Monday, 27 June 2016

ফুৰা-চকা

ঠিক হ'ল যোৱা দেওবাৰে, ফুৰিবলৈ যাম মেঘালয়লৈ। পাঁচজনীয়া এটা সৰু দল। মহিলা সদস্য অকল মই। শনিবাৰে দেৰিলৈকে জাগি থকাৰ ফলত অহা দেওবাৰৰ কেঁচা টোপনি মন নগলেও এৰি পুৱাতেই ওলালো মেঘালয়লৈ বুলি। জালুকবাৰী, খানাপাৰা, যোৰাবাট, বৰ্ণিহাট। মাজতে খন্তেক নংপোত ৰৈ শ্বিলং সোনকালেই পালোগৈ। তাৰপৰা ডাউকিলৈ যোৱা ৰাস্তাৰে বাট ল'লো।
মেঘালয়ৰ মাজেদি গুৱাহাটী-শিলচৰ কিমানবাৰ অহা-যোৱা কৰিছো হিচাপ নাই। ঠিক তেনেদৰে কামৰ বাবেই হওক, ফুৰিবৰ বাবেই হওক শ্বিলংখনক পাইছো বহুবাৰ। পুৱাৰ শ্বিলং, ৰাতিৰ শ্বিলং, দুপৰীয়াৰ, সন্ধ্যাৰ।পিছে যিটো বৈশিষ্ট্যৰ বাবে মেঘালয়ৰ নামটো হৈছে মানে abode of clouds তেনেকোৱা পৰিবেশ এটাৰ সৈতে আগে-পিছে চিনাকি হোৱা নাছিলো।কিন্তু ডাউকিলৈ শ্বিলঙৰপৰা প্ৰায় পঁচাশী কিলোমিটাৰৰ পথচোৱাৰ অলপদূৰ আগবঢ়াৰ পিছৰ পৰাই অনুভৱ কৰিলো কিয় সঁচাই মেঘালয় মেঘৰ আলয়। সমগ্ৰ ৰাস্তাটোৱেই যিমানে ওপৰলৈ উঠি গৈছে সিমানে ঘন মেঘে ঢাকি ধৰিছে, তাপ কমি ঠান্ডা লাগিছে। মাজে-মাজে Laitlyngkot আদি দুই-এঠাইত খাবৰ বাবে, ঠাইবোৰ চাবৰ বাবে নামি ৰৈছো। মেঘৰ মাজেৰে অহা-যোৱা কৰোতে অলপ অলপ কাপোৰ ভিজি গৈছে। কি যে মায়াময়, মেঘময় পৰিবেশ!
পাহাৰৰ পৰা ক্ৰমে ৰাস্তাটো সমতললৈ নামি অহা যেন লাগিল।লাহে লাহে মেঘ কমিল। ৰ'দ ওলাল। পাহাৰৰ শাৰীবোৰৰ ওপৰত বিবিধ প্ৰজাতিৰ পাইনে মিচিকিয়াই আছিল। ভাৱ হৈছিল ক'ত আছো। ঘন অৰণ্যৰ ( বিশেষকৈ এইবাৰ লিচপিচীয়া তামোল গছৰ) আৰু সেৰেঙা বসতিৰ মাজেৰে গৈ আছো। এটা সময়ত গৰম লাগিল। বাংলাদেশে পাহাৰৰ মাজে মাজে ভূমূকিয়াবলৈ ধৰিলে। এঠাইত ৰ'লো। মেঘে তেতিয়াও লগ এৰা দিয়া নাই। দেখিলো, পাহাৰৰ দাঁতি কাষৰেদি নদী এখন বৈ গৈছে। আমি তেতিয়াও পূৱ খাচী পাহাৰ জিলাতে আছো। অথচ মোবাইল নেটৱৰ্ক দেখুৱাইছে বাংলাদেশৰ। নদীখনৰ ইটো পাৰে মানুহৰ ঘন বসতি। বাংলাদেশৰ চিলেট জিলা সেইখন। আজানৰ মাত শুনিলো দেখা পোৱা মছজিদ এটাৰ পৰা। নদীত বহুতো মাছমৰীয়া নাও।Umngot নদী সেইখন। যাৰ এফালে ভাৰত, আনফালে বাংলাদেশ। আগবাঢ়িলো আৰু প্ৰায় এঘন্টা। সোঁফালে দেখিলো মাওলিননং গাঁৱৰ ব'ৰ্ড। মূল ৰাস্তাৰ পৰা ওঠৰ কিলোমিটাৰ। আমি মূল ৰাস্তাৰে পোণে পোণে আগবাঢ়িলো আৰু প্ৰায় সাত-আঠ কিলোমিটাৰমান আৰু পাই গ'লো আমাৰ প্ৰথম লক্ষ্যস্থান ডাউকি।

