Sunday, 14 February 2016

মছান চাই

ক'ত জানো পাইছিলো, কিবা এটা প্ৰকাশ কৰিবলৈ যদি ভাষাৰ অভাৱ বুলি কোৱা হয়, সেয়া সঁচা নহয়। বৰং সেয়া হৈছে কওঁতাৰ অক্ষমতা অথবা অজুহাত। নিজৰ অক্ষমতাক স্বীকাৰ কৰি কওঁ, অলপতে চোৱা ,এখন চলচ্চিত্ৰ 'মছান' চাইও কি অনুভৱ হ'ল লিখিবলৈ ভাষাৰ অভাৱ অনুভৱ কৰিছো।
'মছান' (অসমীয়াত শ্মশানঘাট) যোৱাবছৰ মুক্তি পোৱা এখন হিন্দী চলচ্চিত্ৰ। বৰূণ গ্ৰভাৰৰ কাহিনী আৰু চিত্ৰনাট্যৰে নতুন পৰিচালক নিৰজ ঘাইৱানে পৰিচালনা কৰা চলচ্চিত্ৰখনত মূল চৰিত্ৰ কেইটাত অভিনয় কৰিছে ৰিচা চড্ডা, বিকী কৌশল, সঞ্জয় মিশ্ৰ আদিয়ে। মূলতঃ দুটা পৃথক কাহিনী সমান্তৰালভাৱে আগবাঢ়ি গৈ শেহৰফালে এডাল ৰেখাত গৈ সংযোজিত হৈছে। কি আছে চলচ্চিত্রখনত?
মছানত দেখুওৱা হৈছে কেনেকৈ কাৰোবাৰ একান্ত ব্যক্তিগত অনুৰাগৰ বিষয়বোৰেও আজিও ভাৰতীয় সমাজত ৰাজহুৱাভাৱে কেনে বিকৃত ৰূপ লয়। নাৰীৰ সন্মানৰ প্ৰতি 'অৱচেছড' অথচ ভোগবাদী সমাজখন কিদৰে বৰ্ণ, জাত-পাতৰ হাতোৰাৰ পৰা এতিয়াও মুক্ত নহয়, কিদৰে সমাজে আৰূপ কৰা অদৃশ্য নিয়ন্ত্ৰণৰ পাকত মানুহৰ মাজৰ মানৱীয় সম্পৰ্কও বিপদাপন্ন হয়।
মছান ধুনীয়া। কোনো ঠাইতে কোনো চৰিত্ৰৰ হতোৱাই কোনো সংলাপত দীঘলীয়াকৈ কাহিনীকাৰে দিব বিচৰা নাই কোনো মেছেজ, কোনো বিষয়ৰ ঔচিত্য-অনৈচিত্যক লৈ। কেৱল ভয়ংকৰভাৱে উদাস অথচ সাংঘাটিকভাৱে দৃঢ় ৰিচা চড্ডাই ৰূপায়িত কৰা চৰিত্ৰটোৰ দুই এটা চুটি চুটি শব্দৰ সংলাপত বা বিকী কৌশলৰ নিৰীহ চৰিত্ৰটোৰ এটা সংলাপত চৰিত্ৰকেইটাৰ ভিতৰত উমি উমি জ্বলি থকা প্ৰতিবাদৰ জুইকুৰাৰ উমান পোৱা যায়। তাৰ বাহিৰে যি কোৱা হৈছে কেৱল কেমেৰাৰে, চৰিত্ৰসমূহে দৈনন্দিন সন্মুখীন হোৱা ঘটনাক্ৰমৰ মাজেৰে, soulful সংগীতৰ মাধ্যমেৰে।
আশাভংগ, হতাশা, বিচ্ছেদৰ মাজেৰে আগবঢ়া দুটা কাহিনী শেষত গৈ লগ হৈছেগৈ মানে ইতিমধ্যে কোনো মৰিশালিৰ ছাইৰ পৰা জন্ম লোৱা ফিনিক্সৰ দৰেই, আকস্মিক দুৰ্ঘটনা, সমাজৰ অলিখিত বান্ধোনৰ আগত নিঃস্ব হৈ ক্ৰমাৎ হেৰাই যাবলৈ উপক্ৰম কৰা মানুহৰ মাজৰ সম্পৰ্ক পুনঃ যেন প্ৰতিস্থাপিত হৈছে, সেয়া লাগিলে বাপেক-জীয়েকৰ সম্পৰ্কই হওক, বা মালিকৰ শিশু কৰ্মচাৰীজনৰ প্ৰতিয়েই হওক কিম্বা জীৱনৰ যাত্ৰাপথত লগ পোৱা এজন অচিনাকী যাত্ৰীৰ দুখৰ প্ৰতি সহাৰি জনোৱা আন এজন অচিনাকী যাত্ৰীয়েই হওক।
