ঠিক হ'ল যোৱা দেওবাৰে, ফুৰিবলৈ যাম মেঘালয়লৈ। পাঁচজনীয়া এটা সৰু দল।
মহিলা সদস্য অকল মই। শনিবাৰে দেৰিলৈকে জাগি থকাৰ ফলত অহা দেওবাৰৰ কেঁচা
টোপনি মন নগলেও এৰি পুৱাতেই ওলালো মেঘালয়লৈ বুলি। জালুকবাৰী, খানাপাৰা,
যোৰাবাট, বৰ্ণিহাট। মাজতে খন্তেক নংপোত ৰৈ শ্বিলং সোনকালেই পালোগৈ।
তাৰপৰা ডাউকিলৈ যোৱা ৰাস্তাৰে বাট ল'লো।
মেঘালয়ৰ মাজেদি গুৱাহাটী-শিলচৰ কিমানবাৰ অহা-যোৱা কৰিছো হিচাপ নাই। ঠিক তেনেদৰে কামৰ বাবেই হওক, ফুৰিবৰ বাবেই হওক শ্বিলংখনক পাইছো বহুবাৰ। পুৱাৰ শ্বিলং, ৰাতিৰ শ্বিলং, দুপৰীয়াৰ, সন্ধ্যাৰ।পিছে যিটো বৈশিষ্ট্যৰ বাবে মেঘালয়ৰ নামটো হৈছে মানে abode of clouds তেনেকোৱা পৰিবেশ এটাৰ সৈতে আগে-পিছে চিনাকি হোৱা নাছিলো।কিন্তু ডাউকিলৈ শ্বিলঙৰপৰা প্ৰায় পঁচাশী কিলোমিটাৰৰ পথচোৱাৰ অলপদূৰ আগবঢ়াৰ পিছৰ পৰাই অনুভৱ কৰিলো কিয় সঁচাই মেঘালয় মেঘৰ আলয়। সমগ্ৰ ৰাস্তাটোৱেই যিমানে ওপৰলৈ উঠি গৈছে সিমানে ঘন মেঘে ঢাকি ধৰিছে, তাপ কমি ঠান্ডা লাগিছে। মাজে-মাজে Laitlyngkot আদি দুই-এঠাইত খাবৰ বাবে, ঠাইবোৰ চাবৰ বাবে নামি ৰৈছো। মেঘৰ মাজেৰে অহা-যোৱা কৰোতে অলপ অলপ কাপোৰ ভিজি গৈছে। কি যে মায়াময়, মেঘময় পৰিবেশ!

পাহাৰৰ পৰা ক্ৰমে ৰাস্তাটো সমতললৈ নামি অহা যেন লাগিল।লাহে লাহে মেঘ কমিল।
ৰ'দ ওলাল। পাহাৰৰ শাৰীবোৰৰ ওপৰত বিবিধ প্ৰজাতিৰ পাইনে মিচিকিয়াই আছিল। ভাৱ
হৈছিল ক'ত আছো। ঘন অৰণ্যৰ ( বিশেষকৈ এইবাৰ লিচপিচীয়া তামোল গছৰ) আৰু
সেৰেঙা বসতিৰ মাজেৰে গৈ আছো। এটা সময়ত গৰম লাগিল। বাংলাদেশে পাহাৰৰ মাজে
মাজে ভূমূকিয়াবলৈ ধৰিলে। এঠাইত ৰ'লো। মেঘে তেতিয়াও লগ এৰা দিয়া নাই।
দেখিলো, পাহাৰৰ দাঁতি কাষৰেদি নদী এখন বৈ গৈছে। আমি তেতিয়াও পূৱ খাচী পাহাৰ
জিলাতে আছো। অথচ মোবাইল নেটৱৰ্ক দেখুৱাইছে বাংলাদেশৰ। নদীখনৰ ইটো পাৰে
মানুহৰ ঘন বসতি। বাংলাদেশৰ চিলেট জিলা সেইখন। আজানৰ মাত শুনিলো দেখা পোৱা
মছজিদ এটাৰ পৰা। নদীত বহুতো মাছমৰীয়া নাও।Umngot নদী সেইখন। যাৰ এফালে
ভাৰত, আনফালে বাংলাদেশ। আগবাঢ়িলো আৰু প্ৰায় এঘন্টা। সোঁফালে দেখিলো