নাম নজনা ভিন ৰঙী অৰ্কিডে ঠায়ে ঠায়ে হাঁহি থকা ৰাস্তাটো পাৰ হৈ ডাউকিত উপস্থিত হ'লো। মেঘালয়লৈ আহিলে এটা কথা ভাবো, পৰ্যটনৰ ক্ষেত্ৰত বহু পিছ পৰি থকা উত্তৰ-পূৱৰ( ছিকিমক বাদ দি) ৰাজ্যকেইখনৰ ভিতৰতো মেঘালয়ে পাৰ্যমানে এই ক্ষেত্ৰখনত কিবা এটা কৰিবলৈ চেষ্টা কৰিছে। স্বাৰ্থপৰৰ দৰে, প্ৰকৃতিৰ একেবাৰে অকৃত্ৰিম অৱস্থাতে ঠাইবোৰ চাবলৈয়ে ভাল পালেও, আৰ্থিক বিকাশৰ স্বাৰ্থতে এনে অঞ্চলবোৰলৈ পৰ্যকটকক আকৰ্ষণ কৰোৱাৰ প্ৰয়োজনীয়তা উপলব্ধি কৰো।অৰুণাচলখন বিশেষকৈ তেনেকোৱা ঠাই। বহু ধুনীয়া ধুনীয়া ঠাইলৈ পৰ্যটক যাবই পৰা নাই। বৃটিছ পলিচীৰ প্ৰভাৱ, দুৰ্গম বাট-পথ তথা অজ্ঞতাৰ বাবে। উত্তৰ-পূৱ অঞ্চলটোযে প্ৰকৃতিৰ জিৰোৱা ঠাই, বলীউডৰ চকুত পৰিছে হবলা। অসমত ৰেংগুন চলচ্চিত্ৰখনৰ, শ্বিলঙত ৰক অনৰ দ্বিতীয় ভাগটোৰ শ্বুটিং হৈছে। মোৰ কাম হ'ব , বলিউডে আৱিষ্কাৰ কৰি কমন কৰি পেলোৱাৰ আগতেই ঠাইবোৰ ফুৰি শেষ কৰা।
গতিকে মেঘালয়ত দেখো চৰকাৰী চেষ্টা আৰু সেই চেষ্টা সত্বেও পূৰা-পূৰি কৃত্ৰিম ৰূপ নোলোৱা ঠাইবোৰ। ডাউকিলৈ প্ৰধানকৈ গৈছিলো নাৱত উঠিবলৈ। স্বচ্ছ পানীৰ নৈখন( Umngot)ত নাওবোৰ বায়ুতে ওপঙি থকাৰ দৰে লাগে। গতিকে গৈ পাইয়েই নাৱত উঠিবলৈ দৰ-দাম কৰিলো। আৰু তললৈ নৈখনলৈ নামি গ'লো। লাইফ জেকেট অবিহনেই আমি হাত নাৱত উঠি ল'লো। মোৰ লগত যোৱা ল'ৰাকেইটাই এটাইও সাঁতুৰিব নাজানে। সেয়ে সিহঁতে কেনেবাকৈ নৈত পৰি গ'লে মোক বচাবলৈ কাকূতি কৰিলে :D মই বোলো, দেখ ভাই, তহঁত গোটেই কেইটাৰে চুলিবোৰ চুটি চুটি। দীঘল চুলি হোৱা হ'লে চুলিত ধৰি টানি অনাৰ কথা চিন্তা কৰিব পাৰিলোহেঁতেন :p বাৰু সি যি নহওক, নাৱৰীয়া কাইয়ে অসমীয়া বুজি পায়। তেঁও আমাক জিৰো পইন্টৰ পৰা আইলেন্ড( মানে নদীৰ মাজৰ সৰু চাপৰি এটালৈ) নি এপাক ঘূৰাই আনিম বুলি ক'লে।এই জিৰো পইন্ট হৈছে ভাৰত আৰু বাংলাদেশৰ আন্তৰ্জাতিক সীমা। ডাউকি নামৰ সৰু গাঁওখন তাৰপাছত আছে টমাবিল। টমাবিল পাৰ হৈয়ে বাংলাদেশ। কোনো ওখ ওখ বেৰ নাই। খালী চকুৰে চাব পাৰি( খালী হাতেৰে যাবহে নোৱাৰি)।এখন suspension দলং আছে নৈখনৰ ওপৰত মেঘালয়ৰ দুখন জিলাৰো সংযোগ স্থল হিচাপে। ঠাইখিনিৰ জৰিয়তে ভাৰত-বাংলাদেশৰ বাণিজ্যিক লেনা-দেনা হয়। বিশেষকৈ চাগৈ মাছৰ ব্যৱসায় হয়। জিৰো পইন্ট বুলি কোৱা ঠাইখিনি যেতিয়া চাই পঠাব, নৈখনৰ দুটা সুঁতে নৈখনৰ মাজতে এটা সীমা টানি থোৱা দেখা যাব। সেয়া হৈছে প্ৰাকৃতিক সীমা। ইফালে ভাৰত, সিফালে বাংলাদেশ। কিবা কাৰণত বতাহে এইপাৰৰ নাও সিপাৰলৈ টানি লৈ গৈ বাংলাদেশ পোৱালেগৈ দিগদাৰ হয় বুলি ক'লে নাৱৰীয়া দাদাজনে কাৰণ নাওখন ধৰি থৈ দিয়ে। ঠাইখিনিত লোৱা ফটোবোৰত লোকেচন দেখুৱালে বাংলাদেশৰ চিলেট জিলাৰ জাফলং নামৰ এখন চাহ বাগিচাৰ বুলি। বাংলাদেশৰ এই জিলাখন পাহাৰীয়া আৰু পৰ্যটকৰ আকৰ্ষণৰ থলী।
সি যি নহওক, আমি নৈখনৰ বুকুত গৈ থাকোতে দুয়োপাৰে থকা পাহাৰ আৰু অৰণ্যলৈ চালো। বৰষুণ দিয়া নাছিল যদিও ওপৰৰ পৰা গছ-বন লতাইদি অহৰহ পানী পৰি আছিল তললৈ। কি ধৰণৰ যে এক গম্ভীৰ শব্দ শুনিছিলো বুজাই কব নোৱাৰিম। পাৰৰ পাহাৰত এটা প্ৰকান্ড শিল আছে। বোধহয় বৰষুণ বেছি হ'লে শিলটোৰ গাৰ মাজেদিয়ো ঠায়ে ঠায়ে পানী ওলায়।পানী ওলোৱা দাগ আৰু ফুটা দেখিছিলো। আকাৰটো শিৱ লিংগ এটাৰ দৰেই। মেঘালয়ত আছে বাবেই সেউজীয়াৰ মাজত নিৰলে আছে। আমাৰ দৰে ঠাইত হোৱা হ'লে হয়তো ৰঙা পতাকা উৰোৱাই শিৱ মন্দিৰ পাতি তেল-সেন্দূৰ লগাই পুজা পাতি গোটেইখন হুলস্থূল আৰু লেতেৰা হ'লহেঁতেন। অৱশ্যে আমি আশা কৰাৰ দৰে নদীৰ মাজভাগত স্বচ্ছ পানীৰ মুখ নেদেখিলো। নতুন পানীৰ ঢল আহি নদীখনৰ এটা ফাল ঘোদা কৰি পেলাইছিল। আমি বিচৰাধৰণে পালো কেৱল এটা ফাল। তলীখন য'ত দেখি থাকি।
1932 চনতে বৃটিছে বনাই থৈ যোৱা দলংখন পাৰ হৈ ইটো পাৰৰ পশ্চিম জয়ন্তীয়া পাহাৰ জিলালৈ গ'লো। তাত আৰু বেছি সময় ৰৈ নাথাকি আৰম্ভ কৰিলো আমাৰ দ্বিতীয় লক্ষ্যস্থান - মাওলিননং নামৰ সৰু গাওঁখনলৈ। সকলোৱে শুনিছেই।