চলচ্চিত্ৰখনৰ কাহিনীত পেছাদাৰী লেখক হোৱা সত্বেও বৰূণ গ্ৰোভাৰৰ হৃদয়ৰ তাগিদাক যেন বিচাৰি পাব পাৰি।অৱশ্যে দুটা কাহিনী সংযোজিত কৰি দিয়াটো যেন অত্যন্ত জৰুৰী নাছিল। দুয়োটাকে নিলগাই থৈ দিয়া হলেও কোনো ক্ষতি নাছিল। অৱশ্যেই নতুন-পুৰণিৰ সংঘাতৰ এক আশাবাদী ফলাফলৰ কল্পনাৰ বাবেই কাহিনীৰ এই পৰিণতি বুলি ধৰি ল'ব পাৰি। চিত্ৰনাট্যত ফুটি উঠিছে উত্তৰ ভাৰতৰ বেনাৰসৰ দৰে এখন 'টিপিকেল' সৰু চহৰত থাকিব পৰা, চৰিত্ৰসমূহৰ মাজত থাকিব পৰা সৰু চহৰৰ বৈশিষ্ট্যসমূহৰ ক্ষুদ্ৰাতিক্ষুদ্ৰ বিৱৰণ আৰু ৰসোত্তীৰ্ণ উপস্থাপন। উদাহৰণস্বৰূপে, নিজ সামৰ্থ্যৰ ভিতৰত প্ৰেমিকে প্ৰেয়সীক উপহাৰ দিবলৈ অনা সস্তীয়া মিউজিক প্লেয়াৰটো বান্ধি আনিছে এটা সৰু পলিথিনৰ মোনাত। বোধহয় সৰু চহৰৰ সৰু দোকান এখনত দোকানীয়ে এনেদৰেই সামগ্ৰী বান্ধি দিব (অসমীয়া চলচ্চিত্ৰত এনে সূক্ষ্ম ডিটেইলছবোৰ কেতিয়াবা চাবলৈ পামনে?)।
অৱশ্যে এইখিনিতে অলপ আপত্তি শিশু এজনক কৰ্মচাৰীৰূপে দেখুওৱাত। হয়তো বাস্তৱৰ আচল প্ৰকাশৰ স্বাৰ্থতে এয়া কৰা হৈছে (আনকি শিশুসকলক নদীত ডুব মাৰি খুচুৰা পইছা উদ্ধাৰ কৰোৱাৰ দৰে বিপদজনক কাম দি জুৱা খেল চলোৱা হয়, কথাটো নাজানিছিলো)। তথাপিও, নিজে চিন্তা কৰিব জনা নায়িকাইও এই কথাটো নিচেই সহজভাৱে লোৱাটোতে আপত্তিটো।তাৰোপৰি জাত-পাতক লৈ এক মুখা-মুখি সংঘাত আশা কৰা গৈছিল। যিটোৰ সম্ভাৱনা কাহিনীকাৰে নোহোৱা কৰি পেলালে। সেয়ে মাজে মাজে ভাৱ হৈছিল, প্ৰতিবাদী যেন লাগিলেও যেন মছান ঠিক তাৰ বাবে উপযুক্তভাৱে সাজু হৈ নুঠা বা হ'বলৈ নিদিয়া এক কণ্ঠ।
কেমেৰাৰ কামক, বিশেষকৈ ই ধৰি ৰখা কিছু দৃশ্য যেনে ৰাস্তাত দুটা চৰিত্ৰই হাতে-হাত ধৰি থকা অৱস্থাত আন মানুহৰ প্ৰতিক্ৰিয়াৰ প্ৰতিনিধি হিচাপে কাপোৰৰ দোকানত সজাই থোৱা নিমাত হৈ থাকিলেও ডামীকেইটাই একেথৰে চাই থকা যেন লগা দৃশ্যটো, বুদ্ধিমত্তাৰে লোৱা অন্তৰংগ মূহুৰ্তকেইটা আৰু কোনো কৃপণালি নকৰাকৈ লোৱা ৰাতিৰ গংগাৰ দৃশ্যকেইটাৰ বাবে ক্ৰেডিট দিবই লাগিব।