মাওলিননং গাঁৱৰ ব'ৰ্ড। মূল ৰাস্তাৰ পৰা ওঠৰ কিলোমিটাৰ। আমি মূল ৰাস্তাৰে
পোণে পোণে আগবাঢ়িলো আৰু প্ৰায় সাত-আঠ কিলোমিটাৰমান আৰু পাই গ'লো আমাৰ প্ৰথম
লক্ষ্যস্থান ডাউকি।
নাম নজনা ভিন ৰঙী অৰ্কিডে ঠায়ে ঠায়ে হাঁহি থকা ৰাস্তাটো পাৰ হৈ ডাউকিত উপস্থিত হ'লো। মেঘালয়লৈ আহিলে এটা কথা ভাবো, পৰ্যটনৰ ক্ষেত্ৰত বহু পিছ পৰি থকা উত্তৰ-পূৱৰ( ছিকিমক বাদ দি) ৰাজ্যকেইখনৰ ভিতৰতো মেঘালয়ে পাৰ্যমানে এই ক্ষেত্ৰখনত কিবা এটা কৰিবলৈ চেষ্টা কৰিছে। স্বাৰ্থপৰৰ দৰে, প্ৰকৃতিৰ একেবাৰে অকৃত্ৰিম অৱস্থাতে ঠাইবোৰ চাবলৈয়ে ভাল পালেও, আৰ্থিক বিকাশৰ স্বাৰ্থতে এনে অঞ্চলবোৰলৈ পৰ্যকটকক আকৰ্ষণ কৰোৱাৰ প্ৰয়োজনীয়তা উপলব্ধি কৰো।অৰুণাচলখন বিশেষকৈ তেনেকোৱা ঠাই। বহু ধুনীয়া ধুনীয়া ঠাইলৈ পৰ্যটক যাবই পৰা নাই। বৃটিছ পলিচীৰ প্ৰভাৱ, দুৰ্গম বাট-পথ তথা অজ্ঞতাৰ বাবে। উত্তৰ-পূৱ অঞ্চলটোযে প্ৰকৃতিৰ জিৰোৱা ঠাই, বলীউডৰ চকুত পৰিছে হবলা। অসমত ৰেংগুন চলচ্চিত্ৰখনৰ, শ্বিলঙত ৰক অনৰ দ্বিতীয় ভাগটোৰ শ্বুটিং হৈছে। মোৰ কাম হ'ব , বলিউডে আৱিষ্কাৰ কৰি কমন কৰি পেলোৱাৰ আগতেই ঠাইবোৰ ফুৰি শেষ কৰা।
গতিকে মেঘালয়ত দেখো চৰকাৰী চেষ্টা আৰু সেই চেষ্টা সত্বেও পূৰা-পূৰি কৃত্ৰিম ৰূপ নোলোৱা ঠাইবোৰ। ডাউকিলৈ প্ৰধানকৈ গৈছিলো নাৱত উঠিবলৈ। স্বচ্ছ পানীৰ নৈখন( Umngot)ত নাওবোৰ বায়ুতে ওপঙি থকাৰ দৰে লাগে। গতিকে গৈ পাইয়েই নাৱত উঠিবলৈ দৰ-দাম কৰিলো। আৰু তললৈ নৈখনলৈ নামি গ'লো। লাইফ জেকেট অবিহনেই আমি হাত নাৱত উঠি ল'লো। মোৰ লগত যোৱা ল'ৰাকেইটাই এটাইও সাঁতুৰিব নাজানে। সেয়ে সিহঁতে কেনেবাকৈ নৈত পৰি গ'লে মোক বচাবলৈ কাকূতি কৰিলে :D মই বোলো, দেখ ভাই, তহঁত গোটেই কেইটাৰে চুলিবোৰ চুটি চুটি। দীঘল চুলি হোৱা হ'লে চুলিত ধৰি টানি অনাৰ কথা চিন্তা কৰিব পাৰিলোহেঁতেন :p বাৰু সি যি নহওক, নাৱৰীয়া কাইয়ে অসমীয়া বুজি পায়। তেঁও আমাক জিৰো পইন্টৰ পৰা আইলেন্ড( মানে নদীৰ মাজৰ সৰু চাপৰি এটালৈ) নি এপাক ঘূৰাই আনিম বুলি ক'লে।