মাউলিননং গাওঁখনলৈ যাবলৈ মূল ৰাস্তাৰ পৰা ওঠৰ কিলোমিটাৰ সোমাই আহিব লাগে। বৰষুণে ধুই নিকা কৰি থোৱা গছ-বনৰ মাজেৰে লুঙলুঙীয়া ৰাস্তাটোৰে গৈ থাকোতে ভাৱ হোৱা নাছিল গৈ গৈ যে মানুহৰ বসতি পাম। এছিয়াৰ সৱাতোকৈ পৰিষ্কাৰ গাওঁ বুলি বিবিচিয়ে আৱিষ্কাৰ কৰা এই গাওঁখনৰ কথা কিমান যে শুনিছো! ভাবিলো, চাফা নহবই বা কিয়! প্ৰকৃতিয়ে বুকুৰ মাজত ইমান আলফুলে লৈ থকা ঠাইবোৰ চাফা নহৈ পাৰেনে? কেৱল ৰাস্তাত লগ পাইছিলো ইখনৰ পাছত সিখন গাড়ী। একমাত্ৰ এই গাওঁখনলৈয়ে অহা-যোৱা কৰা।
মাওলিননং এখন অকমানি মৰমলগা গাওঁ। মেঘালয়ৰ ভিতৰোৱা ঠাই এখনত এনেকোৱা গাওঁ এখন পোৱা যাব বুলি হয়তো ভাৱেই নহলহেঁতেন। সৰু-সৰু ঘৰবোৰৰ প্ৰায় প্ৰত্যেকৰে পদূলিত একোখনকৈ কাঠৰ বেঞ্চ আৰু একোটাকৈ বাঁহৰ পৰম্পৰাগত ডাষ্টবিন। পৰ্যটক জিৰাবৰ বাবে আৰু কিবা পেলাবলগা হ'লে পেলাবলৈ। লগতে একোখনি ফুলৰ বাগিচা। সকলোৰে ঘৰত বেলেগ বেলেগ দুই একোবিধ অৰ্কিডো আছিল। নিজা উদ্যোগত দুই এক ঘৰত বনাই থৈছে বাঁহৰ ওখ ওখ টঙীঘৰ। য'ৰ পৰা বাংলাদেশখন ধুনীয়াকৈ চাব পাৰি। বচ কেৱল প্ৰৱেশ মূল্য এটা দিলেই হ'ল। আমি ৰিৱাইত তেনে এটা অতিপাত ওখ টঙীঘৰত উঠিলো। পিছে তালৈ উঠি যাওতে ইমান ভালৰ লগতে ভয়ো লাগিছিল যে তাৰপৰা ফটো লোৱাৰ কথা আমাৰ কাৰো মূৰতে নোসোমালে। পিছে চাফা বুলি জনাজাত গাওঁখনলৈ অহা পৰ্যটকে দুটা কাম কৰিছে যেন লাগিল। প্ৰথম, বৃহৎ সংখ্যক পৰ্যটকৰ আগমনে ঠাইখন লেতেৰাও কৰিছে য'তে-ত'তে প্লাষ্টিকৰ বটল আৰু তামোলৰ পিক দ্বায়িত্বহীনভাৱে পেলাই। অৱশ্যে গাওঁবাসীসকলে অহৰহ চেষ্টা কৰি থাকে যাতে ঠাইবোৰ লেতেৰা নহয়। দ্বিতীয়তে, ওচৰ-পাজৰৰ দুই-এক দৰ্শনীয় ঠাইলৈয়ো মানুহ যাবলৈ লোৱাৰ ফলত সেই গাওঁবোৰো সমানেই পৰিষ্কাৰ কৰি থোৱা হৈছে। যেনে আগতে পাই যোৱা ৰিৱাই গাওঁখন, তাতো একে পৰিচ্ছন্নতাই দেখিলো। তাতো একেবাৰে থুপুক-থাপাককৈ খোজকাঢ়িব শিকা মাত্ৰ কণমানি এটাইও চকলেটৰ বাকলি এটা ডাষ্টবিনত পেলোৱা দেখিলো :) অৱশ্যে মেঘালয়ৰ বাট-পথৰ সাধাৰণ হোটেলে-ৰিজৰ্টে থকা টইলেটবোৰো অসমতকৈ বহু পৰিষ্কাৰ। কেতিয়াযে আমি শিকিম!
প্ৰায় প্ৰতিঘৰ মানুহৰ ঘৰতে home stay ৰ ব্যৱস্থা আছে। কোনো ঐতিহাসিক স্থানৰ বিষয়ে আপুনি হয়তো পঢ়া-শুনা কৰি বা এদিন গৈ ঘৰ-মহলবোৰ চালেই হৈ যাব। কিন্তু প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ হ'লে তেনে ঠাইত ৰাতি-দিন কটাবই লাগিব। স্থানীয় অধিবাসীৰ দৈনন্দিন জীৱনত প্ৰকৃতি আৰু মানুহৰ সম্পৰ্ক বিচাৰি চাব লাগিব। আমাৰ দৰে ঠাইৰ মানুহৰ ক্ষেত্ৰত, যি নিজৰ ঠাইবোৰতে নৈয়ে- পাহাৰে ঘূৰি ফুৰিব পাৰো, এই কথাষাৰ সিমান প্ৰয়োজনীয় নহলেও বাহিৰৰ পৰা অহা মানুহৰ বাবে প্ৰযোজ্য।হোটেলবোৰত পৰিচাৰিকা, মেনেজাৰ, ৰান্ধনী সকলো মহিলা। মেঘালয়ৰ মাতৃপ্ৰধান সমাজৰ প্ৰতিফলন সেয়া।
মাওলিননং পোৱাৰ আগতে ৰিৱাই নামৰ গাওঁখন। তাত আছিল এটা জলপ্ৰপাত আৰু ইপাৰৰ পৰা সিপাৰলৈ যাবলৈ এখন সৰু প্ৰাকৃতিক জৰীগছৰ শিপাৰ দলং। মেঘালয়ৰ বহু দুৰ্গম ঠাইত খৰস্ৰোতা নদী পাৰ হ'বলৈ মানুহে গছৰ শিপাবোৰ এটা নিদিৰ্ষ্ট পথেৰে বান্ধি বাঢ়ি যাবলৈ দি পৰিবহণৰ ব্যৱস্থা কৰে বুলি শুনিছো। হয়তো উন্নয়নৰ পোহৰ সেৰেঙা বসতিৰ তেনে ঠাইত পৰিবলৈ এতিয়াও বাকী। নদীত পানী আছিল। বহু স্থানীয় মানুহ আৰু পৰ্যটকে গা ধুইছিল, কাপোৰ ধুইছিল। তলত আছিল প্ৰকান্ড একো একো চটা শিল। যেন কোনোবাই শিল চটা চটাকৈ পাৰি তাৰ ওপৰেৰে পানী বোৱাই দিয়াইছে।
ৰিৱাই গাঁৱৰ পৰা ওলাই অলপদূৰ গৈ ৰাস্তাৰ কাষত এঠাইত আছিল আন এটা শিল। Balancing Rock বুলিয়ে প্ৰৱেশ দ্বাৰত লিখা আছিল। প্ৰকান্ড শিলটো তলৰ এটা কনমান শিলৰ ওপৰত ঠিয় হৈ ভাৰসাম্য বজাই ৰাখিছে।
সন্ধ্যা হৈ আহিছিল। মেঘে ঢাকি পেলোৱা ৰাস্তাটুকুৰা পাৰ হব আছিল। উলটিলো। ৰাতি আন্ধাৰ আৰু মেঘৰ মাজত আগৰ ৰাস্তা দেখি নোপোৱা অৱস্থা। লগতে বতাহ। বতাহত এঁকা বেঁকা ৰাস্তাটো পাহাৰবোৰ সোঁফালে থাকিলে মেঘে ঢাকি পেলাই আৰু বাওঁফালে হৈ গ'লে মেঘখিনি পাহাৰে ভেঁটা দিয়াৰ বাবে স্পষ্ট হয়। পাঁচখন বাইকৰ এটা দল লাহে লাহে আগবাঢ়িছিল। তেওঁলোকৰ পোহৰৰ পিছে পিছে চালক দাদাই চলাই আহি আছিল। মেঘালয়ৰ ৰাস্তা সিমান এটা ঠিয় নহয় বাবে বাইকাৰ আৰু চাইক্লিষ্টৰ বাবে পচন্দৰ ঠাই।
ইউৰেনিয়াম, কয়লা আদিৰ বাবে মানুহে বুকু খান্দি খান্দি সেউজীয়াবোৰক মটীয়া বৰণ দিয়ালেও মেঘালয় এতিয়াও ধুনীয়া হৈয়ে আছে। পৰ্যটনে আয়ৰ বাট মুকলি কৰি দিছেই। মাথো সকলো ঠাইতে ( মেঘালয় বুলিয়ে নহয়) চাব লাগে, যাতে এই উদ্যোগে থলুৱালোকসকলৰ আয়ৰ বাট আৰু নিম্ন মধ্যবিত্তীয় পৰ্যটকসকলৰ পকেটৰ প্ৰতিও দৃষ্টি ৰাখে।
আকৌ অহাৰ কথা ভাবি ভাবি উলটি আহিছিলো। লগত লৈ আনিছিলো পকি ৰহ দিয়া আনাৰস, প্লাম, ডাঙৰ ডাঙৰ হাঁহৰ কণী আৰু চিলচিলীয়া শ্বিলঙীয়া কটাৰী। প্ৰায় সোতৰ ঘন্টীয়া যাত্ৰা শেষ কৰি ঘৰ সোমালো ৰাতি বাৰ বজাৰ আগে আগে।