অভিনয়ত থকা স্বাভাৱিকতা পৰিচালকৰ কৃতিত্ব নে অভিনেতা-অভিনেত্ৰীসকলৰ কোৱা টান। কিন্তু পৰিচিত পুৰণি সকলৰ পৰা নৱাগত, এনেকি শিশু শিল্পী গৰাকীলৈকে সকলোৰে অভিনয় স্বাভাৱিক। জড়তা আৰু নাটকীয়তাবিহীন।
মছান চাই শেষ কৰাৰ পাছত চকু মুদিলেই মোৰ দৰে বহুতৰে হয়তো সমুখলৈ প্ৰথমে আহিব এখন মুখ - বিকী কৌশলৰ- তেওঁৰ অত্যন্ত বিশ্বাসযোগ্য অভিনয়ৰ বাবে আৰু কাণত হয়তো বাজি থাকিব ইন্ডিয়ান অ'চেনৰ সেই পাহৰিব নোৱাৰা গীতটি-"তু কিছী ৰেইল চি গুজৰতী হ্যে, ম্যে কিছী পুল চা ঠৰঠৰাতা হুঁ ..."।

Thursday, 4 February 2016

মেঘালয়ৰ মাতৃপ্ৰধান সমাজঃ কল্পনা, বাস্তৱ আৰু প্ৰত্যাহ্বান


পুৰুষতান্ত্ৰিক সমাজখনত নাৰীৰ অৱস্থানৰ বিপৰীতে চুবুৰীয়া মেঘালয়ৰ খাচী-জয়ন্তীয়া-গাৰোসকলৰ মাতৃপ্ৰধান সমাজৰ কেতবোৰ দিশ চোৱা যাওক।
মাতৃপ্ৰধান সমাজত স্বাভাৱিকতেই সন্তানসকলে আহৰণ কৰে মাতৃৰ বংশ পৰিচয়। সেয়া মেঘালয়ৰ খাচী, গাৰো আৰু জয়ন্তীয়াসকলৰ মাজত চলি অহা পাৰম্পৰিক প্ৰথা। পিছে অলপ ফঁহিয়াই চালে দেখা যায় যে মাতৃপ্ৰধান হ'লেও এইকেইখন সমাজ মাতৃতান্ত্ৰিক নহয়।
এইটো সত্য যে খাচী,গাৰো সমাজত যৌতুক প্ৰথা নাই, খাচীসকলৰ 'খাটডু' আৰু গাৰোসকলৰ 'নক্ৰম' (ঘৰৰ কণিষ্ঠ কন্যা সন্তান) সকলে পৈতৃক সম্পত্তি আৰু পৈতৃক গৃহৰ মালিকীস্বত্ব পায়। আনকি বিয়াৰ পাছত সচৰাচৰ দেখাৰ বিপৰীত চিত্ৰ পুৰুষসকলহে মহিলাৰ ঘৰলৈ থাকিবলৈ যোৱা দেখিবলৈ পোৱা যায়।স্বাভাৱিকতেই মহিলাসকলে সামাজিক জীৱনত ভাৰতৰ আন ঠাইৰ তুলনাত অধিক সবলভাৱে আত্মপ্ৰকাশৰ সুবিধা পায়। ঘৰ-দুৱাৰ চম্ভালাৰ উপৰিও ব্যৱসায়-বাণিজ্যৰ ক্ষেত্ৰখনতো বিশেষকৈ খাচী মহিলাসকল আগৰণুৱা (এইক্ষেত্ৰত পিতৃতান্ত্ৰিক সমাজৰ হোৱা স্বত্বেও মণিপুৰৰ মেইটেই মহিলাসকলৰো কৰ্মোদ্যম লেখতলবলগীয়া)।