এই জিৰো পইন্ট হৈছে ভাৰত আৰু বাংলাদেশৰ আন্তৰ্জাতিক সীমা। ডাউকি নামৰ সৰু গাঁওখন তাৰপাছত আছে টমাবিল। টমাবিল পাৰ হৈয়ে বাংলাদেশ। কোনো ওখ ওখ বেৰ নাই। খালী চকুৰে চাব পাৰি( খালী হাতেৰে যাবহে নোৱাৰি)।এখন suspension দলং আছে নৈখনৰ ওপৰত মেঘালয়ৰ দুখন জিলাৰো সংযোগ স্থল হিচাপে। ঠাইখিনিৰ জৰিয়তে ভাৰত-বাংলাদেশৰ বাণিজ্যিক লেনা-দেনা হয়। বিশেষকৈ চাগৈ মাছৰ ব্যৱসায় হয়। জিৰো পইন্ট বুলি কোৱা ঠাইখিনি যেতিয়া চাই পঠাব, নৈখনৰ দুটা সুঁতে নৈখনৰ মাজতে এটা সীমা টানি থোৱা দেখা যাব। সেয়া হৈছে প্ৰাকৃতিক সীমা। ইফালে ভাৰত, সিফালে বাংলাদেশ। কিবা কাৰণত বতাহে এইপাৰৰ নাও সিপাৰলৈ টানি লৈ গৈ বাংলাদেশ পোৱালেগৈ দিগদাৰ হয় বুলি ক'লে নাৱৰীয়া দাদাজনে কাৰণ নাওখন ধৰি থৈ দিয়ে। ঠাইখিনিত লোৱা ফটোবোৰত লোকেচন দেখুৱালে বাংলাদেশৰ চিলেট জিলাৰ জাফলং নামৰ এখন চাহ বাগিচাৰ বুলি। বাংলাদেশৰ এই জিলাখন পাহাৰীয়া আৰু পৰ্যটকৰ আকৰ্ষণৰ থলী।
সি যি নহওক, আমি নৈখনৰ বুকুত গৈ থাকোতে দুয়োপাৰে থকা পাহাৰ আৰু অৰণ্যলৈ চালো। বৰষুণ দিয়া নাছিল যদিও ওপৰৰ পৰা গছ-বন লতাইদি অহৰহ পানী পৰি আছিল তললৈ। কি ধৰণৰ যে এক গম্ভীৰ শব্দ শুনিছিলো বুজাই কব নোৱাৰিম। পাৰৰ পাহাৰত এটা প্ৰকান্ড শিল আছে। বোধহয় বৰষুণ বেছি হ'লে শিলটোৰ গাৰ মাজেদিয়ো ঠায়ে ঠায়ে পানী ওলায়।পানী ওলোৱা দাগ আৰু ফুটা দেখিছিলো। আকাৰটো শিৱ লিংগ এটাৰ দৰেই। মেঘালয়ত আছে বাবেই সেউজীয়াৰ মাজত নিৰলে আছে। আমাৰ দৰে ঠাইত হোৱা হ'লে হয়তো ৰঙা পতাকা উৰোৱাই শিৱ মন্দিৰ পাতি তেল-সেন্দূৰ লগাই পুজা পাতি গোটেইখন হুলস্থূল আৰু লেতেৰা হ'লহেঁতেন। অৱশ্যে আমি আশা কৰাৰ দৰে নদীৰ মাজভাগত স্বচ্ছ পানীৰ মুখ নেদেখিলো। নতুন পানীৰ ঢল আহি নদীখনৰ এটা ফাল ঘোদা কৰি পেলাইছিল। আমি বিচৰাধৰণে পালো কেৱল এটা ফাল। তলীখন য'ত দেখি থাকি।
1932 চনতে বৃটিছে বনাই থৈ যোৱা দলংখন পাৰ হৈ ইটো পাৰৰ পশ্চিম জয়ন্তীয়া পাহাৰ জিলালৈ গ'লো। তাত আৰু বেছি সময় ৰৈ নাথাকি আৰম্ভ কৰিলো আমাৰ দ্বিতীয় লক্ষ্যস্থান - মাওলিননং নামৰ সৰু গাওঁখনলৈ। সকলোৱে শুনিছেই।