Friday, 22 April 2016

On Motherhood

http://www.theguardian.com/…/…/facebook-motherhood-challenge
I know, this link may upset many of my great friends who are mothers too and have happily uploaded their and their babies' pics accepting the chain challenge. But no matter how rude it seems, such critical diggings may give food for thought of many tastes smile emoticon
I always find it not very interesting to idealise women as mothers or to be very precise 'great mothers', a sacrificing one, instead of seeing them as normal human beings. As the article suggests, one may feel proud as mother, but there is a difference between happiness and smugness. One may be happy being a mother. But this happiness should not turn into a burden to be carried by others who are just not comfortable with the idea or are able to become a mother.
To be very personal, though I am full of love and affection for each and every child I meet, I do not feel very much excited with the idea of having a biological child of my own in future.One reason is that I fear of surgery and another one and more important is, right now, I find such surgeries unnecessary. There are hundreds of children you can adopt and become a mom. Who knows my mind may get changed. But does my current set of mind make me a lesser human being or a woman to be precise? A woman may opt to become mother or not. The words like 'great' or 'challenge' are really unnecessary.
I have seen some of my seniors, friends, relatives having moist eyes who have not been able to become mothers. For the world, they are not only failed to become mothers, they are failed as women too!! Who will realise that such judgements make them believing their lives as living in hell or there are many others who are compelled from outside to give birth of their biological children?
Don't know from when onwards, people will stop counting motherhood (here it implies the ability to give birth of baby) as one of the most important attributes of women!!!   :(

Saturday, 12 March 2016

কালি জ্যেষ্ঠ সহকৰ্মী এজনৰ সৈতে কিবা-কিবি কথা পাতোতে ৰন্ধা-বঢ়াৰ পৰা গৈ মোৰ বিয়াৰ কথা ওলাল। তাৰ পাছত তেওঁ মোক ক'লে যে তেওঁৰ ওচৰত এখন ফটো আছে ( ম'বাইলটোও খুচৰি আছে) য'ত মই ল'ৰা এজনৰ সৈতে বাইকত গৈ আছো। বোধহয় ফাঁচী বজাৰৰ ওচৰত। সুধিলে, সেইজন মোৰ হ'বলগা জীৱন সংগী নহয় জানো? মনত পেলাবলৈ চেষ্টা কৰি দেখিলো ঘটনাটো ছয়/ সাত মাহ মানৰ আগৰ।এৰা, মই এজন বন্ধুৰ সৈতে গৈছিলো এঠাইলৈ।মই সুধিলো, কিহেনো তেওঁক অনুপ্ৰাণিত কৰিলে ফটোখন তুলিবলৈ আৰু ইমানদিন সাঁচি ৰাখিবলৈ।. তেওঁ হেনো ফটোখন মোৰ আচৰিত কৰি দিবলৈ ৰাখি থৈছিল ( আচৰিত বাৰু হৈছিলোৱে !)

মই সুধিলো, "ছোৱালী এজনীৰ লগত বাইকত দেখা হ'লে এনেকৈয়ে ফটো মাৰি থলেহেঁতেননে গাড়ীৰ পৰা?"
তেওঁ নিমাত।
মই তেওঁক প্ৰতিদিন টাইম জইন কৰিবলৈ কৈছো। তাত তেওঁ কেইমাহ মানৰ আগতে 'চুটি কাপোৰ পিন্ধা ছোৱালী' ৰ ওপৰত বাতৰি বনোৱা তেওঁৰ দৰে একে মনৰ বন্ধুজনক লগ পাব।
বুজিলো- 1. আপুনি বাইকত সম্ভাব্য জীৱন সংগীৰ লগতহে উঠাটো নিয়ম/
2. অবিবাহিতা মহিলা/ যুৱতীক অচিনাকী পুৰুষৰ লগত বাইকত ৰাস্তাত দেখিলেও পিছ লৈ মনে মনে ফটো তুলি থব লাগে।


ছাৰজনলৈ আৰু কানহাইয়া আৰু ওমৰৰ ছোৱালী/ মহিলাৰ সৈতে থকা ফটো আপলোড কৰি, কমেন্ট দি ততf নোপোৱাসকললৈ দুটোপাল অশ্ৰু
মানুহবোৰৰ মনবোৰ সলনি হ'ব জানো!