বাহিৰৰপৰা দেখা মহিলাৰ এনে অৱস্থানৰ বাবেই যিসময়ত বাহিৰৰ মানুহে আশ্চৰ্যচকিত হয় বিশ্বৰ একেবাৰে আঙুলিৰ মূৰত লেখিবপৰা এখন মাতৃপ্ৰধান সমাজ হিচাপে, আভ্যন্তৰীণভাৱে কিন্তু নগণ্যসংখ্যক পুৰুষে গঢ়ি তোলা (2000-3000জন) এচআৰটি (Syngkhing Rympei Thymmai) আন্দোলনে মাতৃপ্ৰধান ব্যৱস্থাৰ বিৰোধিতা কৰি আহিছে। এচআৰটিৰ নেতাসকলৰ মতে এনে ব্যৱস্থাই সমাজত পুৰুষসকলৰ স্থান অৱনমিত কৰিছে বিশেষকৈ পৈতৃক সম্পত্তিৰ ওপৰত অধিকাৰহীনতাই । মদ বা ড্ৰাগচৰ আসক্তি এইটো কাৰণতে হেনো পুৰুষসকলৰ মাজত গঢ় লৈ উঠিছে।আমোদজনকভাৱে, তেঁওলোকে এনে ব্যৱস্থাৰ পৰিৱৰ্তন বিচাৰে কিন্তু সম অধিকাৰৰ ভিত্তিত নহয় বৰঞ্চ পিতৃতান্ত্ৰিক প্ৰথা আন ৰাজ্যৰ দৰে মেঘালয়তো প্ৰৱৰ্তন কৰিহে।
বাহিৰৰ মানুহে ভবাৰ দৰে বা কিছু নগণ্যসংখ্যক সেই সমাজৰ পুৰুষে কোৱাৰ দৰে বিশেষকৈ খাচী আৰু গাৰো সমাজত মহিলাৰ স্থান কেনেকোৱা? জ্যেষ্ঠ সাংবাদিক মাননীয়া পেট্ৰিচিয়া মুখিমে ক'বৰ দৰে (যি নিজেই এগৰাকী খাচী সমাজৰ সদস্যা), তেখেতৰ ব্যক্তিগত উত্তৰণত মাতৃপ্ৰধান সমাজখনৰ পৰম্পৰাই যথেষ্ট সহায় কৰিছিল যদিও খাচী সমাজত সম্পত্তিৰ অধিকাৰ একেমুখে মহিলাৰ হাতত থাকে বুলি ক'ব নোৱাৰি। যেনে, যদিও দেখাত ঘৰখনৰ সৰু ছোৱালীজনীয়ে পৈতৃক গৃহকে ধৰি আন স্থাৱৰ সম্পত্তিৰ মালিকীস্বত্ত্ব পায়, তাই সেইখিনি আচলতে চোৱা-চিতাহে কৰিবলৈ অধিকাৰ পায়। পৈতৃক স্থাৱৰ সম্পত্তি বেচা-কিনা কৰিবলৈ গ'লে মোমায়েকৰ লগত দিহা-পৰামৰ্শ কৰিব লগা হয়। মোমায়েকেই এই ক্ষেত্ৰত শেষ সিদ্ধান্ত লয়। গাৰোসকলৰ ক্ষেত্ৰতো প্ৰায় একে নিয়মেই খাটে। গতিকে সম্পত্তিৰ অধিকাৰত মহিলাৰ একক আধিপত্যতো নায়েই বৰঞ্চ এজন পুৰুষ(মোমায়েক) ৰ অধীনত কাম কৰা একোগৰাকী মেনেজাৰ বা পৰিচালকৰ লগত তুলনা কৰিব পাৰি।
বিয়া-বাৰুৰ ক্ষেত্ৰতো দেখা যায় যদিও খাচী সমাজত ঘৰৰ পৰা চাই-চিতি পতা প্ৰথা নাই, কিন্তু গাৰোসকলৰ ক্ষেত্ৰত নক্ৰম বা পৈতৃক সম্পত্তিৰ অধিকাৰী হ'বলগা ছোৱালীজনীয়ে দেউতাকৰ ভতিজাক বা নাথাকিলে দেউতাকৰ মাকৰ বংশৰ কাৰোবাক বিয়া কৰাব লগা হয়। ইয়াত নিজৰ পছন্দ-অপছন্দৰ কথা নাহে। সময়ৰ লগে লগে তাত কিছু পৰিৱৰ্তন আহিছে।আনকি খ্ৰীষ্টধৰ্মৰ প্ৰসাৰৰ লগে লগেহে বিয়াই এক সামাজিক অনুষ্ঠান হিচাপে বহল স্বীকৃতি পালে। তাৰ লগে লগে খাচী সমাজত চলি থকা বহু-বিবাহো(বহুগামী সম্পৰ্কও) কমিল।