মাউলিননং গাওঁখনলৈ যাবলৈ মূল ৰাস্তাৰ পৰা ওঠৰ কিলোমিটাৰ সোমাই আহিব লাগে। বৰষুণে ধুই নিকা কৰি থোৱা গছ-বনৰ মাজেৰে লুঙলুঙীয়া ৰাস্তাটোৰে গৈ থাকোতে ভাৱ হোৱা নাছিল গৈ গৈ যে মানুহৰ বসতি পাম। এছিয়াৰ সৱাতোকৈ পৰিষ্কাৰ গাওঁ বুলি বিবিচিয়ে আৱিষ্কাৰ কৰা এই গাওঁখনৰ কথা কিমান যে শুনিছো! ভাবিলো, চাফা নহবই বা কিয়! প্ৰকৃতিয়ে বুকুৰ মাজত ইমান আলফুলে লৈ থকা ঠাইবোৰ চাফা নহৈ পাৰেনে? কেৱল ৰাস্তাত লগ পাইছিলো ইখনৰ পাছত সিখন গাড়ী। একমাত্ৰ এই গাওঁখনলৈয়ে অহা-যোৱা কৰা।
মাওলিননং এখন অকমানি মৰমলগা গাওঁ। মেঘালয়ৰ ভিতৰোৱা ঠাই এখনত এনেকোৱা গাওঁ এখন পোৱা যাব বুলি হয়তো ভাৱেই নহলহেঁতেন। সৰু-সৰু ঘৰবোৰৰ প্ৰায় প্ৰত্যেকৰে পদূলিত একোখনকৈ কাঠৰ বেঞ্চ আৰু একোটাকৈ বাঁহৰ পৰম্পৰাগত ডাষ্টবিন। পৰ্যটক জিৰাবৰ বাবে আৰু কিবা পেলাবলগা হ'লে পেলাবলৈ। লগতে একোখনি ফুলৰ বাগিচা। সকলোৰে ঘৰত বেলেগ বেলেগ দুই একোবিধ অৰ্কিডো আছিল। নিজা উদ্যোগত দুই এক ঘৰত বনাই থৈছে বাঁহৰ ওখ ওখ টঙীঘৰ। য'ৰ পৰা বাংলাদেশখন ধুনীয়াকৈ চাব পাৰি। বচ কেৱল প্ৰৱেশ মূল্য এটা দিলেই হ'ল। আমি ৰিৱাইত তেনে এটা অতিপাত ওখ টঙীঘৰত উঠিলো। পিছে তালৈ উঠি যাওতে ইমান ভালৰ লগতে ভয়ো লাগিছিল যে তাৰপৰা ফটো লোৱাৰ কথা আমাৰ কাৰো মূৰতে নোসোমালে। পিছে চাফা বুলি জনাজাত গাওঁখনলৈ অহা পৰ্যটকে দুটা কাম কৰিছে যেন লাগিল। প্ৰথম, বৃহৎ সংখ্যক পৰ্যটকৰ আগমনে ঠাইখন লেতেৰাও কৰিছে য'তে-ত'তে প্লাষ্টিকৰ বটল আৰু তামোলৰ পিক দ্বায়িত্বহীনভাৱে পেলাই। অৱশ্যে গাওঁবাসীসকলে অহৰহ চেষ্টা কৰি থাকে যাতে ঠাইবোৰ লেতেৰা নহয়। দ্বিতীয়তে, ওচৰ-পাজৰৰ দুই-এক দৰ্শনীয় ঠাইলৈয়ো মানুহ যাবলৈ লোৱাৰ ফলত সেই গাওঁবোৰো সমানেই পৰিষ্কাৰ কৰি থোৱা হৈছে। যেনে আগতে পাই যোৱা ৰিৱাই গাওঁখন, তাতো একে পৰিচ্ছন্নতাই দেখিলো। তাতো একেবাৰে থুপুক-থাপাককৈ খোজকাঢ়িব শিকা মাত্ৰ কণমানি এটাইও চকলেটৰ বাকলি এটা ডাষ্টবিনত পেলোৱা দেখিলো :) অৱশ্যে মেঘালয়ৰ বাট-পথৰ সাধাৰণ হোটেলে-ৰিজৰ্টে থকা টইলেটবোৰো অসমতকৈ বহু পৰিষ্কাৰ। কেতিয়াযে আমি শিকিম!