Sunday, 14 February 2016

মছান চাই

ক'ত জানো পাইছিলো, কিবা এটা প্ৰকাশ কৰিবলৈ যদি ভাষাৰ অভাৱ বুলি কোৱা হয়, সেয়া সঁচা নহয়। বৰং সেয়া হৈছে কওঁতাৰ অক্ষমতা অথবা অজুহাত। নিজৰ অক্ষমতাক স্বীকাৰ কৰি কওঁ, অলপতে চোৱা ,এখন চলচ্চিত্ৰ 'মছান' চাইও কি অনুভৱ হ'ল লিখিবলৈ ভাষাৰ অভাৱ অনুভৱ কৰিছো।
'মছান' (অসমীয়াত শ্মশানঘাট) যোৱাবছৰ মুক্তি পোৱা এখন হিন্দী চলচ্চিত্ৰ। বৰূণ গ্ৰভাৰৰ কাহিনী আৰু চিত্ৰনাট্যৰে নতুন পৰিচালক নিৰজ ঘাইৱানে পৰিচালনা কৰা চলচ্চিত্ৰখনত মূল চৰিত্ৰ কেইটাত অভিনয় কৰিছে ৰিচা চড্ডা, বিকী কৌশল, সঞ্জয় মিশ্ৰ আদিয়ে। মূলতঃ দুটা পৃথক কাহিনী সমান্তৰালভাৱে আগবাঢ়ি গৈ শেহৰফালে এডাল ৰেখাত গৈ সংযোজিত হৈছে। কি আছে চলচ্চিত্রখনত?
মছানত দেখুওৱা হৈছে কেনেকৈ কাৰোবাৰ একান্ত ব্যক্তিগত অনুৰাগৰ বিষয়বোৰেও আজিও ভাৰতীয় সমাজত ৰাজহুৱাভাৱে কেনে বিকৃত ৰূপ লয়। নাৰীৰ সন্মানৰ প্ৰতি 'অৱচেছড' অথচ ভোগবাদী সমাজখন কিদৰে বৰ্ণ, জাত-পাতৰ হাতোৰাৰ পৰা এতিয়াও মুক্ত নহয়, কিদৰে সমাজে আৰূপ কৰা অদৃশ্য নিয়ন্ত্ৰণৰ পাকত মানুহৰ মাজৰ মানৱীয় সম্পৰ্কও বিপদাপন্ন হয়।
মছান ধুনীয়া। কোনো ঠাইতে কোনো চৰিত্ৰৰ হতোৱাই কোনো সংলাপত দীঘলীয়াকৈ কাহিনীকাৰে দিব বিচৰা নাই কোনো মেছেজ, কোনো বিষয়ৰ ঔচিত্য-অনৈচিত্যক লৈ। কেৱল ভয়ংকৰভাৱে উদাস অথচ সাংঘাটিকভাৱে দৃঢ় ৰিচা চড্ডাই ৰূপায়িত কৰা চৰিত্ৰটোৰ দুই এটা চুটি চুটি শব্দৰ সংলাপত বা বিকী কৌশলৰ নিৰীহ চৰিত্ৰটোৰ এটা সংলাপত চৰিত্ৰকেইটাৰ ভিতৰত উমি উমি জ্বলি থকা প্ৰতিবাদৰ জুইকুৰাৰ উমান পোৱা যায়। তাৰ বাহিৰে যি কোৱা হৈছে কেৱল কেমেৰাৰে, চৰিত্ৰসমূহে দৈনন্দিন সন্মুখীন হোৱা ঘটনাক্ৰমৰ মাজেৰে, soulful সংগীতৰ মাধ্যমেৰে।
আশাভংগ, হতাশা, বিচ্ছেদৰ মাজেৰে আগবঢ়া দুটা কাহিনী শেষত গৈ লগ হৈছেগৈ মানে ইতিমধ্যে কোনো মৰিশালিৰ ছাইৰ পৰা জন্ম লোৱা ফিনিক্সৰ দৰেই, আকস্মিক দুৰ্ঘটনা, সমাজৰ অলিখিত বান্ধোনৰ আগত নিঃস্ব হৈ ক্ৰমাৎ হেৰাই যাবলৈ উপক্ৰম কৰা মানুহৰ মাজৰ সম্পৰ্ক পুনঃ যেন প্ৰতিস্থাপিত হৈছে, সেয়া লাগিলে বাপেক-জীয়েকৰ সম্পৰ্কই হওক, বা মালিকৰ শিশু কৰ্মচাৰীজনৰ প্ৰতিয়েই হওক কিম্বা জীৱনৰ যাত্ৰাপথত লগ পোৱা এজন অচিনাকী যাত্ৰীৰ দুখৰ প্ৰতি সহাৰি জনোৱা আন এজন অচিনাকী যাত্ৰীয়েই হওক।
