব পৰা নহয় ৷
ইয়াৰ কাৰণ বহুতো ৷ যেনে প্রচাৰৰ অভাৱ, বিজ্ঞান মনষ্কতাৰ অভাৱ, ধৰ্মীয় কাৰণ আৰু সকলোতকৈ ডাঙৰ কাৰণ নিজৰ হ’বলগীয়া মৃতদেহটোৰ প্রতি অহেতুক মোহ তথা ভীতিগ্রস্থতা ৷ প্রথম দুইবিধৰ ক্ষেত্রত চৰকাৰী-বেচৰকাৰী স্বেচ্ছাসেৱী সংস্থাসমূহৰ কৰণীয় বহু আছে ৷ আৰু পৃথিৱীত হয়তো এনে কোনো ধৰ্ম নাই যি মানৱ সেৱাৰ বাবে নিজৰ স্বাৰ্থ ত্যাগ কৰিবলৈ কোৱা নাই ৷
প্রকৃততে দেহদান জীৱনক ভালপোৱা সকলোৱে কৰিব পাৰে ৷ পুৰুষ-মহিলা, ডেকা-বৃদ্ধ, ৰোগী-নিৰোগী, ধাৰ্মিক-অধাৰ্মিক, ঈশ্বৰ বিশ্বাসী-নাস্তিক, সোঁ-পন্থী-বাঁও-পন্থী সকলোৱে ৷ বহুতে ভাবে এইটো এটা বিৰাট ডাঙৰ সাহসৰ কাম, বিৰাট কঠিন আৰু মহান কাম ৷ মুঠৰ ওপৰত মহানৰ শাৰীত নপৰিলেও ই এটা সহজ ভাল কাম ৷ নিজৰ এৰিবলগীয়া প্ৰাণহীন দেহটো কাৰোবাৰ জীৱন দানৰ বাবে আগবঢ়াই দিয়াটোত খুব বেছি সাহসৰ প্ৰয়োজন ভাবিব গ’লে নাই ৷ মৃত্যুৰ পৰৱৰ্তী কাজ-কৰ্মৰ নামত আত্মীয়ৰ হাৰাশাস্তিতকৈ এয়াই ভাল ৷ আপুনি যদি স্বৰ্গ-নৰক বিশ্বাসো কৰে তেন্তে ভাল কাম এটাৰ বাবে পুৰষ্কৃতহে হ’ব চাগৈ ৷ ব্যক্তিগতভাৱে ভাবো, ই মানৱ দেহৰ চোৰাং ব্যৱসায় হ্ৰাসত অলপ হলেও অৰিহণা আগবঢ়াব পাৰিব ।