প্ৰায় প্ৰতিঘৰ মানুহৰ ঘৰতে home stay ৰ ব্যৱস্থা আছে। কোনো ঐতিহাসিক স্থানৰ বিষয়ে আপুনি হয়তো পঢ়া-শুনা কৰি বা এদিন গৈ ঘৰ-মহলবোৰ চালেই হৈ যাব। কিন্তু প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ হ'লে তেনে ঠাইত ৰাতি-দিন কটাবই লাগিব। স্থানীয় অধিবাসীৰ দৈনন্দিন জীৱনত প্ৰকৃতি আৰু মানুহৰ সম্পৰ্ক বিচাৰি চাব লাগিব। আমাৰ দৰে ঠাইৰ মানুহৰ ক্ষেত্ৰত, যি নিজৰ ঠাইবোৰতে নৈয়ে- পাহাৰে ঘূৰি ফুৰিব পাৰো, এই কথাষাৰ সিমান প্ৰয়োজনীয় নহলেও বাহিৰৰ পৰা অহা মানুহৰ বাবে প্ৰযোজ্য।হোটেলবোৰত পৰিচাৰিকা, মেনেজাৰ, ৰান্ধনী সকলো মহিলা। মেঘালয়ৰ মাতৃপ্ৰধান সমাজৰ প্ৰতিফলন সেয়া।
মাওলিননং পোৱাৰ আগতে ৰিৱাই নামৰ গাওঁখন। তাত আছিল এটা জলপ্ৰপাত আৰু ইপাৰৰ পৰা সিপাৰলৈ যাবলৈ এখন সৰু প্ৰাকৃতিক জৰীগছৰ শিপাৰ দলং। মেঘালয়ৰ বহু দুৰ্গম ঠাইত খৰস্ৰোতা নদী পাৰ হ'বলৈ মানুহে গছৰ শিপাবোৰ এটা নিদিৰ্ষ্ট পথেৰে বান্ধি বাঢ়ি যাবলৈ দি পৰিবহণৰ ব্যৱস্থা কৰে বুলি শুনিছো। হয়তো উন্নয়নৰ পোহৰ সেৰেঙা বসতিৰ তেনে ঠাইত পৰিবলৈ এতিয়াও বাকী। নদীত পানী আছিল। বহু স্থানীয় মানুহ আৰু পৰ্যটকে গা ধুইছিল, কাপোৰ ধুইছিল। তলত আছিল প্ৰকান্ড একো একো চটা শিল। যেন কোনোবাই শিল চটা চটাকৈ পাৰি তাৰ ওপৰেৰে পানী বোৱাই দিয়াইছে।
ৰিৱাই গাঁৱৰ পৰা ওলাই অলপদূৰ গৈ ৰাস্তাৰ কাষত এঠাইত আছিল আন এটা শিল। Balancing Rock বুলিয়ে প্ৰৱেশ দ্বাৰত লিখা আছিল। প্ৰকান্ড শিলটো তলৰ এটা কনমান শিলৰ ওপৰত ঠিয় হৈ ভাৰসাম্য বজাই ৰাখিছে।
সন্ধ্যা হৈ আহিছিল। মেঘে ঢাকি পেলোৱা ৰাস্তাটুকুৰা পাৰ হব আছিল। উলটিলো। ৰাতি আন্ধাৰ আৰু মেঘৰ মাজত আগৰ ৰাস্তা দেখি নোপোৱা অৱস্থা। লগতে বতাহ। বতাহত এঁকা বেঁকা ৰাস্তাটো পাহাৰবোৰ সোঁফালে থাকিলে মেঘে ঢাকি পেলাই আৰু বাওঁফালে হৈ গ'লে মেঘখিনি পাহাৰে ভেঁটা দিয়াৰ বাবে স্পষ্ট হয়। পাঁচখন বাইকৰ এটা দল লাহে লাহে আগবাঢ়িছিল। তেওঁলোকৰ পোহৰৰ পিছে পিছে চালক দাদাই চলাই আহি আছিল। মেঘালয়ৰ ৰাস্তা সিমান এটা ঠিয় নহয় বাবে বাইকাৰ আৰু চাইক্লিষ্টৰ বাবে পচন্দৰ ঠাই।
ইউৰেনিয়াম, কয়লা আদিৰ বাবে মানুহে বুকু খান্দি খান্দি সেউজীয়াবোৰক মটীয়া বৰণ দিয়ালেও মেঘালয় এতিয়াও ধুনীয়া হৈয়ে আছে। পৰ্যটনে আয়ৰ বাট মুকলি কৰি দিছেই। মাথো সকলো ঠাইতে ( মেঘালয় বুলিয়ে নহয়) চাব লাগে, যাতে এই উদ্যোগে থলুৱালোকসকলৰ আয়ৰ বাট আৰু নিম্ন মধ্যবিত্তীয় পৰ্যটকসকলৰ পকেটৰ প্ৰতিও দৃষ্টি ৰাখে।
আকৌ অহাৰ কথা ভাবি ভাবি উলটি আহিছিলো। লগত লৈ আনিছিলো পকি ৰহ দিয়া আনাৰস, প্লাম, ডাঙৰ ডাঙৰ হাঁহৰ কণী আৰু চিলচিলীয়া শ্বিলঙীয়া কটাৰী। প্ৰায় সোতৰ ঘন্টীয়া যাত্ৰা শেষ কৰি ঘৰ সোমালো ৰাতি বাৰ বজাৰ আগে আগে।