চলচ্চিত্ৰখনৰ কাহিনীত পেছাদাৰী লেখক হোৱা সত্বেও বৰূণ গ্ৰোভাৰৰ হৃদয়ৰ তাগিদাক যেন বিচাৰি পাব পাৰি।অৱশ্যে দুটা কাহিনী সংযোজিত কৰি দিয়াটো যেন অত্যন্ত জৰুৰী নাছিল। দুয়োটাকে নিলগাই থৈ দিয়া হলেও কোনো ক্ষতি নাছিল। অৱশ্যেই নতুন-পুৰণিৰ সংঘাতৰ এক আশাবাদী ফলাফলৰ কল্পনাৰ বাবেই কাহিনীৰ এই পৰিণতি বুলি ধৰি ল'ব পাৰি। চিত্ৰনাট্যত ফুটি উঠিছে উত্তৰ ভাৰতৰ বেনাৰসৰ দৰে এখন 'টিপিকেল' সৰু চহৰত থাকিব পৰা, চৰিত্ৰসমূহৰ মাজত থাকিব পৰা সৰু চহৰৰ বৈশিষ্ট্যসমূহৰ ক্ষুদ্ৰাতিক্ষুদ্ৰ বিৱৰণ আৰু ৰসোত্তীৰ্ণ উপস্থাপন। উদাহৰণস্বৰূপে, নিজ সামৰ্থ্যৰ ভিতৰত প্ৰেমিকে প্ৰেয়সীক উপহাৰ দিবলৈ অনা সস্তীয়া মিউজিক প্লেয়াৰটো বান্ধি আনিছে এটা সৰু পলিথিনৰ মোনাত। বোধহয় সৰু চহৰৰ সৰু দোকান এখনত দোকানীয়ে এনেদৰেই সামগ্ৰী বান্ধি দিব (অসমীয়া চলচ্চিত্ৰত এনে সূক্ষ্ম ডিটেইলছবোৰ কেতিয়াবা চাবলৈ পামনে?)।
অৱশ্যে এইখিনিতে অলপ আপত্তি শিশু এজনক কৰ্মচাৰীৰূপে দেখুওৱাত। হয়তো বাস্তৱৰ আচল প্ৰকাশৰ স্বাৰ্থতে এয়া কৰা হৈছে (আনকি শিশুসকলক নদীত ডুব মাৰি খুচুৰা পইছা উদ্ধাৰ কৰোৱাৰ দৰে বিপদজনক কাম দি জুৱা খেল চলোৱা হয়, কথাটো নাজানিছিলো)। তথাপিও, নিজে চিন্তা কৰিব জনা নায়িকাইও এই কথাটো নিচেই সহজভাৱে লোৱাটোতে আপত্তিটো।তাৰোপৰি জাত-পাতক লৈ এক মুখা-মুখি সংঘাত আশা কৰা গৈছিল। যিটোৰ সম্ভাৱনা কাহিনীকাৰে নোহোৱা কৰি পেলালে। সেয়ে মাজে মাজে ভাৱ হৈছিল, প্ৰতিবাদী যেন লাগিলেও যেন মছান ঠিক তাৰ বাবে উপযুক্তভাৱে সাজু হৈ নুঠা বা হ'বলৈ নিদিয়া এক কণ্ঠ।
কেমেৰাৰ কামক, বিশেষকৈ ই ধৰি ৰখা কিছু দৃশ্য যেনে ৰাস্তাত দুটা চৰিত্ৰই হাতে-হাত ধৰি থকা অৱস্থাত আন মানুহৰ প্ৰতিক্ৰিয়াৰ প্ৰতিনিধি হিচাপে কাপোৰৰ দোকানত সজাই থোৱা নিমাত হৈ থাকিলেও ডামীকেইটাই একেথৰে চাই থকা যেন লগা দৃশ্যটো, বুদ্ধিমত্তাৰে লোৱা অন্তৰংগ মূহুৰ্তকেইটা আৰু কোনো কৃপণালি নকৰাকৈ লোৱা ৰাতিৰ গংগাৰ দৃশ্যকেইটাৰ বাবে ক্ৰেডিট দিবই লাগিব।
অভিনয়ত থকা স্বাভাৱিকতা পৰিচালকৰ কৃতিত্ব নে অভিনেতা-অভিনেত্ৰীসকলৰ কোৱা টান। কিন্তু পৰিচিত পুৰণি সকলৰ পৰা নৱাগত, এনেকি শিশু শিল্পী গৰাকীলৈকে সকলোৰে অভিনয় স্বাভাৱিক। জড়তা আৰু নাটকীয়তাবিহীন।
মছান চাই শেষ কৰাৰ পাছত চকু মুদিলেই মোৰ দৰে বহুতৰে হয়তো সমুখলৈ প্ৰথমে আহিব এখন মুখ - বিকী কৌশলৰ- তেওঁৰ অত্যন্ত বিশ্বাসযোগ্য অভিনয়ৰ বাবে আৰু কাণত হয়তো বাজি থাকিব ইন্ডিয়ান অ'চেনৰ সেই পাহৰিব নোৱাৰা গীতটি-"তু কিছী ৰেইল চি গুজৰতী হ্যে, ম্যে কিছী পুল চা ঠৰঠৰাতা হুঁ ..."।