খ্ৰীষ্টধৰ্ম জনপ্ৰিয় হোৱা আৰু আধুনিকতাৰ প্ৰৰসাৰৰ লগে লগে আৰু বিবাহৰ আনুষ্ঠানিক ৰূপ আৰু প্ৰধানকৈ শিক্ষাৰ পোহৰ পোৱা কিছু পুৰুষে বাহিৰৰ সমাজবোৰৰ সংস্পশলৈ আহিও ক্ৰমে নিজৰ মাতৃপ্ৰধান সমাজখনৰ প্ৰথাবোৰ অসহজ অনুভৱ কৰিবলৈ লৈছে। সেয়ে হয়তো কিছু শিক্ষিত গাৰো আৰু খাচী পুৰুষে পৰম্পৰাৰ বিৰুদ্ধে গৈ বিবাহৰ পাছত নিজৰ ঘৰলৈ পত্নীক আনিছে আৰু সন্তানক নিজৰ উপাধি দিছে।
আধুনিকতাৰ পৰশ কৃষি বা ব্যৱসায়ক্ষেত্ৰতো দেখা পোৱা গৈছে। সাধাৰণতে মেঘালয়ৰ সৰু-সুৰা দোকান-পোহাৰ বা খেতি-পথাৰলৈ গ'লে দেখা পোৱা যায় মহিলাসকলৰ দপদপনি। কাৰণ তেঁওলোক স্বভাৱতে কৰ্মোদ্যমী। পিছে বৃহৎ পৰিসৰত যেতিয়া ব্যৱসায়িকভাৱে খেতি কৰিবলৈ বেংকসমূহে ঋণ দিবলৈ ল'লে তেতিয়া পুৰুষসকলৰ নামতহে দিবলৈ উৎসাহিত হোৱা দেখা গ'ল।মানে ঘৰৰ মূৰব্বীক। আৰু মাতৃপ্ৰধান হ'লেও খাচী বা জয়ন্তীয়া বা গাৰো সমাজৰ পৰিয়ালৰ মূৰব্বী পিতৃসকলেই।গতিকে বৃহৎ পৰিসৰৰ কৃষি বা ব্যৱসায়ত মহিলাসকলৰ দখল আৰু পুৰুষসকলৰ সৈতে অংশ লোৱাৰ অধিকাৰ ক্ৰমশঃ কমি আহিছে। এতিয়া নিজৰ নামত ঋণ লোৱা পুৰুষসকলে নিজেই সিদ্ধান্ত লয়, তেওঁলোকে কিহৰ খেতি কৰিব বা লাভৰ টকা কিহত খৰচ কৰিব। বিশেষকৈ গাৰো পাহাৰত ৰবৰ খেতি জনপ্ৰিয় হোৱাৰ পাছত এই ধাৰাটো দেখিবলৈ পোৱা গৈছে।
আৰু এটা কথা আচৰিত যেন লাগিলেও সঁচা যে মেঘালয়ত ঘৰুৱা হিংসাৰ
হাৰ অতি উচ্চ।নৰ্থ ইষ্ট নেটৱৰ্ক নামৰ
সংস্থাটোৱে চলোৱা এটা সমীক্ষাত প্ৰতি
পাঁচগৰাকীৰ তিনিগৰাকী মহিলাই পুৰুষৰ হাতত ঘৰুৱা
হিংসাৰ বলি হয় বুলি প্ৰকাশ পাইছিল।
শেহতীয়া লোক গনণাতো ৰাজ্যখনত পুৰুষতকৈ মহিলাৰ সাক্ষৰতাৰ হাৰ কম। কন্যা শিশুৰ অনুপাতো মেঘালয়ত কমি আহিছে।
আৰু এটা গুৰুত্বপূৰ্ণ দিশ যিটোত পৰম্পৰাগত
মাতৃপ্ৰধান সমাজখনেও মহিলাসকলৰ প্ৰতি বৈষম্যমূলক
