কালি জ্যেষ্ঠ সহকৰ্মী এজনৰ সৈতে কিবা-কিবি কথা পাতোতে ৰন্ধা-বঢ়াৰ পৰা
গৈ মোৰ বিয়াৰ কথা ওলাল। তাৰ পাছত তেওঁ মোক ক'লে যে তেওঁৰ ওচৰত এখন ফটো আছে (
ম'বাইলটোও খুচৰি আছে) য'ত মই ল'ৰা এজনৰ সৈতে বাইকত গৈ আছো। বোধহয় ফাঁচী
বজাৰৰ ওচৰত। সুধিলে, সেইজন মোৰ হ'বলগা জীৱন সংগী নহয় জানো? মনত পেলাবলৈ
চেষ্টা কৰি দেখিলো ঘটনাটো ছয়/ সাত মাহ মানৰ আগৰ।এৰা, মই এজন বন্ধুৰ সৈতে
গৈছিলো এঠাইলৈ।মই সুধিলো, কিহেনো তেওঁক অনুপ্ৰাণিত কৰিলে ফটোখন তুলিবলৈ আৰু
ইমানদিন সাঁচি ৰাখিবলৈ।. তেওঁ হেনো ফটোখন মোৰ আচৰিত কৰি দিবলৈ ৰাখি থৈছিল (
আচৰিত বাৰু হৈছিলোৱে !)
মই সুধিলো, "ছোৱালী এজনীৰ লগত বাইকত দেখা হ'লে এনেকৈয়ে ফটো মাৰি থলেহেঁতেননে গাড়ীৰ পৰা?"
তেওঁ নিমাত।
মই তেওঁক প্ৰতিদিন টাইম জইন কৰিবলৈ কৈছো। তাত তেওঁ কেইমাহ মানৰ আগতে 'চুটি কাপোৰ পিন্ধা ছোৱালী' ৰ ওপৰত বাতৰি বনোৱা তেওঁৰ দৰে একে মনৰ বন্ধুজনক লগ পাব।
বুজিলো- 1. আপুনি বাইকত সম্ভাব্য জীৱন সংগীৰ লগতহে উঠাটো নিয়ম/
2. অবিবাহিতা মহিলা/ যুৱতীক অচিনাকী পুৰুষৰ লগত বাইকত ৰাস্তাত দেখিলেও পিছ লৈ মনে মনে ফটো তুলি থব লাগে।
ছাৰজনলৈ আৰু কানহাইয়া আৰু ওমৰৰ ছোৱালী/ মহিলাৰ সৈতে থকা ফটো আপলোড কৰি, কমেন্ট দি ততf নোপোৱাসকললৈ দুটোপাল অশ্ৰু
মানুহবোৰৰ মনবোৰ সলনি হ'ব জানো!