Thursday, 4 February 2016

মেঘালয়ৰ মাতৃপ্ৰধান সমাজঃ কল্পনা, বাস্তৱ আৰু প্ৰত্যাহ্বান


পুৰুষতান্ত্ৰিক সমাজখনত নাৰীৰ অৱস্থানৰ বিপৰীতে চুবুৰীয়া মেঘালয়ৰ খাচী-জয়ন্তীয়া-গাৰোসকলৰ মাতৃপ্ৰধান সমাজৰ কেতবোৰ দিশ চোৱা যাওক।
মাতৃপ্ৰধান সমাজত স্বাভাৱিকতেই সন্তানসকলে আহৰণ কৰে মাতৃৰ বংশ পৰিচয়। সেয়া মেঘালয়ৰ খাচী, গাৰো আৰু জয়ন্তীয়াসকলৰ মাজত চলি অহা পাৰম্পৰিক প্ৰথা। পিছে অলপ ফঁহিয়াই চালে দেখা যায় যে মাতৃপ্ৰধান হ'লেও এইকেইখন সমাজ মাতৃতান্ত্ৰিক নহয়।
এইটো সত্য যে খাচী,গাৰো সমাজত যৌতুক প্ৰথা নাই, খাচীসকলৰ 'খাটডু' আৰু গাৰোসকলৰ 'নক্ৰম' (ঘৰৰ কণিষ্ঠ কন্যা সন্তান) সকলে পৈতৃক সম্পত্তি আৰু পৈতৃক গৃহৰ মালিকীস্বত্ব পায়। আনকি বিয়াৰ পাছত সচৰাচৰ দেখাৰ বিপৰীত চিত্ৰ পুৰুষসকলহে মহিলাৰ ঘৰলৈ থাকিবলৈ যোৱা দেখিবলৈ পোৱা যায়।স্বাভাৱিকতেই মহিলাসকলে সামাজিক জীৱনত ভাৰতৰ আন ঠাইৰ তুলনাত অধিক সবলভাৱে আত্মপ্ৰকাশৰ সুবিধা পায়। ঘৰ-দুৱাৰ চম্ভালাৰ উপৰিও ব্যৱসায়-বাণিজ্যৰ ক্ষেত্ৰখনতো বিশেষকৈ খাচী মহিলাসকল আগৰণুৱা (এইক্ষেত্ৰত পিতৃতান্ত্ৰিক সমাজৰ হোৱা স্বত্বেও মণিপুৰৰ মেইটেই মহিলাসকলৰো কৰ্মোদ্যম লেখতলবলগীয়া)।
বাহিৰৰপৰা দেখা মহিলাৰ এনে অৱস্থানৰ বাবেই যিসময়ত বাহিৰৰ মানুহে আশ্চৰ্যচকিত হয় বিশ্বৰ একেবাৰে আঙুলিৰ মূৰত লেখিবপৰা এখন মাতৃপ্ৰধান সমাজ হিচাপে, আভ্যন্তৰীণভাৱে কিন্তু নগণ্যসংখ্যক পুৰুষে গঢ়ি তোলা (2000-3000জন) এচআৰটি (Syngkhing Rympei Thymmai) আন্দোলনে মাতৃপ্ৰধান ব্যৱস্থাৰ বিৰোধিতা কৰি আহিছে। এচআৰটিৰ নেতাসকলৰ মতে এনে ব্যৱস্থাই সমাজত পুৰুষসকলৰ স্থান অৱনমিত কৰিছে বিশেষকৈ পৈতৃক সম্পত্তিৰ ওপৰত অধিকাৰহীনতাই । মদ বা ড্ৰাগচৰ আসক্তি এইটো কাৰণতে হেনো পুৰুষসকলৰ মাজত গঢ় লৈ উঠিছে।আমোদজনকভাৱে, তেঁওলোকে এনে ব্যৱস্থাৰ পৰিৱৰ্তন বিচাৰে কিন্তু সম অধিকাৰৰ ভিত্তিত নহয় বৰঞ্চ পিতৃতান্ত্ৰিক প্ৰথা আন ৰাজ্যৰ দৰে মেঘালয়তো প্ৰৱৰ্তন কৰিহে।
বাহিৰৰ মানুহে ভবাৰ দৰে বা কিছু নগণ্যসংখ্যক সেই সমাজৰ পুৰুষে কোৱাৰ দৰে বিশেষকৈ খাচী আৰু গাৰো সমাজত মহিলাৰ স্থান কেনেকোৱা? জ্যেষ্ঠ সাংবাদিক মাননীয়া পেট্ৰিচিয়া মুখিমে ক'বৰ দৰে (যি নিজেই এগৰাকী খাচী সমাজৰ সদস্যা), তেখেতৰ ব্যক্তিগত উত্তৰণত মাতৃপ্ৰধান সমাজখনৰ পৰম্পৰাই যথেষ্ট সহায় কৰিছিল যদিও খাচী সমাজত সম্পত্তিৰ অধিকাৰ একেমুখে মহিলাৰ হাতত থাকে বুলি ক'ব নোৱাৰি। যেনে, যদিও দেখাত ঘৰখনৰ সৰু ছোৱালীজনীয়ে পৈতৃক গৃহকে ধৰি আন স্থাৱৰ সম্পত্তিৰ মালিকীস্বত্ত্ব পায়, তাই সেইখিনি আচলতে চোৱা-চিতাহে কৰিবলৈ অধিকাৰ পায়। পৈতৃক স্থাৱৰ সম্পত্তি বেচা-কিনা কৰিবলৈ গ'লে মোমায়েকৰ লগত দিহা-পৰামৰ্শ কৰিব লগা হয়। মোমায়েকেই এই ক্ষেত্ৰত শেষ সিদ্ধান্ত লয়। গাৰোসকলৰ ক্ষেত্ৰতো প্ৰায় একে নিয়মেই খাটে। গতিকে সম্পত্তিৰ অধিকাৰত মহিলাৰ একক আধিপত্যতো নায়েই বৰঞ্চ এজন পুৰুষ(মোমায়েক) ৰ অধীনত কাম কৰা একোগৰাকী মেনেজাৰ বা পৰিচালকৰ লগত তুলনা কৰিব পাৰি।
বিয়া-বাৰুৰ ক্ষেত্ৰতো দেখা যায় যদিও খাচী সমাজত ঘৰৰ পৰা চাই-চিতি পতা প্ৰথা নাই, কিন্তু গাৰোসকলৰ ক্ষেত্ৰত নক্ৰম বা পৈতৃক সম্পত্তিৰ অধিকাৰী হ'বলগা ছোৱালীজনীয়ে দেউতাকৰ ভতিজাক বা নাথাকিলে দেউতাকৰ মাকৰ বংশৰ কাৰোবাক বিয়া কৰাব লগা হয়। ইয়াত নিজৰ পছন্দ-অপছন্দৰ কথা নাহে। সময়ৰ লগে লগে তাত কিছু পৰিৱৰ্তন আহিছে।আনকি খ্ৰীষ্টধৰ্মৰ প্ৰসাৰৰ লগে লগেহে বিয়াই এক সামাজিক অনুষ্ঠান হিচাপে বহল স্বীকৃতি পালে। তাৰ লগে লগে খাচী সমাজত চলি থকা বহু-বিবাহো(বহুগামী সম্পৰ্কও) কমিল।