আচৰণ কৰি আহিছে সেয়া হৈছে ৰাজনৈতিক ক্ষেত্ৰখনত মহিলাৰ প্ৰৱেশ নিষিদ্ধকৰণৰ জৰিয়তে। উত্তৰ-পূৱৰ সকলোবোৰ জনজাতীয় পৰম্পৰাগত আইনেই মহিলাসকলক ৰাজনৈতিক তথা প্ৰশাসনিক ক্ষেত্ৰত অংশগ্ৰহণৰ কোনো সুৰুঙা ৰখা নাই।সেয়ে গাওঁ সভাসমূহত নাথাকে এগৰাকীও মহিলা সদস্য। আনকি এনে সভাবোৰত মাতৃপ্ৰধান সমাজৰ মহিলাসকলৰো মাত মতাৰ অধিকাৰ নাই। আধুনিক শিক্ষাৰ পৰশেও মহিলাসকলৰ মনত সোমাই থকা এক সংকোচবোধে এতিয়াও নিৰ্বাচনকেন্দ্ৰিক ৰাজনৈতিক ক্ষেত্ৰখনলৈ তেওঁলোকক আকৰ্ষণ কৰিব পৰা নাই বুলি বহুতৰ মত।যিটোৰ হয়তো যথেষ্ট গুৰুত্ব আছে।
নিজৰ মাটি বাহিৰা মানুহৰ হাতৰ পৰা বচাই ৰখাৰ নামত কেইটামান স্থানীয় সংগঠনে এতিয়া আনকি খাচী মহিলাসকলক নিজৰ জীৱনসংগী নিজৰ ইচ্ছাত বাচি লোৱাতো আপত্তি কৰি বাহিৰা কোনো পুৰুষকে বিয়া কৰোৱাটো নিষিদ্ধ কৰিব বিচাৰিছে। তেওঁলোকৰ যুক্তি হ'ল, বাহিৰৰ বহু পুৰুষে খাচী মহিলাক বিয়া কৰাই মেঘালয়ত নিগাজীকৈ বহি গৈছে যাৰ ফলত থলুৱাসকলৰ মাটি বহিৰাগতৰ হাতলৈ গুচি গৈছে। আচলতে মাটিৰ বা সম্পত্তিৰ মালিকীস্বত্ত্ব হয়তো মহিলাসকলৰ নামতে থাকে, কিন্তু চুবুৰীয়া ৰাজ্যৰ পিতৃতান্ত্ৰিক প্ৰথাই সংগঠনসমূহৰ বিষয়ববীয়াসকলক নতুনকৈ চিন্তা কৰিবলৈ শিকালে। এতিয়া এনে পৌৰোষিক হেঁচাই মাতৃপ্ৰধান বুলিয়ে নহয়, এগৰাকী মানুহ হিচাপে মহিলাসকলৰ অধিকাৰত ভাবুকিৰ সৃষ্টি কৰিছে।
গতিকে দেখা যায় যে মাতৃপ্ৰধান সমাজ সত্বেও খাচী বা গাৰো সমাজত যে নাৰীৰ স্থান পিতৃতান্ত্ৰিক সমাজত পুৰুষৰ দৰেই, তেনে নহয়। আধুনিকতাই কেতবোৰ যোগাত্মক পৰিৱৰ্তন আনিলেও উদাৰীকৰণৰ বতাহ ছাটিত উৰি অহা কেতবোৰ পিতৃতান্ত্ৰিক মূল্যবোধে এনে সমাজত লিংগৰ সমতা স্থাপনৰ ক্ষেত্ৰতো প্ৰত্যাহ্বান হিচাপেহে ঠিয় দিবলৈ ধৰিছে।
(বিঃদ্ৰঃ লেখাটি যুগুতাওতে নিজা অভিজ্ঞতাৰ উপৰিও বিভিন্নজনৰ লেখা বিশেষকৈ জ্যেষ্ঠ সাংবাদিক পেট্ৰিচিয়া মুখিমৰ প্ৰৱন্ধ আৰু লিখিত সাক্ষাৎকাৰ, বিশিষ্ট সমাজতত্ববিদ ৱাল্টাৰ ফাৰ্ণাৰ্ণ্ডেজৰ অধীনত গাৰোসকলৰ মাজত চলোৱা সমীক্ষাৰ ফলাফলৰ সহায় লোৱা হৈছে।)