খ্ৰীষ্টধৰ্ম জনপ্ৰিয় হোৱা আৰু আধুনিকতাৰ প্ৰৰসাৰৰ লগে লগে আৰু বিবাহৰ আনুষ্ঠানিক ৰূপ আৰু প্ৰধানকৈ শিক্ষাৰ পোহৰ পোৱা কিছু পুৰুষে বাহিৰৰ সমাজবোৰৰ সংস্পশলৈ আহিও ক্ৰমে নিজৰ মাতৃপ্ৰধান সমাজখনৰ প্ৰথাবোৰ অসহজ অনুভৱ কৰিবলৈ লৈছে। সেয়ে হয়তো কিছু শিক্ষিত গাৰো আৰু খাচী পুৰুষে পৰম্পৰাৰ বিৰুদ্ধে গৈ বিবাহৰ পাছত নিজৰ ঘৰলৈ পত্নীক আনিছে আৰু সন্তানক নিজৰ উপাধি দিছে।
আধুনিকতাৰ পৰশ কৃষি বা ব্যৱসায়ক্ষেত্ৰতো দেখা পোৱা গৈছে। সাধাৰণতে মেঘালয়ৰ সৰু-সুৰা দোকান-পোহাৰ বা খেতি-পথাৰলৈ গ'লে দেখা পোৱা যায় মহিলাসকলৰ দপদপনি। কাৰণ তেঁওলোক স্বভাৱতে কৰ্মোদ্যমী। পিছে বৃহৎ পৰিসৰত যেতিয়া ব্যৱসায়িকভাৱে খেতি কৰিবলৈ বেংকসমূহে ঋণ দিবলৈ ল'লে তেতিয়া পুৰুষসকলৰ নামতহে দিবলৈ উৎসাহিত হোৱা দেখা গ'ল।মানে ঘৰৰ মূৰব্বীক। আৰু মাতৃপ্ৰধান হ'লেও খাচী বা জয়ন্তীয়া বা গাৰো সমাজৰ পৰিয়ালৰ মূৰব্বী পিতৃসকলেই।গতিকে বৃহৎ পৰিসৰৰ কৃষি বা ব্যৱসায়ত মহিলাসকলৰ দখল আৰু পুৰুষসকলৰ সৈতে অংশ লোৱাৰ অধিকাৰ ক্ৰমশঃ কমি আহিছে। এতিয়া নিজৰ নামত ঋণ লোৱা পুৰুষসকলে নিজেই সিদ্ধান্ত লয়, তেওঁলোকে কিহৰ খেতি কৰিব বা লাভৰ টকা কিহত খৰচ কৰিব। বিশেষকৈ গাৰো পাহাৰত ৰবৰ খেতি জনপ্ৰিয় হোৱাৰ পাছত এই ধাৰাটো দেখিবলৈ পোৱা গৈছে।
আৰু এটা কথা আচৰিত যেন লাগিলেও সঁচা যে মেঘালয়ত ঘৰুৱা হিংসাৰ
হাৰ অতি উচ্চ।নৰ্থ ইষ্ট নেটৱৰ্ক নামৰ
সংস্থাটোৱে চলোৱা এটা সমীক্ষাত প্ৰতি
পাঁচগৰাকীৰ তিনিগৰাকী মহিলাই পুৰুষৰ হাতত ঘৰুৱা
হিংসাৰ বলি হয় বুলি প্ৰকাশ পাইছিল।
শেহতীয়া লোক গনণাতো ৰাজ্যখনত পুৰুষতকৈ মহিলাৰ সাক্ষৰতাৰ হাৰ কম। কন্যা শিশুৰ অনুপাতো মেঘালয়ত কমি আহিছে।
আৰু এটা গুৰুত্বপূৰ্ণ দিশ যিটোত পৰম্পৰাগত
মাতৃপ্ৰধান সমাজখনেও মহিলাসকলৰ প্ৰতি বৈষম্যমূলক
আচৰণ কৰি আহিছে সেয়া হৈছে ৰাজনৈতিক ক্ষেত্ৰখনত মহিলাৰ প্ৰৱেশ নিষিদ্ধকৰণৰ জৰিয়তে। উত্তৰ-পূৱৰ সকলোবোৰ জনজাতীয় পৰম্পৰাগত আইনেই মহিলাসকলক ৰাজনৈতিক তথা প্ৰশাসনিক ক্ষেত্ৰত অংশগ্ৰহণৰ কোনো সুৰুঙা ৰখা নাই।সেয়ে গাওঁ সভাসমূহত নাথাকে এগৰাকীও মহিলা সদস্য। আনকি এনে সভাবোৰত মাতৃপ্ৰধান সমাজৰ মহিলাসকলৰো মাত মতাৰ অধিকাৰ নাই। আধুনিক শিক্ষাৰ পৰশেও মহিলাসকলৰ মনত সোমাই থকা এক সংকোচবোধে এতিয়াও নিৰ্বাচনকেন্দ্ৰিক ৰাজনৈতিক ক্ষেত্ৰখনলৈ তেওঁলোকক আকৰ্ষণ কৰিব পৰা নাই বুলি বহুতৰ মত।যিটোৰ হয়তো যথেষ্ট গুৰুত্ব আছে।
নিজৰ মাটি বাহিৰা মানুহৰ হাতৰ পৰা বচাই ৰখাৰ নামত কেইটামান স্থানীয় সংগঠনে এতিয়া আনকি খাচী মহিলাসকলক নিজৰ জীৱনসংগী নিজৰ ইচ্ছাত বাচি লোৱাতো আপত্তি কৰি বাহিৰা কোনো পুৰুষকে বিয়া কৰোৱাটো নিষিদ্ধ কৰিব বিচাৰিছে। তেওঁলোকৰ যুক্তি হ'ল, বাহিৰৰ বহু পুৰুষে খাচী মহিলাক বিয়া কৰাই মেঘালয়ত নিগাজীকৈ বহি গৈছে যাৰ ফলত থলুৱাসকলৰ মাটি বহিৰাগতৰ হাতলৈ গুচি গৈছে। আচলতে মাটিৰ বা সম্পত্তিৰ মালিকীস্বত্ত্ব হয়তো মহিলাসকলৰ নামতে থাকে, কিন্তু চুবুৰীয়া ৰাজ্যৰ পিতৃতান্ত্ৰিক প্ৰথাই সংগঠনসমূহৰ বিষয়ববীয়াসকলক নতুনকৈ চিন্তা কৰিবলৈ শিকালে। এতিয়া এনে পৌৰোষিক হেঁচাই মাতৃপ্ৰধান বুলিয়ে নহয়, এগৰাকী মানুহ হিচাপে মহিলাসকলৰ অধিকাৰত ভাবুকিৰ সৃষ্টি কৰিছে।
গতিকে দেখা যায় যে মাতৃপ্ৰধান সমাজ সত্বেও খাচী বা গাৰো সমাজত যে নাৰীৰ স্থান পিতৃতান্ত্ৰিক সমাজত পুৰুষৰ দৰেই, তেনে নহয়। আধুনিকতাই কেতবোৰ যোগাত্মক পৰিৱৰ্তন আনিলেও উদাৰীকৰণৰ বতাহ ছাটিত উৰি অহা কেতবোৰ পিতৃতান্ত্ৰিক মূল্যবোধে এনে সমাজত লিংগৰ সমতা স্থাপনৰ ক্ষেত্ৰতো প্ৰত্যাহ্বান হিচাপেহে ঠিয় দিবলৈ ধৰিছে।
(বিঃদ্ৰঃ লেখাটি যুগুতাওতে নিজা অভিজ্ঞতাৰ উপৰিও বিভিন্নজনৰ লেখা বিশেষকৈ জ্যেষ্ঠ সাংবাদিক পেট্ৰিচিয়া মুখিমৰ প্ৰৱন্ধ আৰু লিখিত সাক্ষাৎকাৰ, বিশিষ্ট সমাজতত্ববিদ ৱাল্টাৰ ফাৰ্ণাৰ্ণ্ডেজৰ অধীনত গাৰোসকলৰ মাজত চলোৱা সমীক্ষাৰ ফলাফলৰ সহায় লোৱা হৈছে।)